মাজুলী, 10 এপ্ৰিল:ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়া শীঘ্ৰে প্ৰতিকাৰৰ ব্যৱস্থা কৰিব নোৱাৰিলে সমাগত লোকসভা নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ মাজুলীৰ ভকত চাপৰি 1 নং পদুমণিবাসী ৰাইজৰ ৷ সমস্যাৰ সমাধান বিচাৰি বাৰাম্বাৰ বিধায়ক-সাংসদক আবেদন জনায় অহা হৈছে যদিও কোনেও কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে ভুক্তভোগী ৰাইজে ৷
পদুমণিবাসী ৰাইজে এই সন্দৰ্ভত কয়, "ভোট দিবলৈ আমি ঘৰ এৰো কেনেকৈ, ভোট দিবলৈ যোৱাৰ সময়ত যদিহে আমাৰ ভেটিটো ব্ৰহ্মপুত্ৰত জাহ যায় ৷ কিছুদিন পূৰ্বে বিধায়কগৰাকীয়ে কিছু দূৰত ভোট বিচাৰি আহিছিল যদিও আমাৰ অৱস্থাৰ বুজ ল’বলৈ এবাৰো নাহিল বিধায়কগৰাকী । আনকি তেখেতক আমাৰ অৱস্থা নিৰীক্ষণ কৰিবলৈ এই স্থানলৈ মাতিছিলো যদিও তেওঁলোক নাহিল ৷ যাৰ বাবে আমি ভোট বৰ্জনৰ দৰে কাৰ্যসূচী ল’বলগীয়া হৈছে । মুখ্যমন্ত্ৰীয়ে নাচি-বাগি উজনি অসমত ভোট ভিক্ষা কৰিছে, আমি একে সময়তে উজাগৰী নিশা কটাইছো ।"
উল্লেখ কৰা প্ৰয়োজন যে, খহনীয়া সমস্যাৰ সমাধান বিচাৰি বিগত উপ-নিৰ্বাচনত ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ভকত চাপৰিৰ ৰাইজে । ইয়াৰ পাছতেই মুখ্যমন্ত্ৰীয়ে ভকত চাপৰিত সভা কৰি প্ৰতিশ্ৰুতি দিছিল যে ভকত চাপৰিত এচপৰা ভূমিও ব্ৰহ্মপুত্ৰত জাহ নাযায় । নিৰ্বাচনৰ সময় উকলাৰ সমান্তৰালভাৱে মুখ্যমন্ত্ৰী, স্থানীয় বিধায়ক সকলোৱে পাহৰি পেলালে এই প্ৰতিশ্ৰুতি ।