মাজুলী:বৰপেটাৰোডত উদ্ধাৰ হোৱা পপী হাজৰিকাৰ বাসগৃহত এতিয়া বিৰাজ কৰিছে এক শোকাকূল পৰিৱেশ । বৃহস্পতিবাৰে পুৱাৰ ভাগত পপী হাজৰিকাৰ নিথৰ দেহ লৈ অহা হয় মাজুলীলৈ ।
পপী হাজৰিকাৰ আত্মীয়ৰ অভিযোগ- প্ৰীতম ডেকা বুলি ভুৱা পৰিচয় দি কিশোৰীগৰাকীক বিয়া কৰাই তেওঁক হত্যা কৰে । কোনো কোনো স্থানত গাড়ীৰ চালক হিচাপে কৰ্মৰত বুলি পৰিচয় দিয়াৰ লগতে মাজুলীৰ যুৱতীগৰাকীৰ গৃহতো উপস্থিত হৈছিল যুৱকজন ।
মাজুলী পালেহি পপীৰ নিথৰ দেহ (ETV Bharat Assam) পপী হাজৰিকাৰ গৃহলৈ Alto K10, AS 15 AA 8272 নম্বৰৰ বাহন লৈ আহিছিল । দুবছৰৰ পৰা কিশোৰীগৰাকী যুৱকজনৰ লগত থাকে যদিও যুৱকজনৰ পিতৃ-মাতৃৰ লগত পৰিচয় কৰাই নিদিলে মৃত পপী হাজৰিকাৰ পৰিয়ালক । ইফালে পপী হাজৰিকাৰ পৰিয়ালক দিয়া আধাৰ কাৰ্ডতো যুৱকজনৰ নাম প্ৰীতম ডেকা হিচাপেই উল্লেখ আছে । কিন্তু প্ৰীতম ডেকাই মাজুলীৰ পপীৰ ঘৰলৈ আহোঁতে ব্যৱহাৰ কৰা গাড়ীখন মন্দিয়া বৰদলনীৰ ছানিদুল ইছলামৰ নামত পঞ্জীয়ন কৰা বুলি উল্লেখ কৰে ।
পৰিয়ালৰ লোকে সন্দেহ কৰি বাহনখনৰ নম্বৰ লিখি ৰাখি থৈছিল । সেয়ে প্ৰীতম ডেকাৰ প্ৰকৃত পৰিচয় ছানিদুল ইছলাম হ'ব পাৰে বুলি সন্দেহ কৰে পৰিয়ালৰ লোকে । পপী হাজৰিকাৰ ঘৰত যুৱকজনে দিয়া আধাৰ কাৰ্ডৰ নম্বৰ ভুৱা বুলি বৰ্তমান জানিব পৰা গৈছে । আধাৰ কাৰ্ডখনত থকা নম্বৰ কেইটা অবৈধ বুলি প্ৰমাণিত হৈছে । ইফালে পপী হাজৰিকাক মানসিক তথা শাৰীৰিক অত্যাচাৰ কৰাৰ অভিযোগ তুলিছে পপীৰ ভিনিহিয়েক আৰু বায়েকে । পপীৰ ভিনিহিয়েক তথা পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি মিছা পৰিচয় দি ছোৱালীজনীক হত্যা কৰা দোষীয়ে উচিত শাস্তি লাভ কৰিব লাগে ।