অসম

assam

ETV Bharat / state

ৰাস মহোৎসৱত মাজুলীত পদূলিয়ে পদূলিয়ে জ্বলিব লক্ষাধিক বন্তি - MAJULI RAAS 2024

শিশুকৃষ্ণৰ জন্মলীলাৰ লগতে সম্পূৰ্ণ মহাৰাস উপভোগ কৰিবলৈ মাজুলীলৈ আগমন ঘটিছে দেশী-বিদেশী পৰ্যটকৰ ৷ ৰাস দৰ্শনাৰ্থীক আদৰিবৰ বাবে সাজু হৈছে প্ৰশাসন ।

Majuli Raas Preparation
ৰাস মহোৎসৱৰ প্ৰস্তুতি (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 11, 2024, 5:38 PM IST

মাজুলী:মাজুলীৰ গৌৰৱ ৰাস মহোৎসৱলৈ মাজত মাথো কেইটামান দিন । ৰাস মহোৎসৱৰ দিন যিমানেই ওচৰ চাপি আহিছে সিমানেই তৎপৰতা বৃদ্ধি পাইছে মাজুলীবাসীৰ মাজত । হাজাৰ হাজাৰ দৰ্শনাৰ্থীক আদৰিবলৈ সাজু হৈছে মাজুলীবাসী । সাজু কৰি তোলা হৈছে ৰংগমঞ্চসমূহৰ লগতে সত্ৰসমূহ সত্ৰনগৰীত মাজুলীটো এতিয়া উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে । দিনৰ ভাগৰ পৰা নিশা দুপৰলৈকে চলিছে কংস বধৰ আখৰা, কৃষ্ণৰ বাঁহীৰ সুমধুৰ সুৰ । ৰাস উৎসৱৰ মূৰ্চনাত বিলীন সত্ৰপীঠ মাজুলী । খোল-তাল, বাঁহীৰ সুৰ, ৰাস গীতৰ মধুৰ ধ্বনিৰে মুখৰিত হৈছে সত্ৰ নগৰী মাজুলী ।

মাজুলীৰ সত্ৰসমূহৰ লগতে ৰংগমঞ্চসমূহত দিনৰ পৰা দোভাগ নিশালৈকে চলিছে ৰাসৰ আখৰা । মঞ্চই মঞ্চই শুনা গৈছে কংসৰ গর্জন, কৃষ্ণৰ বাঁহীৰ অমিয়া সুৰ । এককথাত ক'বলৈ গ'লে দ্বিতীয় বৃন্দাবনলৈ পৰ্যবসিত হৈছে মাজুলী । ৰাস মহোৎসৱৰ বাবে মাজুলীবাসীৰ লগতে সাজু হৈছে মাজুলী জিলা প্ৰশাসনো ।

ৰাস মহোৎসৱৰ প্ৰস্তুতি (ETV Bharat Assam)

দিনৰ ভাগত থাকিব অবিৰত ফেৰীসেৱা

এইবাৰ মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত ৰাস দৰ্শনাৰ্থীক আদৰিবৰ বাবে মাজুলীৰ পদূলিয়ে পদূলিয়ে জ্বলিব লক্ষাধিক মাটিৰ চাকি । ইফালে, ৰাস দৰ্শনাৰ্থীসকল অহা-যোৱা কৰিবলৈ যাতে ফেৰীৰ সমস্যা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি দিনৰ ভাগত চলিব অবিৰত ফেৰী । আনহাতে, দক্ষিণপাটত নিৰ্মাণ হৈছে নতুন ফেৰীঘাট । যাত্ৰীসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বাতিল কৰা হৈছে ফেৰীসেৱাৰ অনলাইন টিকট ।

সকলো পক্ষক সক্ৰিয় হৈ থকাৰ আহ্বান

ডিব্ৰুগড়, বগীবিল আৰু লখিমপুৰ-ঢকুৱাখনা হৈও নিজা গাড়ীৰে আহিব পাৰিব মাজুলীলৈ । ৰাস দশনাৰ্থীয়ে যাতে ৰাস দর্শন কৰি উভতি যোৱাৰ সময়ত নেতিবাচক বাৰ্তা নিব নোৱাৰে তাৰ প্ৰতি সকলো পক্ষক সক্ৰিয় হৈ থকাৰ আহ্বান জনাইছে মাজুলী জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠকে । পৰ্যটকসকলে যাতে মাজুলীত প্ৰৱেশ কৰাৰ লগে লগে এক আধ্য়াত্মিক পৰিবেশ অনুভৱ কৰিব পাৰে তাৰ বাবে সকলোকে সাজু হ'বলৈ জিলা আয়ুক্তগৰাকীয়ে আহ্বান জনাইছে ।

লগতে পঢ়ক:ৰাসৰ আখৰাত ব্যস্ত মাজুলীয়াল

পবিত্ৰ লক্ষ্মী পূৰ্ণিমাৰ দিনাই মাজুলীত আৰম্ভ হ’ল ৰাসৰ নাট মেলা পৰ্ব

ABOUT THE AUTHOR

...view details