গুৱাহাটী, ৩ অক্টোবৰ :প্ৰায় এমাহ ধৰি বন্ধ হৈ থকা মাজুলী-যোৰহাট সংযোগী দলঙৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰাৰ ক্ষেত্ৰত নতুনকৈ নিবিদা আহ্বান কৰাৰ ইংগিত দিছে পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে । এই কথা বৃহস্পতিবাৰে এক্সৰ এটা পোষ্টৰ জৰিয়তে সদৰী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
উল্লেখ্য যে দুই নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ খামখেয়ালিৰ পৰিণতিত দীর্ঘদিনে যোৰহাট-মাজুলী সংযোগী দলঙৰ কাম স্থৱিৰ হৈ থকা ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ পাচত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিষয়টোত হস্তক্ষেপ কৰে । গুৰুত্বপূৰ্ণ দলংখনৰ বন্ধ হৈ থকা নিৰ্মাণকাৰ্য আৰম্ভ কৰা আৰু নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাই কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ দপ্তৰৰ মন্ত্ৰী নীতিন গাডকাৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল মুখ্যমন্ত্ৰীয়ে ।
যোৱা ২৬ ছেপ্টেম্বৰৰ এই পত্ৰখনৰ কথা মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে ৰাজহুৱা কৰিছিল । এই সন্দৰ্ভত বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীয়ে এক্সত কয়, "পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক দিল্লীৰ বিমানবন্দৰত সাক্ষাৎ কৰা হৈছিল । মাজুলীৰ দলংখনৰ বিষয়টো তেওঁ ব্যক্তিগতভাৱে পৰ্যবেক্ষণ কৰি থকা বুলি মোক আশ্বাস দিছে । লগতে পূৰ্বৰ ঠিকাদাৰে এই কাম কৰাৰ বাবে আগবাঢ়ি নাহিলে নতুনকৈ নিবিদা আহ্বান কৰা হ'ব বুলি গাডকাৰীয়ে উল্লেখ কৰিছে । এই সন্দৰ্ভত শীঘ্ৰেই সিদ্ধান্ত গ্ৰহণ কৰা হ'ব ।"
উল্লেখ্য যে যোৱা ৫ ছেপ্টেম্বৰৰ পৰা দলংখনৰ নিৰ্মাণকাৰ্য বন্ধ হৈ থকাৰ ঘটনাক লৈ বিভিন্ন দল-সংগঠন আৰু স্থানীয় লোকে চৰকাৰৰ বিৰুদ্ধে প্রতিক্রিয়া প্রকাশ কৰাৰ সময়তে যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়েও যোৱা বৃহস্পতিবাৰে মুখ্যমন্ত্রী ড৹ শর্মালৈ যোৰহাট-মাজুলী সংযোগী দলংখনৰ বন্ধ হৈ থকা কাম পুনৰ আৰম্ভ কৰাৰ লগতে আৰু কেইবাটাও বিষয় উল্লেখ কৰি এখন পত্ৰ প্ৰেৰণ কৰে ।