গুৱাহাটী, ১৮ ফেব্ৰুৱাৰী : ৰে’ল ষ্টেচন, ফুটপাথ অথবা টিভি ষ্টুডিঅ’ ৷ বিশেষভাৱে সক্ষম তথা দৃষ্টিশক্তিহীন কোনো লোকক দেখিলে সাধাৰণতে সকলোৰে সহমৰ্মিতা ওপজে ৷ সেয়া স্বাভাৱিক ৷ তাতে যদি লোকজন প্ৰতিভাৱান হয়, তেন্তে সকলোৱে তেওঁক পাৰ্যমানে সহায়ৰ বাবে আগবাঢ়ি যায় ৷ কিন্তু মাধৱে যেন সেই মানসিকতাত একপ্ৰকাৰে তলা মাৰিলে ৷
দৃষ্টিহীন বাবে ৰঙীণ পৃথিৱীখন নেদেখিলেও, আন্ধাৰ জগতৰ কৰ্ম-কাণ্ডবোৰৰ বিষয়ে বাৰুকৈয়ে জ্ঞাত মাধৱ দাস ৷ নুনমাটিৰ কিশোৰী অপহৰণৰ ঘটনাৰ সন্দৰ্ভত পোহৰলৈ অহা কেতবোৰ তথ্যই ৰাইজৰ মনৰ পৰা যেন মচি দিছে বিশেষভাৱে সক্ষম লোকৰ প্ৰতি থকা বহু ধাৰণা ৷ দুচকুৰে নেদেখিলেও কিদৰে কিশোৰী-যুৱতীক ফুচুলাই প্ৰেমত পেলাব পাৰি, অপহৰণ কৰিব পাৰি সেয়াও যে এগৰাকী দৃষ্টিহীন লোকে জানে সেই কথা প্ৰমাণ কৰিলে মাধৱ দাসে ৷
এসময়ত জুবিন গাৰ্গৰ গীত গাই ৰাইজৰ মনত স্থান লোৱা মাধৱ এইবাৰ কুখ্যাত হৈ পৰিল কিশোৰী অপহৰণ কৰি ৷ প্ৰথম অৱস্থাত এই কথা বহুতেই বিশ্বাসত ল’ব পৰা নাছিল যদিও আৰক্ষীৰ তদন্তই পোহৰলৈ অনা ন-ন তথ্যই আচৰিত কৰি তুলিছে সকলোকে ৷ আশ্বৰ্যজনকভাৱে 14 ফেব্ৰুৱাৰীত গুৱাহাটীৰ নুনমাটিৰ দুই কিশোৰী অপহৰণৰ অন্যতম অভিযুক্ত দৃষ্টিহীন মাধৱ দাস ৷
ব্লেকমেইলিঙত সিদ্ধহস্ত মাধৱে কিশোৰী দুগৰাকীৰ গোপন ফটো দেখুৱাই অপহৰণ কৰা কাণ্ডত চকু কপালত উঠিছে সকলোৰে ৷ ব্লেকমেইলিং কৰি গুৱাহাটীৰ পৰা কিশোৰী দুগৰাকীক টিহুলৈ লৈ গৈছিল মাধৱে ৷ এই ক্ষেত্ৰত মাধৱক সহায় কৰিছিল বুদ্ধজিৎ কলিতা আৰু অৰুণ দাসে ৷ শিশু কল্যাণ ন্যাসে অপহৃত কিশোৰী দুগৰাকীৰ ভাষ্য গ্ৰহণ কৰাৰ পিচতে POCSOৰ অধীনত নুনমাটি আৰক্ষীয়ে ২৬/২৪ নম্বৰত এটা গোচৰ ৰুজু কৰিছে তিনি অপহৰণকাৰীৰ বিৰুদ্ধে ৷ উক্ত গোচৰত সংযোজন কৰা হৈছে ভাৰতীয় দণ্ডবিধি আইনৰ একাধিক ধাৰা ৷ ইতিমধ্যে আৰক্ষীয়ে পুনৰ 7 দিনৰ জিম্মাত লৈছে তিনিও অভিযুক্তক ৷