গুৱাহাটী, ১৬ ফেব্ৰুৱাৰী:পশ্চিম বংগৰ কোচবিহাৰস্থিত মধুপুৰ সত্ৰৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে । মধুপুৰ সত্ৰৰ উন্নয়নৰ বাবে প্রায় ৩০ কোটি টকাৰ পৰিকল্পনা প্রস্তুত কৰিছে ৰাজ্য চৰকাৰে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শুক্ৰবাৰে 'এক্স" ৰ জৰিয়তে এই কথা সদৰী কৰিছে । মুখ্যমন্ত্ৰী গৰাকীয়ে 'এক্স"ৰ জৰিয়তে কয় ,"মধুপুৰ সত্ৰৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে নামঘৰ, ভকতসকলৰ বাবে অতিথিশালা আদি নিৰ্মাণৰ বাবে প্ৰায় ৩০ কোটি টকাৰ এটি পৰিকল্পনা প্রস্তুত কৰিছে । "
উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত বৃহস্পতিবাৰে জনতা ভৱন পৰিসৰৰ লোকসেৱা ভৱনৰ সভাকক্ষত মধুপুৰ সত্ৰৰ নৱগঠিত সাধাৰণ সমিতিৰ প্ৰথমখন সভা অনুষ্ঠিত হয় । এই সভাত ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে পশ্চিম বংগৰ কোচবিহাৰস্থিত শ্ৰীশ্ৰীমধুপুৰ সত্ৰৰ সৈতে মহাপুৰুষজনাৰ জীৱনৰ নিবিড় সম্পর্ক আছে । তেওঁ লগতে কয় যে তেৰাৰ জন্ম বটদ্ৰৱাত, কর্ম পাটবাউসীত আৰু মহাপ্রয়াণ হৈছিল মধুপুৰত ।