অসম

assam

ETV Bharat / state

কাজিৰঙাক খীৰতী গাইৰ দৰে ব্যৱহাৰ কৰিছে কোনে ? - HOTEL IN KAZIRANGA - HOTEL IN KAZIRANGA

Hotel in Kaziranga: কাজিৰঙাৰ ভূমিত হোটেল নিৰ্মাণ আৰু খিলঞ্জীয়া লোকক উচ্ছেদ কৰাৰ বিৰুদ্ধে সৰৱ লুৰীণজ্যোতি গগৈ । মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা । বহুজাতিক কোম্পানীৰ চাবিকাঠি হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ হাতত বুলি কটাক্ষ গগৈৰ ।

Lurinjyoti Gogoi reacts to the construction of hotel of a multinational company in Kaziranga
কাজিৰঙাৰ ভূমিত হোটেল নিৰ্মাণৰ বিৰুদ্ধে সৰৱ লুৰীণজ্যোতি গগৈ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Sep 19, 2024, 8:26 PM IST

গোলাঘাট, ১৯ ছেপ্টেম্বৰ: "কাজিৰঙা এতিয়া হিমন্ত বিশ্ব শৰ্মা আৰু তেখেতৰ পৰিয়ালৰ কাৰণে খীৰতী গাই । আমি সকলোৱে দেখিছোঁ । কাঞ্চনজুৰি এলিফেণ্ট ক’ৰিডৰত বনাই দিয়া হ'ল । এতিয়া ম্যাদী পট্টা থকা ইংলে পথাৰত আমাৰ জনজাতীয় ভাইসকলক ইয়াৰ পৰা উচ্ছেদ কৰি হায়াটক ইয়াত পঞ্চতাৰকা হোটেল বনাবলৈ অনুমতি দিছে আৰু পৰৱৰ্তী দিনসমূহতো তাজ গ্ৰুপৰো এখন হোটেল নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে ।" বৃহত্তৰ কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সুৰক্ষা সমিতিৰ উদ্যোগত বোকাখাত নাট্য মন্দিৰত অনুষ্ঠিত এক গণ সমাৱেশত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে এজেপিৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ৷

কাজিৰঙাৰ ভূমিত হোটেল নিৰ্মাণৰ বিৰুদ্ধে সৰৱ লুৰীণজ্যোতি গগৈ (ETV Bharat Assam)

তেওঁ লগতে কয়, "আমি উন্নয়নৰ কেতিয়াও পৰিপন্থী নহয় । কাজিৰঙালৈ পৰ্যটক আহিব লাগিব, মানুহবিলাক থাকিব লাগিব । কিন্তু এইবোৰ কৰাৰ নামত, বিশেষকৈ ইয়াৰ খিলঞ্জীয়া ভূমিপুত্ৰ থলগিৰি অসমীয়া মানুহৰ ৰাজনৈতিক অধিকাৰ, ভূমিৰ অধিকাৰ কাঢ়ি লৈ যোৱা হৈছে, তেওঁলোকক উচ্ছেদ কৰা হৈছে, তেওঁলোকক অত্যাচাৰ কৰা হৈছে, তেওঁলোকক ৰাজনৈতিক গুণ্ডা বাহিনীৰ যোগেদি ভয়-ভাবুকি খুৱাই তেওঁলোকক বিতাৰিত কৰাৰ যি কূট-কৌশল কৰিছে ইয়াক আমি গৰিহণা দিছোঁ ।"

মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কৰি তেওঁ কয়, "এতিয়া, অসমত যিমানবোৰ বহুজাতিক কোম্পানীয়ে কাম কৰি আছে তেওঁলোকৰ হাতোৰাৰ মূল চাবিকাঠি এটা পৰিয়ালৰ হাতত আছে । হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ হাতত আছে । কাঞ্চনজুৰি ৰিজ’ৰ্ট, তাৰ ওচৰত চিল্ক পাৰ্ক গ'ল্ডেন থ্ৰেডৰ নামত চিল্ক পাৰ্ক খুলি গোটেই অসমৰ যিমান বয়ন শিল্প আছে সকলো গো-গ্ৰাসে গিলিবলৈ মুখ্যমন্ত্ৰী পত্নীয়ে ষড়যন্ত্ৰ কৰিছে ।"

ইয়াৰো পৰি স্মাৰ্ট মিটাৰ প্ৰসংগত সভাপতি গগৈয়ে কয়, "স্মাৰ্ট মিটাৰ আচলতে স্মাৰ্ট মিটাৰ নহয়, স্মাৰ্ট ডকাইত । স্মাৰ্ট মিটাৰ নিদিয়াৰ আগতেও তিনিগুণ মান বিল বঢ়াইছিল । তাৰপিচত এতিয়া স্মাৰ্ট মিটাৰৰ যোগেদি ডকাইতি কৰি সাধাৰণ ৰাইজৰ তেজ শুহি তেওঁলোকে চৰকাৰ চলাবলগীয়া হৈছে । এয়া কোনো কাৰণতে গ্ৰহণীয় নহয় । এই চৰকাৰখন সাধাৰণ জনগনৰ শত্ৰু চৰকাৰ ।"

ইয়াৰ উপৰিও তেওঁ কয়, "বৰ্তমান অসমৰ বিৰোধী ঐক্য মঞ্চৰ হৈ অসমৰ প্ৰতিটো ৰাজনৈতিক দলৰ সৈতে আলোচনা চলি আছে । এই আলোচনাৰ সুফল পোৱা গৈছে । অগপ-বিজেপিৰ নেতা কৰ্মীৰ সৈতেও চলিছে আলোচনা । নিৰ্বাচনৰ সময়ত সকলো একত্ৰিত হোৱাৰ কথা দিছে । উদ্দেশ্য বিজেপিক অসমৰ ৰাজনীতিৰ পৰা আঁতৰোৱা ।"

বোকাখাতৰ প্ৰাক্তন বিধায়ক জিতেন গগৈয়ে আগন্তুক নিৰ্বাচিত অজাপৰ প্ৰাৰ্থী ৰূপে নিৰ্বাচনত অৱতীৰ্ণ হ'ব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত অজাপৰ সভাপতিগৰাকীয়ে কয়, "বোকাখাতত বিভিন্ন দলৰ লগত আমি কথা পাতিছোঁ । সময়ত এগৰাকী উমৈহতীয়া প্ৰাৰ্থী বাচনি কৰা হ'ব । জাতীয়তাবাদ বচাই ৰাখিবলৈ এই আলোচনা বোকাখাততো চলি আছে । মন্ত্ৰীত্বত বলীয়ান হৈ, শ্বহীদৰ আত্মাকো পাহৰি থকাসকলক কাঠৰ চশমা খুলি জাতি ৰক্ষাৰ যুঁজত অংশগ্ৰহণ কৰাৰ আহ্বান জনায় গগৈয়ে ।"

লগতে পঢ়ক:২০২৬ ত শাসনলৈ আহিলে ন-লখিমীক আদৰিবলৈ অৰুণোদয় বন্ধ কৰিব কংগ্ৰেছে - Orunodoi Scheme

স্মার্ট মিটাৰ লগাবলৈ গ'লে পহুখেদা দিয়াৰ হুংকাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ - Protest against smart meter

খিলঞ্জীয়া লোক ভূমিহীন-গৃহহীনত পৰিণত হৈছে : কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সুৰক্ষা সমিতি - Five star hotel in Kaziranga

ABOUT THE AUTHOR

...view details