মৰাণ, 14 মে’ : সোমবাৰে নিশা ডিব্ৰুগড়ত অসম জাতীয় পৰিষদৰ সভাপতি তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈৰ কনভয়ৰ বাহন দুৰ্ঘটনাগ্রস্ত হয় । ডিব্ৰুগড়ৰ বকপৰা বাইপাছত লুৰীণজ্যোতি গগৈৰ দেহৰক্ষী বাহনখন পথ দুৰ্ঘটনাত পতিত হয় । ডিব্ৰুগড় চহৰৰ পৰা লাহোৱাল অভিমুখে গৈ থকা অৱস্থাত এজন ব্যক্তিক বচাবলৈ গৈ এই পথ দুৰ্ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে ।
অকস্মাতে এজন চাইকেল আৰোহীক বচাবলৈ যাওঁতেই নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা তলত বাগৰি পৰে বাহনখন । দুৰ্ঘটনাত পতিত হোৱা বাহনখনৰ নম্বৰ AS 01BT6376 নম্বৰৰ ইন’ভা বাহন ৷ লুৰীণজ্যোতি গগৈ থকা বাহনখনৰ পাচতেই আছিল দুৰ্ঘটনাগ্রস্ত হোৱা এছক'ৰ্ট বাহনখন ।
ইতিমধ্যে এই দুৰ্ঘটনাত আহত হোৱা ছয়জন ব্যক্তিক AMCH ত ভৰ্তি কৰোৱা হৈছে । লগতে চাইকেল আৰোহী গৰাকীকো AMCHত ভৰ্তি কৰা হৈছে । ইফালে নিশাই সকলোৰে চিকিৎসাৰ তদাৰক কৰে লুৰীণজ্যোতি গগৈয়ে ।