গোৱালপাৰা : গোৱালপাৰা ভাটিপাৰাত যোৱানিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । তিনিটাকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলতে উক্ত ঘটনাটো সংঘটিত হয় বুলি জানিব পৰা গৈছে ৷ এই ঘটনাৰ ফলত এজন লোক অগ্নিদগ্ধ হৈ গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে ৷ বৰ্তমান আহত ব্যক্তিজন চিকিৎসালয়ৰ বিচনাত জীৱন-মৃত্যুৰ সৈতে যুঁজ দি আছে ৷
স্থানীয় এজন লোকে সংবাদ মাধ্যমৰ উল্লেখ কৰে, ‘‘গোৱালপাৰা চহৰৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত ভাটিপাৰাৰ মিনাৰুল ইছলাম নামৰ লোকজনে বিগত কেইবাবছৰ ধৰি অনুজ্ঞাপত্ৰ নোহোৱাকৈ অবৈধভাৱে ৰন্ধন গেছৰ ব্যৱসায় কৰি আহিছে । জনবসতিপূৰ্ণ এলেকাত কোনোধৰণৰ অনুজ্ঞাপত্ৰ নোহোৱাকৈ মনিৰুলে অবৈধভাৱে বিক্ৰীৰ উদ্দেশ্যে গুদামত মজুত ৰাখিছিল ২০ টাতকৈ অধিক ৰন্ধন গেছৰ চিলিণ্ডাৰ ।’’
চিলিণ্ডাৰ বিস্ফোৰণ (ETV Bharat Assam) স্থানীয় লোকজনে কৰা অভিযোগ অনুসৰি, ‘‘যোৱানিশা মনিৰুল ইছলাম আৰু তেওঁৰ এগৰাকী কৰ্মচাৰীয়ে এটা চিলিণ্ডাৰৰ পৰা আন এটা চিলিণ্ডাৰত ৰন্ধন গেছ ভৰাই থাকোতে হঠাৎ জুইৰ সূত্ৰপাত ঘটে । কেইমুহূৰ্তমানতে সমগ্ৰ গুদামটো জুইৰ লেলিহান শিখাই ছানি ধৰে । এই জুই ইমানেই ভয়ংকৰ আছিল যে মুহূৰ্তৰ ভিতৰত সমগ্ৰ অঞ্চল জুইৰ ক’লা ধোঁৱাই আৱৰি ধৰে ৷ লগে লগে চুবুৰীয়া ৰাইজে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে ৷ এই খবৰ লাভ কৰিয়েই ঘটনা স্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হয় ৷ অৱশ্যে অগ্নিনিৰ্বাপক বাহিনীৰ লোক উক্ত স্থানত উপস্থিত হোৱাৰ পূৰ্বেই তিনিটাকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰৰ বিস্ফোৰণ ঘটে ।’’
এই চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত কথমপি ৰক্ষা পৰে কেইবাটাও পৰিয়ালৰ ঘৰ-বাৰী । কিন্তু উক্ত গুদামটোত কৰ্মৰত এগৰাকী কৰ্মচাৰী অগ্নিদগ্ধ হৈ গুৰুতৰভাৱে আহত হয় । আহত লোকজনক স্থানীয় ৰাইজৰ সহযোগত গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । স্থানীয় ৰাইজৰ সহায়ত অগ্নিনিৰ্বাপক বাহিনীয়ে এই জুই নুমাবলৈ সক্ষম হয় যদিও মিনাৰুল ইছলামৰ লক্ষাধিক টকাৰ সা-সম্পত্তিৰ বিস্তৰ ক্ষতি সাধন হয় ।
উল্লেখ্য যে, গোৱালপাৰা চহৰৰ লগতে চহৰৰখনৰ উপকণ্ঠ অঞ্চলসমূহত কোনোধৰণৰ অনুজ্ঞাপত্ৰ নোহোৱাকৈ একাংশ লোকে অবৈধভাৱে ৰন্ধন গেছৰ ব্যৱসায় কৰি আছে বুলিও ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে । এইক্ষেত্ৰত জিলা প্ৰশাসনে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ’ব ।