গুৱাহাটী :অসমৰ স্বাস্থ্য খণ্ডৰ ব্যাপক উন্নতি সাধন হোৱা বুলি অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সততে ৰাজহুৱা সভাত ভাষণ আওৰোৱা দেখা যায় । কিন্তু তাৰ বিপৰীতে অসমত প্ৰসূতিৰ ৰক্তহীনতাৰ উদ্বেগজনক তথ্য লোকসভাত ফাদিল হৈছে । যোৱা ৭ ফেব্ৰুৱাৰীত লোকসভাত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অনুপ্ৰিয়া পেটেলে দিয়া তথ্য মতে, সৰ্বভাৰতীয় পৰ্যায়তকৈ অসমত প্ৰসূতিৰ ৰক্তহীনতাৰ হাৰ বেছি ।
অসমত প্ৰসূতিৰ ৰক্তহীনতা তথ্য
উল্লেখ্য যে দেশত প্ৰসূতিৰ ৰক্তহীনতা সন্দৰ্ভত যোৱা ৭ ফেব্ৰুৱাৰীত লোকসভাত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অনুপ্ৰিয়া পেটেলে দিয়া তথ্য মতে, ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা-৫ (২০১৯-২১) অনুসৰি অসমত ১৫ বছৰৰ পৰা ৪৯ বয়সৰ ভিতৰৰ প্ৰসূতিৰ ৰক্তহীনতাত ভোগা সংখ্যা ৫৪.২ শতাংশ । তাৰ বিপৰীতে সৰ্বভাৰতীয় পৰ্যায়ত ১৫ বছৰৰ পৰা ৪৯ বছৰৰ বয়সৰ ভিতৰৰ প্ৰসূতিৰ ৰক্তহীনতাত ভোগা সংখ্যা ৫২.২ শতাংশ ।
লোকসভাত অসমৰ প্ৰসূতিৰ ৰক্তহীনতাৰ উদ্বেগজনক তথ্য (ETV Bharat) উত্তৰ-পূৰ্বাঞ্চলৰ তথ্য
মন কৰিবলগীয়া যে অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ, মেঘালয়, মণিপুৰ, মিজোৰাম, নাগালেণ্ডতকৈ অসমত প্ৰসূতিৰ ৰক্তহীনতাৰ হাৰ বেছি । তথ্য মতে, অৰুণাচল প্ৰদেশত ১৫ বছৰৰ পৰা ৪৯ বছৰ বয়সৰ ভিতৰৰ প্ৰসূতিৰ ৰক্তহীনতাত ভোগা সংখ্যা ২৭.৯ শতাংশ । মণিপুৰত ১৫ বছৰৰ পৰা ৪৯ বছৰ বয়সৰ ভিতৰৰ প্ৰসূতিৰ ৰক্তহীনতাত ভোগা সংখ্যা ৩২.৪ শতাংশ । মেঘালয়ত ১৫ বছৰৰ পৰা ৪৯ বছৰ বয়সৰ ভিতৰৰ প্ৰসূতিৰ ৰক্তহীনতাত ভোগা সংখ্যা ৪৫ শতাংশ । মিজোৰামত ১৫ বছৰৰ পৰা ৪৯ বছৰ বয়সৰ ভিতৰৰ প্ৰসূতিৰ ৰক্তহীনতাত ভোগা সংখ্যা ৩৪ শতাংশ । নাগালেণ্ডত ১৫ বছৰৰ পৰা ৪৯ বছৰ বয়সৰ ভিতৰৰ প্ৰসূতিৰ ৰক্তহীনতাত ভোগা সংখ্যা ২২.২ শতাংশ ।
পুষ্টিহীনতাত ভোগা মহিলা-শিশুৰ সংখ্যা বৃদ্ধি
মন কৰিবলগীয়া যে ৰক্তহীনতা আৰু অপুষ্টি তথা পুষ্টিহীনতাত ভোগা মহিলা আৰু শিশুৰ সংখ্যা অসমত বৃদ্ধি পাইছে । ৰক্তহীনতা আৰু অপুষ্টি তথা পুষ্টিহীনতাত ভোগা মহিলাৰ সংখ্যাৰ ক্ষেত্ৰত অসম দেশৰ ভিতৰতে চতুৰ্থ স্থানত আছে । যোৱা বছৰ ডিচেম্বৰত লোকসভাৰ শীতকালীন অধিৱেশনত মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ৰ মন্ত্ৰীয়ে ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা-৪ (২০০১৫-১৬) অনুসৰি অসমত ১৫ বছৰৰ পৰা ৪৯ বছৰ বয়সৰ ভিতৰৰ মহিলাৰ ৰক্তহীনতাত ভোগা সংখ্যা ৪৬ শতাংশ আছিল । ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা-৫ (২০১৯-২১) অনুসৰি অসমত ১৫ বছৰৰ পৰা ৪৯ বছৰ বয়সৰ ভিতৰৰ মহিলাৰ ৰক্তহীনতাত ভোগা সংখ্যা হ'ল ৬৫.৯ শতাংশ ।
ইফালে লোকসভাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দিয়া তথ্য মতে, ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা-৪ (২০০১৫-১৬) মতে অসমত শিশু (৬ -৫৯ মাহ) ৰক্তহীনতাত ভোগা সংখ্যা ৩৫.৭ শতাংশ আছিল । ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা-৫ (২০১৯-২১) অনুসৰি অসমত এই সংখ্যা বৃদ্ধি হৈ হয় ৬৮.৪ শতাংশ । উল্লেখ্য যে স্বাস্থ্য খণ্ডৰ উন্নয়নৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে প্ৰতি বছৰে বিশাল পৰিমাণৰ পুঁজি ব্যয় কৰি আহিছে যদিও বাস্তৱত ৰাজ্যখনত ইয়াৰ বিপৰীত ছবি এখনহে দেখিবলৈ পোৱা গৈছে ।
লগতে পঢ়ক :২৩টা বছৰ পূৰ্বে বি টি চি চুক্তিৰ জৰিয়তে বড়োভূমিলৈ ঘুৰি আহিছিল শান্তি - 23RD BTC ACCORD DAY