গুৱাহাটী :অসমৰ একমাত্ৰ ৰামছাৰ ক্ষেত্ৰ দীপৰ বিলক লৈ আন এক বিতৰ্ক আৰম্ভ হৈছে । শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দীপৰ বিলৰ কাষতে পথচাৰীৰ বাবে আৰু চাইকেল চলোৱাৰ বাবে বিশেষ পথ নিৰ্মাণৰ ঘোষণা কৰিছে । যাক লৈ স্থানীয় লোক আৰু সাধাৰণ নাগৰিকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
কেইবাখনো গাঁৱৰ জীৱন ৰেখা দীপৰ বিল
অসমৰ ৰাজধানী চহৰ গুৱাহাটীৰ দক্ষিণ পশ্চিমত অৱস্থিত দীপৰ বিল হৈছে ২০০২ চনত ৰামছাৰ ক্ষেত্ৰ হিচাপে ঘোষণা কৰা এক জলাশয় । এই আৰ্দ্ৰভূমি ৪০১৪ হেক্টৰ এলেকা আৱৰি আছে আৰু বিলৰ কাষতে ১২ খন গাঁও আছে ।
আন্তৰ্জাতিক সংগঠন বাৰ্ডলাইফ ইণ্টাৰনেশ্যনেলেও দীপৰ বিলক এক গুৰুত্বপূৰ্ণ পক্ষী ক্ষেত্ৰ (আইবিএ) হিচাপে ঘোষণা কৰিছিল । এই দীপৰ বিলে ওচৰতে থকা প্ৰায় ১৪ খন গাঁৱৰ লোকসকলক প্ৰত্যক্ষ বা পৰোক্ষভাৱে জীৱিকাও প্ৰদান কৰে ।
চাইকেল পথ নিৰ্মাণৰ ঘোষণাক লৈ প্ৰতিক্ৰিয়া
স্থানীয় নাগৰিক তথা দীপৰ বিল সুৰক্ষা মঞ্চৰ সম্পাদক প্ৰমোদ কলিতাই কয়, "আমি জানিব পাৰিছো যে চৰকাৰে দীপৰ বিলৰ কাষতে চাইকেল পথ আৰু পথচাৰীৰ বাবে নিৰ্ধাৰিত পথ নিৰ্মাণৰ পৰিকল্পনা কৰিছে । অৱশ্যে, ৰামছাৰ ক্ষেত্ৰ হিচাপে জনাজাত দীপৰ বিলত ভৱিষ্যতে চৰকাৰে কেনেদৰে চাইকেল পথ নিৰ্মাণৰ পৰিকল্পনা কৰে সেয়া লক্ষণীয় হ'ব ।"