অসম

assam

ETV Bharat / state

গুণোৎসৱৰ দিনাই বিদ্যালয় চৌহদত প্ৰতিবাদ স্থানীয় ৰাইজৰ - GUNOTSAV 2025

ৰাজ্যত বুধবাৰৰ পৰা আৰম্ভ হৈছে গুণোৎসৱ ২০২৫ৰ তৃতীয় পৰ্যায় । ডিব্ৰুগড়ত ব্যাপক ব্যস্ততাৰ মাজতে এখন বিদ্যালয়ত দেখা গৈছে ৰাইজৰ প্ৰতিবাদ ।

Gunotsav 2025
গুণোৎসৱৰ দিনাই বিদ্যালয় চৌহদত প্ৰতিবাদ স্থানীয় ৰাইজৰ (ETV Bharat)

By ETV Bharat Assamese Team

Published : Feb 5, 2025, 8:10 PM IST

ডিব্ৰুগড় :ৰাজ্যত ৩ টা পৰ্যায়ত গুণোৎসৱ অনুষ্ঠিত হৈছে । ইতিমধ্যে দুটা পৰ্যায়ৰ গুণোৎসৱ সমাপ্ত হৈছে আৰু ষষ্ঠ সংস্কৰণৰ তৃতীয় পৰ্যায়ৰ গুণোৎসৱ চলি আছে । তাৰ মাজতে ডিব্ৰুগড়ৰ লাহোৱাল শিক্ষাখণ্ডৰ নগাঘূলী নিজ কানাই গাঁৱৰ প্ৰাথমিক বিদ্যালয়ত গুণোৎসৱৰ দিনাই স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিলে । শিক্ষা বিভাগ তথা চৰকাৰৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ শ্ল'গান দিলে স্থানীয় লোকসকলে । কিন্তু গুণোৎসৱৰ দিনা কিয় স্থানীয় লোকসকল প্ৰতিবাদত বহিল ?

উল্লেখ্য যে বিদ্যালয়খনত ৯৮ গৰাকী ছাত্ৰ-ছাত্ৰীৰ অনুপাতে শিক্ষক নিযুক্তি নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ । শিক্ষাৰ্থী আৰু অভিভাৱকসকলে দীৰ্ঘদিন ধৰি বিদ্যালয়খনৰ শিক্ষকৰ অভাৱ সম্পৰ্কে অভিযোগ দি আহিছে । কিন্তু বিভাগীয় কৰ্তৃপক্ষই বিদ্যালয়খনত শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই । যাৰ বাবে গুণোৎসৱৰ দিনাই ক্ষুণ্ণ হৈ পৰিল স্থানীয় ৰাইজ ।

গুণোৎসৱৰ দিনাই বিদ্যালয় চৌহদত প্ৰতিবাদ স্থানীয় ৰাইজৰ (ETV Bharat)

শিক্ষা মন্ত্ৰীক গ্ৰামাঞ্চলৰ বিদ্যালয় পৰিদৰ্শনৰ আহ্বান

শিক্ষা বিভাগে চৰকাৰী বিদ্যালয়ত শৈক্ষিক পৰিৱেশ উন্নত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা বুলি দাবী কৰি আহিছে যদিও এজনীয়া শিক্ষকেৰে চলিছে বহু চৰকাৰী বিদ্যালয় । ফলত লাহোৱাল শিক্ষাখণ্ডৰ অন্তৰ্গত নগাঘূলী নিজ কানাই গাঁৱৰ প্ৰাথমিক বিদ্যালয়ত গুণোৎসৱৰ দিনাই স্থানীয় ৰাইজে প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ল । প্ৰতিবাদত অংশ লৈ এগৰাকী লোকে কয়, "বিদ্যালয়খনত ৯৮ গৰাকী ছাত্ৰ-ছাত্ৰী আছে যদিও শিক্ষকৰ অভাৱ । তিনিজন শিক্ষক পূৰ্বে আছিল যদিও এজনে অৱসৰ গ্ৰহণ কৰিছে । ইয়াৰে দুজন শিক্ষকৰ ভিতৰত এজন শিক্ষকে বিদ্যালয়ৰ অফিচিয়েল কাম কৰিব লাগে । তেনেস্থলত এজন শিক্ষকে পাঠদান কৰিব লগা হয় । ফলত শিক্ষাৰ্থীসকলে উপযুক্ত শিক্ষাৰ পৰা বঞ্চিত হ'ব লগা হৈছে । সেয়ে ৰাজ্যৰ শিক্ষা মন্ত্ৰীক এ.চি কোঠাত নাথাকি ভিতৰুৱা অঞ্চলৰ বিদ্যালয় পৰিদৰ্শন কৰি শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰিবলৈ দাবী জনালো ।"

খোৱাং প্ৰাথমিক শিক্ষাখণ্ডৰ ৩১৩ খন বিদ্যালয়ত গুণোৎসৱ :

গুণোৎসৱৰ তৃতীয় পৰ্যায়ৰ অংশ হিচাৰে ডিব্ৰুগড় জিলাত বুধবাৰৰ পৰা আৰম্ভ হৈছে গুণোৎসৱ ৷ জিলাখনৰ খোৱাং প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত ৩১৩ খন বিদ্যালয়ত আৰম্ভ হৈছে গুণোৎসৱ ৷ গুণোৎসৱক লৈ বিদ্যালয়সমূহত পৰিলক্ষিত হৈছে উখল-মাখল পৰিৱেশ ৷ মৰাণ নগৰত অৱস্থিত পিয়লি নগৰ প্ৰাথমিক বিদ্যালয়তো অনুৰূপ পৰিৱেশে বিৰাজ কৰিছে ৷ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলেও সুশৃংখলভাৱে গুণোৎসৱৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে ৷ ১৯৭৩ চনত প্ৰতিষ্ঠা লাভ কৰা বিদ্যালয়খনৰ সামগ্ৰিক পৰিৱেশ, ছাত্ৰ-ছাত্ৰীসকলৰ একাগ্ৰতা দেখি সন্তুষ্টি প্ৰকাশ কৰিছে বিদ্যালয়লৈ নিৰীক্ষক হিচাপে অহা বিষয়াসকলে ৷

লগতে পঢ়ক :দেশমাতৃৰ সেৱা আগবঢ়াই বীৰৰ দৰে উভতিল চুবেদাৰ মেজৰ শুক্ক বৰুৱা - RETIRED ARMY PERSONNEL

ABOUT THE AUTHOR

...view details