ডিফু, ২০ জানুৱাৰী :৭৫ সংখ্যক গণৰাজ্য দিৱসৰ কাৰ্যসূচীত ডিফুৰ বিশিষ্ট ব্যক্তি তথা আমেৰিকান লেংগুৱেষ্টিক বঁটাপ্ৰাপক চিকাৰি তিছ'ক আমন্ত্ৰণ জনোৱা হৈছে ৷ আমেৰিকাৰ সন্মানীয় লেংগুৱেষ্টিক ছ'চাইটি অৱ আমেৰিকাজ ইন কমিউনিটি লেংগুৱেজটিক এৱাৰ্ড (২০২১) বঁটা প্ৰাপক বিশিষ্ট কবি তথা সাহিত্যিক চিকাৰি তিছ'ক ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ কাৰ্যসূচীলৈ আমন্ত্ৰণ জনোৱা হৈছে ৷ এই সন্দৰ্ভত ডিফুত বিশিষ্ট সাহিত্য়িক চিকাৰি তিছ'ৱে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ১০০ সংখ্যক 'মন কী বাত' অনুষ্ঠানত অংশ গ্ৰহণ কৰা সকলো ব্যক্তিকেই গণৰাজ্য দিৱসলৈ বাবে আমন্ত্ৰণ কৰা হৈছে ৷
বৰ্তমান সাহিত্যিক গৰাকীয়ে বিশ্বমানৰ এখন অভিধান ৰচনা কৰাত আত্মনিয়োগ কৰিছে উল্লেখ কৰে । এই অভিধানখন ৰচনা কৰাত আন্তৰ্জাতিক পৰ্যায়ৰ ভাষাবিদ আৰু নৱ প্ৰজন্মৰ যুৱক-যুৱতী সকলে সহায় কৰি থকা বুলিও কয় সাহিত্যিক গৰাকীয়ে ৷ ছুইজাৰলেণ্ডৰ ভাষাতত্ববিধ সকলৰ পৰা প্ৰতি সপ্তাহতেই অভিধানখন ৰচনা কৰাৰ বাবে অনলাইন পৰামৰ্শ গ্ৰহণ কৰি থকা বুলিও জানিবলৈ দিয়ে তিছ'ৱে ৷