গুৱাহাটী, ২৪ মে’ : শাৰীৰিক-মানসিক বহু প্ৰত্যাহ্বান নেওচি সীমিত অৰ্থৰে গুৱাহাটীত জীৱিকা আৰু আত্মপ্ৰতিষ্ঠাৰ যুঁজত নামিছে বিশেষভাৱে সক্ষম এজন যুৱক । তেওঁৰ নাম ৰীতুমণি বৈশ্য । ঘৰ জালুকবাৰীত ।
ৰীতুমণিৰ জন্মগতভাবে হাত এখন নাই । সৰুতেই তেওঁক মাক-দেউতাকে অকলশৰীয়া কৰি এৰি গৈছিল । অভিভাৱকৰ মৰমৰ পৰা বঞ্চিত ৰীতুমণিক আইতাকে আনৰ ঘৰত কাম কৰি ডাঙৰ-দীঘল কৰিছিল । শৈশৱৰ পৰাই ৰীতুমণিৰ জীৱন সংগ্ৰাম আৰম্ভ হৈছিল । আইতাকৰ ছত্ৰছায়াতে তেওঁ স্কুলীয়া শিক্ষা লাভ কৰিছিল ।
কিন্তু নিয়তিৰ পৰিহাস ! ৰীতুমণি নৱম শ্ৰেণী পাওতেই আইতাক ঢুকাল । তেতিয়া তেওঁ শেষ আশ্ৰয়কণো হেৰুৱালে । এসাঁজ ভাতৰ কাৰণেও চিন্তা কৰিবলগীয়া হ’ল ৷ তেতিয়াৰ পৰাই আৰম্ভ হ’ল তেওঁৰ জীৱনৰ প্ৰকৃত সংগ্ৰামখন ।
পেটৰ ভাতমুঠি যোগাৰৰ বাবে কাম বিচাৰিছিল ৷ কিন্তু এখন হাত নথকাৰ বাবেই বহু লোকে তেওঁক কাম দিব বিচৰা নাছিল ৷ বহুতৰ মিছা প্ৰতিশ্ৰুতিত হতাশ হৈছিল ৰীতু ৷ জীৱিকাৰ তাড়ণাত তেওঁ বাটে-ঘাটে পাণ, তামোল, চিগাৰেতো বিক্ৰী কৰিবলৈ বাধ্য হৈছিল ৷ বিভিন্নজনৰ সহায়-সহযোগিতাত কষ্টৰে পঢ়াশুনা কৰি তেওঁ পলিটেকনিকৰ পাঠ্যক্ৰমত নামভৰ্তি কৰিবলৈ সক্ষম হৈছিল ৷ তেনেকৈয়ে কোনোমতে তেওঁ পলিটেকনিকৰ শিক্ষা সাং কৰিলে ৷ সৰুৰে পৰাই নানা ঘাত-প্ৰতিঘাতৰ মাজেৰে জীৱন অতিবাহিত কৰা ৰীতুৰ চাকৰিৰ লালসা নাছিল ৷ চাকৰিৰ নামত এগাল ধন দিয়াৰ সামৰ্থও নাছিল তেওঁৰ ৷ সেয়ে ৰীতুৱে গুৱাহাটীৰ দীঘলী পুখুৰীৰ পাৰত সৰুকৈ চাহৰ দোকান এখন খুলিলে ।