যোৰহাট: অৰণ্যৰ পৰা ওলাই অহা বন্যপ্ৰাণী জনাঞ্চলত কিমান নিৰাপদ সেই বিষয়ক লৈ এতিয়া সৰ্বত্ৰে প্ৰশ্ন উথাপিত হৈছে । যোৰহাটৰ মৰিয়নীত কোনো অজ্ঞাত ব্যক্তিৰ জিঘাংসাৰ বলি হৈ এটি নাহৰফুটুকী বাঘে কৰুণ মৃত্যুক আকোৱালি লোৱাৰ পিছত এইবাৰ তিতাবৰত ৰহস্যজনক অৱস্থাত উদ্ধাৰ কৰা হ'ল এটি নাহৰফুটুকী বাঘ ।
ঘটনাৰ বিৱৰণী অনুসৰি যোৰহাট জিলাৰ অন্তৰ্গত তিতাবৰ সমজিলাৰ লেটেকুজান চাহ বাগিচাত সোমবাৰে স্থানীয় ৰাইজে এটা নাহৰফুটুকী বাঘ বাগিচাৰ ফেন্সিঙত আৱদ্ধ হৈ থকা প্ৰত্যক্ষ কৰে । ফেন্সিঙত আৱদ্ধ হৈ থকা বাঘটোক স্থানীয় ৰাইজে মৃত অৱস্থাত উদ্ধাৰ কৰে ।
অভিযোগ অনুসৰি তিতাবৰ লেটেকুজান চাহ বাগিচা কৰ্তৃপক্ষই অপৰিকল্পিতভাৱে ফেন্সিঙেৰে বেৰি পেলাইছিল চাৰিও দিশ৷ ফলত দ্ৰুতবেগত অহা বাঘটো ফেন্সিঙৰ ফুটাত সোমাই পৰে আৰু নিজৰ প্ৰাণ বচাবলৈ আৰ্তনাদ কৰি কৰি অৱশেষত বাঘটোৱে কৰুণভাৱে মৃত্যুক আকোঁৱালি লয় ।