অসম

assam

By ETV Bharat Assamese Team

Published : Feb 17, 2024, 6:59 PM IST

ETV Bharat / state

কাজিৰঙাত গাড়ীৰ খুন্দাত নাহৰফুটুকীৰ মৃত্যু

Kaziranga National Park : তিনিমাহে বিকল কাজিৰঙাৰ এনিমেল ক'ৰিডৰত স্থাপন কৰা চেন্সৰ কেমেৰা । সম্প্ৰতি মৃত্যুদূতত পৰিণত কাজিৰঙাৰ ৰাজপথ । কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত ঘন্টাত ৪০ কিলোমিটাৰতকৈ অধিক গতিত বাহন চলোৱা নিষেধ । পিছে অধিকাংশ যান-বাহনেই নামানে আইন ।

National Highway 37 of Kaziranga
কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথ

কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথ

কাজিৰঙা, ১৭ ফেব্ৰুৱাৰী: জৈৱ-বৈচিত্ৰৰ মেটমৰা সম্ভাৰেৰে ভৰপূৰ কাজিৰঙা অভয়াৰণ্যক ১৯৭৪ চনৰ ১১ ফেব্ৰুৱাৰীত সংৰক্ষণৰ এক নতুন মাত্ৰা প্ৰদান কৰি ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়া হৈছিল ৷ ইয়াৰ লগে লগে কাজিৰঙা অভয়াৰণ্যলৈ পৰ্যটন পৰিসৰ ক্ৰমাগতভাৱে বৃদ্ধি পাবলৈ ধৰে ৷ যাৰ পাচতেই কাজিৰঙাই স্বকীয় বৈশিষ্টৰ বাবে ১৯৮৫ চনত চিহ্নিত হয় বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ৷ এই অভয়াৰণ্যৰ জীৱ-জন্তুৰ সুৰক্ষাৰ বাবে ব্য়ৱস্থা কৰা হৈছে যদিও বন্যপ্ৰাণীয়ে তীব্ৰবেগী যান-বাহনৰ খুন্দাত প্ৰাণ হেৰুৱাইছে ।

সম্প্ৰতি মৃত্যুদূতত পৰিণত হৈছে কাজিৰঙাৰ ৰাজপথ ৷ ইটোৰ পাছত সিটোকৈ বন্যপ্ৰাণীয়ে তীব্ৰবেগী যান-বাহনৰ খুন্দাত প্ৰাণ হেৰুৱাইছে কাজিৰঙাৰ ৰাজপথত ৷ এই ৰাজপথত সংস্থাপিত কৰা কেমেৰা সম্প্ৰতি বিকল হৈ থকাৰ পাছত চৰকাৰী পক্ষই এইক্ষেত্ৰত দেখুওৱা উদাসীনতাৰ বাবেই সংঘটিত হৈছে এই কৰুণ ঘটনা ।

কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত আইন উলংঘা কৰি দ্ৰুত গতিত চলোৱা অচিনাক্ত বাহনৰ খুন্দাত পুনৰ নিহত হৈছে এটা নাহৰফুটুকীৰ ৷ শুক্ৰবাৰে নিশা কাজিৰঙাৰ পাণবাৰী সংৰক্ষিত বনাঞ্চলৰ সমীপৰ মেথনিত পুনৰ এটা নাহৰফুটুকীৰ মৃত্যুৱে উদঙাইছে চৰকাৰী পক্ষৰ বন্যপ্ৰাণীৰ প্ৰতি থকা দায়িত্ব আৰু দায়বদ্ধতাৰ স্বৰূপ ৷ আনহাতে, দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ সন্ধানত আৰক্ষী আৰু বনবিভাগে অভিযান চলাই যদিও উৱাদিহ নাপালে বাহনখনৰ ৷

আনহাতে, নিহত মতা নাহৰফুটুকীটো বিভাগীয় নিয়ম অনুসৰি মৰোণোত্তৰ পৰীক্ষাৰ পাছত দাহ কৰে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷ এইক্ষেত্ৰত উত্থাপন হোৱা অভিযোগ অনুসৰি কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত ঘন্টাত ৪০ কিলোমিটাৰতকৈ অধিক গতিত বাহন চলোৱা নিষেধ যদিও অধিকাংশ যান-বাহনেই নামানে আইন ৷ তদুপৰি বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে ৩৭ নং ৰাষ্ট্ৰীয় পথত স্থাপন কৰা কেমেৰা সমূহো পৰিণত হ'ল বগাহাতীলৈ ৷ লক্ষণীয়ভাৱে বিগত তিনিমাহে বিকল কাজিৰঙাৰ এনিমেল ক'ৰিডৰত স্থাপন কৰা চেন্সৰ কেমেৰা । যাৰ ফলত দিনক দিনে বৃদ্ধি পাইছে বাহনৰ খুন্দাত বন্যজন্তুৰ মৃত্যুৰ সংখ্যা ৷

লগতে পঢ়ক:বেলৰতলৰ ডাম্পিং গ্ৰাউণ্ড চিৰদিনৰ বাবে বন্ধ কৰাৰ দাবী

ABOUT THE AUTHOR

...view details