ৰাজ্যপালক ধন্যবাদ নজনাই বিৰোধী দলপতিয়ে ! গুৱাহাটী,৬ ফেব্ৰুৱাৰী: ৰাজ্যপালৰ ভাষণক লৈ ধন্যবাদসূচক মন্তব্য দিব বিচৰা নাই বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই । ইয়াৰ কাৰণ দৰ্শাই বিৰোধী দলপতিগৰাকীয়ে কয় যে ৰাজ্যপালৰ ভাষণত ৰাজ্যৰ প্ৰকৃত প্ৰতিচ্ছবিখন প্ৰতিফলিত হোৱা নাই । অসম বিধানসভাৰ বাজেট অধিৱেশনৰ সময়ত মঙলবাৰে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতিৰ প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।
কংগ্ৰেছে কৰা ভাৰত জোড়ো ন্যায় যাত্ৰাৰ প্ৰসংগ উল্লেখ কৰি তেওঁ ৰাজ্যখনৰ আইন-শৃংখলাজনিত পৰিস্থিতিৰ প্ৰকৃত স্বৰূপটো দাঙি ধৰে । তেওঁ কয় যে ভাৰত জোড়ো ন্যায় যাত্ৰাক বাধা দিয়াও মানুহ আছিল । আনকি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক আক্ৰমণ কৰাৰ ব্যৱস্থা আছিল । কিন্তু এনে বিষয়বোৰত গুৰুত্ব দিয়া হোৱা নাই বুলি সদৰী কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই অসম চুক্তিৰ প্ৰসংগও উল্লেখ কৰে ।
অসম চুক্তিৰ প্ৰসংগত ৰাজ্যপালৰ ভাষণত 'শ্বহীদ'ৰ সলনি 'বলি' হোৱা বুলি উল্লেখ কৰা সন্দৰ্ভত তেওঁ প্ৰতিক্ৰিয়া ব্যক্ত কৰে । এইখন চৰকাৰে শ্বহীদৰ মান্যতা দিব বিচৰা নাই বুলি অভিযোগ উত্থাপন কৰে । কোৱা ধৰণে কোনো ধৰণৰ গতিশীলতা নাই বুলিও তেওঁ প্ৰতিক্ৰিয়া ব্যক্ত কৰে । আনহাতে মন্ত্রী পীযুষ হাজৰীকাই বিৰোধীৰ ইচ্ছ্যু নাই বুলি কৰা অভিযোগ সন্দৰ্ভত তেওঁ কয় যে আমি ভীতিগ্ৰস্ত যদি তেওঁলোকে সাহসেৰে কামবোৰ কৰি দেখুৱাওক ।
আমি ক'ত পথভ্ৰষ্ট হৈছো বুলি প্ৰত্যুত্তৰ দি তেওঁ কয় যে আমি নিজৰ ঠাইতে আছো । আমাৰ ইছ্যু নাই যদি তেওঁলোকৰ কি ইছ্যু আছে বুলি তেওঁ প্ৰশ্ন কৰে । ঋণত পোত গৈ প্ৰধানমন্ত্ৰীৰ সভালৈ মানুহ গোটোৱাৰ বাদে বিজেপিয়ে আন একো কৰিব পৰা নাই বুলি দাবী কৰে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই ।
লগতে পঢ়ক:৬৯ বছৰত লোৱা ধাৰতকৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দুবছৰত লোৱা ধাৰৰ পৰিমাণ বেছি : অখিল গগৈ