অসম

assam

অধ্যক্ষৰ লগতে বিধানসভাৰ মৰ্যাদাও মুখ্যমন্ত্রীয়ে হানি কৰাৰ চেষ্টা কৰিছিল: বিৰোধী দলপতি - OPPOSITION LEADER DEBABRATA SAIKIA

By ETV Bharat Assamese Team

Published : Sep 11, 2024, 6:07 PM IST

Cong MLA disqualification: কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদক নিলম্বন কৰাৰ বাবে কংগ্ৰেছে জনোৱা দাবীৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কৰা মন্তব্যক লৈ প্ৰতিক্ৰিয়া বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ । "বিধানসভাত ৰুলিং দিয়াৰ অধিকাৰ অধ্যক্ষৰ । এইক্ষেত্রতো যে মুখ্যমন্ত্রীয়ে হস্তক্ষেপ কৰে সেই কথাটো অতি নিৰ্লজ্জ ভাৱে সদনৰ মজিয়াত স্পষ্ট হোৱাৰ বাবে মই আজি আক্ষেপ প্ৰকাশ কৰিছো ।" শইকীয়াৰ মন্তব্য ৷

OPPOSITION LEADER DEBABRATA SAIKIA
বিৰোধী দলপতি দেৱব্ৰত শইকীয়া (ETV Bharat Assam)

গুৱাহাটী, ১১ ছেপ্টেম্বৰ: "মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই অসম বিধানসভাৰ অধ্যক্ষৰ বিষয়ে কৰা মন্তব্য আছিল অতি দুৰ্ভাগ্যজনক । যাৰ যোগেদি অধ্যক্ষৰ আসনৰ লগতে অসম বিধানসভাৰ মৰ্যাদাও মুখ্যমন্ত্রীয়ে হানি কৰাৰ চেষ্টা কৰিছিল ।" এই মন্তব্য বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ । বুধবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই বিধানসভাৰ শেহতীয়া পাঁচদিনীয়া শৰৎকালীন অধিৱেশনৰ সময়ত মুখ্যমন্ত্রীয়ে কৰা এক মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।

বিৰোধী দলপতি দেৱব্ৰত শইকীয়া (ETV Bharat Assam)

বিশেষকৈ কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদক নিলম্বন কৰাৰ বাবে কংগ্ৰেছে জনোৱা দাবীৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে মন্তব্য কৰিছিল ৷ সেই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিৰোধী দলপতিগৰাকীয়ে কয়, "শ্বেৰমান আলীৰ বিধায়ক পদ খাৰিজ কৰিব লাগে বুলি আমি বহুদিন আগতে সকলো কাগজ-পত্র বিধানসভাৰ অধ্যক্ষক জমা দিছিলো । অধ্যক্ষক মহাৰাষ্ট্ৰত হোৱা তেনে এটা গোচৰৰ তথা মণিপুৰ বিধানসভাত হোৱা তেনে এটা গোচৰৰ ক্ষেত্রত উচ্চতম ন্যায়ালয়ৰ ৰুলিং সন্দৰ্ভত সকলো তথ্য দি শ্বেৰমান আলীৰ লগতে কমলাক্ষ দে' পুৰকায়স্থ আৰু বসন্ত দাসৰ বিধায়ক পদ খাৰিজ কৰাৰ বাবে আবেদন জনাইছিলো । কিন্তু তাৰ পিছত কি কাৰণত ৰায় দিয়া হোৱা নাই সেয়া অধ্যক্ষই জানিব ।"

"কিন্তু এইক্ষেত্রত মুখ্যমন্ত্রীয়ে সদনৰ ভিতৰত শ্বেৰমান আলীক লক্ষ্য কৰি কৈছিল যে আপোনাক কংগ্ৰেছ দলে খেদিবলৈ চেষ্টা কৰি আছে । মুখ্যমন্ত্রীয়ে কয় যে তেওঁহে অধ্যক্ষক কৈ ৰখাই আছে । মুখ্যমন্ত্রীয়ে অধ্যক্ষক কৈ দিব যে শ্বেৰমান আলীক তৎক্ষণিকভাৱে ব্যৱস্থা লয় । মুখ্যমন্ত্রীয়ে এনেধৰণৰ মন্তব্য দি বিধানসভাখনো যেন মুখ্যমন্ত্রীয়ে চলাই তাকেই প্ৰতিপন্ন কৰিব বিচাৰিছিল । লিডাৰ অব দ্য হাউচ হিচাপে মুখ্যমন্ত্রীয়ে এক্সিকিউটিভ চলায় । কিন্তু বিধানসভাত ৰুলিং দিয়াৰ অধিকাৰ অধ্যক্ষৰ । এইক্ষেত্রতো যে মুখ্যমন্ত্রীয়ে হস্তক্ষেপ কৰে সেই কথাটো অতি নিৰ্লজ্জভাৱে সদনৰ মজিয়াত স্পষ্ট হোৱাৰ বাবে মই আজি আক্ষেপ প্ৰকাশ কৰিছো ।" শইকীয়াই লগতে কয় ৷

ABOUT THE AUTHOR

...view details