অসম

assam

ETV Bharat / state

পঞ্চভূতত বিলীন অৰুণাচলত দুৰ্ঘটনাত নিহত মৰঙীৰ একেটা পৰিয়ালৰ তিনিজন - GOLAGHAT FAMILY TRAGIC ACCIDENT

অৰুণাচললৈ ফুৰিবলৈ গৈ দুৰ্ঘটনাত পতিত হৈছিল পৰিয়ালটো । মৰঙী ঔগুৰি চাপৰিৰ একেটা পৰিয়ালৰ তিনিজনৰ মৃতদেহ পঞ্চভূতত বিলীন ।

Golaghat family tragic accident
পঞ্চভূতত বিলীন অৰুণাচলত দুৰ্ঘটনাত নিহত মৰঙীৰ একেটা পৰিয়ালৰ তিনিজন (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jan 29, 2025, 4:46 PM IST

গোলাঘাট : কোনো দিনে উভতি নহা বাটেৰে গুচি গ'ল তেওঁলোক । পৰিয়ালৰ সৈতে সোঁশৰীৰে ফুৰিবলৈ গৈ অৱশেষত নিথৰ দেহ হৈ উভতি আহিছিল নিজ ঘৰলৈ ।

শনিবাৰে নিশা গোলাঘাট জিলাৰ মৰঙী মৌজাৰ অন্তৰ্গত ঔগুৰি চাপৰিৰ এগৰাকী কন্যা সন্তানসহ দুই ভাতৃয়ে পত্নীক লগত লৈ অৰুণাচল প্ৰদেশৰ মায়দিয়ালৈ এখন স্কৰপিঅ' বাহনেৰে ফুৰিবলৈ গৈছিল । কিন্তু নিয়তিৰ কি পৰিহাস ! দেওবাৰে সন্ধিয়া এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হয় তেওঁলোক । ফলত ঘটনাস্থলীতে চালকসহ চাৰিজনৰ মৃত্যু হোৱাৰ লগতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আন দুজন ।

পঞ্চভূতত বিলীন অৰুণাচলত দুৰ্ঘটনাত নিহত মৰঙীৰ একেটা পৰিয়ালৰ তিনিজন (ETV Bharat Assam)

উক্ত ঘটনাৰ খবৰ লাভ কৰি অৰুণাচল প্ৰদেশ আৰক্ষীয়ে উদ্ধাৰ অভিযান চলাই বাহনখনৰ চালক মনোজ চেত্ৰীক মৃত আৰু এটি কণমানি শিশু ৰৌশ্নী চেত্ৰী আৰু হৰিমায়া চেত্ৰীক আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ কৰি চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে । পিছত সূৰুয চেত্ৰী, ৰঞ্জিত চেত্ৰী আৰু মীনা চেত্ৰীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ।

মৰণোত্তৰ পৰীক্ষাৰ অন্তত বুধবাৰে তিনিজনৰ মৃতদেহ নিজ গাঁও ঔগুৰি চাপৰিত উপস্থিত হোৱাৰ লগে লগে সমগ্ৰ অঞ্চলতে এক শোকাকুল পৰিবেশে বিৰাজ কৰে । বিভিন্ন প্ৰান্তৰ আত্মীয়-স্বজন তথা প্ৰতিবেশীসকল বাসগৃহত উপস্থিত হৈ সূৰুয চেত্ৰী, ৰঞ্জিত চেত্ৰী আৰু হৰিমায়া চেত্ৰীৰ প্ৰতি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে । পাছত সহস্ৰাধিক গুণমুগ্ধৰ উপস্থিতিত অঞ্চলটোৰ ধনশিৰি নদীৰ পাৰত তেওঁলোকৰ শেষকৃত্য সম্পন্ন কৰা হয় ।

ঘটনা সন্দৰ্ভত স্থানীয় এজন যুৱক নুৰুল আলীয়ে কয়, "অঞ্চলটোত দেওবাৰৰ পৰা সকলোৱে চকুপানী টুকি আছে । সমাজৰ সকলো অনুষ্ঠানৰ লগত জড়িত সূৰুয চেত্ৰী, ৰঞ্জিত চেত্ৰী আৰু মীনা চেত্ৰীয়ে আগভাগ লৈ আহিছিল । প্ৰথমতে আমি পৰিয়ালৰ লোকক সাধাৰণ দুৰ্ঘটনা বুলি কৈছিলোঁ । কিন্তু আমি ভিতৰি গম পাইছিলোঁ যে দুৰ্ঘটনাটো অতি ভয়ংকৰ আছিল ।"

তেওঁ লগতে কয়, "আটাইতকৈ গুৰুত্বপূৰ্ণ কথা উক্তদিনা সূৰুয চেত্ৰীৰ পুত্ৰক লগত নিয়াৰ কথ আছিল । কিন্তু পুত্ৰৰ পৰীক্ষাৰ বাবে শিক্ষকে নিব দিয়া নাছিল । ভগৱানৰ ওচৰত আমি এটায়ে কামনা কৰিছোঁ যে ৰঞ্জিত চেত্ৰী আৰু সূৰুষ চেত্ৰীৰ মাতৃক শক্তি দিয়ক । বৰ্তমান পৰিয়ালত কোনো নাই । গতিকে আমি জাত-পাত বাদ দি সকলোৱে এতিয়া তেখেতৰ পৰিয়াল । যাৰ বাবে আমি সকলোৱে ইয়ালৈ আহিছোঁ আৰু বাকী থকা কামত সকলোৰে সহায়-সহযোগিতা কামনা কৰিছোঁ ।"

আনহাতে, এই সম্পৰ্কে স্থানীয় এজন লোকে কয়, "আমাৰ মৰঙীবাসীৰ বাবে এক অপূৰণীয় ক্ষতি । তেওঁলোক তেজাল যুৱক, যি সামাজিকভাৱে দায়বদ্ধ আছিল । এটা পৰিয়াল আজি শেষ হ'ল । ফুৰিবলৈ যোৱা ছয়জনৰ ভিতৰত দুজন চিকিৎসাধীন অৱস্থাত আছে । তেওঁলোকৰ আৰোগ্য কামনা কৰিছোঁ । সকলো মৰঙীবাসী গুণমুগ্ধ ৰাইজ আজি ওলাই আহিছে । কথা ক'বলৈ আমাৰ ভাষা নাই । আঘাতপ্ৰাপ্ত দুজনৰ উন্নত চিকিৎসাৰ বাবে চৰকাৰে এককালীন সাহায্য প্ৰদান কৰিলে তেওঁলোক সুস্থ হৈ উঠিবলৈ কিছু সকাহ লাভ কৰিব । তাৰ বাবে আহ্বান জনালোঁ ।"

লগতে পঢ়ক :অৰুণাচলৰ পাহাৰৰ পৰা ১০০০ ফুট তলত পৰিল নুমলীগড়ৰ গাড়ী: মহিলাসহ নিহত চাৰি - ACCIDENT IN ARUNACHAL PRADESH
লগতে পঢ়ক :একেলগে দুৰ্ঘটনাত পতিত ৩ খনকৈ বাহন, আহত কেইবাজনো - ROAD ACCIDENT IN SIPAJHAR

ABOUT THE AUTHOR

...view details