নগাঁও/গোলাঘাট, 30 মাৰ্চ: নগাঁৱত অব্যাহত ড্ৰাগছ বিৰোধী অভিযান । মাত্ৰ কেইদিনমান পূৰ্বে ডিমাপুৰৰ পৰা সৰবৰাহৰ সময়ত প্ৰায় কোটি মূল্যৰ হেৰ'ইন জব্দ কৰাৰ পিচত শুকুৰবাৰে পুনৰ কোটি টকাৰো অধিক মূল্যৰ হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হয় নগাঁও আৰক্ষী । শুকুৰবাৰৰ সন্ধিয়া এক গোপন সূত্ৰৰ ভিত্তিত মণিপুৰৰ পৰা এখন বিশেষ বাহনত ড্ৰাগছ সৰবৰাহৰ খবৰ লাভ কৰিছিল নগাঁও আৰক্ষীয়ে ।
এই খবৰৰ ভিত্তিতেই সন্ধিয়া নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ অধীনৰ আমতলাত নাকা চেকিঙৰ ব্যৱস্থা কৰিছিল নগাঁও আৰক্ষীৰ এটা দলে । নগাঁও আৰক্ষীৰ নগৰ শাখাৰ লগতে সদৰ আৰক্ষী থানাৰ এটা দলে তালাচী চলোৱাৰ সময়তে এখন বাহনৰ প্ৰতি সন্দেহ উপজিছিল তদন্তকাৰী আৰক্ষীৰ ৷
ইয়াৰ পাচতে ঘটনাস্থলীত নগাঁৱৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাৰ লগতে অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম শইকীয়াসহ আৰক্ষীৰ আন এটা দল উপস্থিত হয় আৰু নিৰ্দিষ্ট বাহনখন জব্দ কৰি সদৰ আৰক্ষী থানালৈ লৈ যায় । পিচত মেকনিকৰ সহায়ত বাহনখনৰ বিভিন্ন অংশ খুলি হেৰ'ইন ভৰ্তি 50 টাকৈ চাবোনৰ বাকচ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটোৱে ।
জব্দ কৰা হেৰ'ইনখিনিৰ বজাৰ মূল্য এক কোটি 20 লাখ টকা হ'ব বুলি ধাৰণা কৰিছে নগাঁও আৰক্ষীয়ে । জব্দ কৰা হেৰ'ইনখিনি মণিপুৰৰ পৰা নগাঁৱলৈ সৰবৰাহ কৰাৰ সময়ত জব্দ কৰা বুলি উল্লেখ কৰে নগাঁও আৰক্ষীয়ে । ইতিমধ্যে বাহনৰগৰাকীৰ সন্ধানত অভিযান অব্যাহত ৰখা বুলিও সদৰী কৰে নগাঁও আৰক্ষীয়ে ।