তেজপুৰ : ভাৰতবৰ্ষৰ এখন বিখ্যাত গাঁও । যাক ভাৰতৰ ভিতৰতে সূৰ্যোদয়ৰ প্ৰথম স্থান বুলি কোৱা হয় । অৰুণাচল প্ৰদেশৰ আঞ্জাও জিলাত অৱস্থিত এই গাঁওখন হৈছে ডং । ভাৰতৰ একেবাৰে পূৱ দিশত অৱস্থিত ডং গাঁও দেশৰ ভিতৰতে সূৰ্যোদয়ৰ প্ৰথম স্থান হিচাপে পৰিচিত । যাৰ বাবে বছৰৰ অন্তিমটো দিন অৰ্থাৎ অহা ৩১ ডিচেম্বৰত ইয়ালৈ যথেষ্ট পৰ্যটকৰ সমাগমৰ আশা প্ৰকাশ কৰিছে স্থানীয় গাইডসকলে । ২০২৫ চনৰ প্ৰথম সূৰ্যোদয় প্ৰত্যক্ষ কৰিবলৈ পৰ্যটকে ভিৰ কৰিব গাঁওখনত ।
সূৰ্যৰ প্ৰথম কিৰণ পৰা ডং গাঁও
উল্লেখ্য যে অৰুণাচল প্ৰদেশক 'সূৰ্যোদয়ৰ দেশ' আৰু লেণ্ড অব ডন-লিট-মাউণ্টেইন (Land of the Dawn-Lit-Mountains) বুলিও কোৱা হয় । পূৱ দিশত অৱস্থিত বাবে অৰুণাচল প্ৰদেশত অন্যান্য প্ৰান্ততকৈ প্ৰথমে সূৰ্যৰ ৰশ্মি পৰে । তেজপুৰ চহৰৰ পৰা প্ৰায় ৬৭০ কিলোমিটাৰ পূৱ দিশত অৱস্থিত আঞ্জাও জিলাৰ ডং গাঁও ৱালঙৰ পৰা মাত্ৰ ৮ কিলোমিটাৰ দূৰত অৱস্থিত । ডং গাঁৱৰ পৰা প্ৰায় ৩ ঘণ্টা ট্ৰেকিং কৰি সেই বিশেষ ভিউ পইণ্টত উপস্থিত হ'ব লাগে । বিগত ২০০০ চনৰ ১ জানুৱাৰীত ডঙত বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকে সূৰ্যোদয়ৰ সাক্ষী হৈছিল । এতিয়া গাঁওখনক লোহিত নদীৰ ওপৰেৰে লোৰ ওলোমা দলঙেৰে সংযোগ কৰা হৈছে । ডং উপত্যকা অত্যন্ত আকৰ্ষণীয় ।
সূৰ্যৰ প্ৰথম কিৰণ পৰা এখন বিখ্যাত গাঁও (ETV Bharat) কনচোক ছেৰিং নামৰ এজন স্থানীয় লোকে ই টিভি ভাৰতক কয়, "ভাৰতৰ প্ৰথম সূৰ্যৰ কিৰণ পৰা দৃশ্য চাবলৈ ২০০০ চনৰ পৰা পৰ্যটকৰ আগমন হ'বলৈ ধৰিছে । যোৱা দুটা বৰ্ষৰ পৰা ডং গাঁৱত পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে । এইবছৰ আজিৰ দিনটোত ৯০ গৰাকী পৰ্যটকে সূৰ্যোদয় চাবলৈ উপস্থিত হৈছে । অৰুণাচল প্ৰদেশৰ ৯ ঘৰ আৱাসী থকা অতি পিছপৰা এই গাঁওখনৰ বাবে পৰ্যটনৰ দিশত ই এক আশাৰ খবৰ । স্থানীয় ৰাইজে পৰ্যটকৰ বাবে কেম্প প্ৰস্তুত কৰি আৰ্থিকভাৱে স্বাৱলম্বী হ'বলৈ ধৰিছে ।" তেওঁ লগতে কয় যে এই স্থান ট্ৰাই জংচন অৰ্থাৎ চীন-ভাৰত-ম্যানমাৰৰ সংগমস্থলী ।
সূৰ্যৰ প্ৰথম কিৰণ পৰা এখন বিখ্যাত গাঁও (ETV Bharat) বছৰৰ শেষত পৰ্যটকৰ ভিৰ
গম্বু মেয়ৰ নামৰ এগৰাকী গাইডে কয় যে এই মাহত সূৰ্যোদয় প্ৰত্যক্ষ কৰিবলৈ বৰ্তমানলৈকে প্ৰায় ১৫০০ৰো অধিক লোক আহিছে আৰু অহা তিনিদিনত আৰু অধিক পৰ্যটকৰ আগমন আশা কৰা হৈছে ।
সূৰ্যৰ প্ৰথম কিৰণ পৰা এখন বিখ্যাত গাঁও (ETV Bharat) য়োনতেন মেয়ৰ নামৰ এজন পৰ্যটক গাইড তথা ডং গাঁৱৰ বাসিন্দাই ই টিভি ভাৰতক কয়, "আমি বৰ্তমান বিভিন্ন ঠাইৰ পৰা অহা পৰ্যটকক সূৰ্যোদয় উপভোগ কৰাবলৈ লৈ যাওঁ । আমাৰ গাঁওখনৰ মুঠ ৯ ঘৰ পৰিয়ালৰ পৰা প্ৰত্যেক দিনাই পাল পাতি পৰ্যটকক লৈ যাওঁ । ভিউ পইণ্টলৈ যোৱাৰ বাবদ পৰ্যটকে টিকট সংগ্ৰহ কৰিব লাগে আৰু প্ৰতিগৰাকী ব্যক্তিৰ পৰা ৫০০ টকা লোৱা হয় । যদি গ্ৰুপ হিচাপে আহে তেতিয়া আমি তেওঁলোকৰ পৰা ধন কমকৈ লওঁ । নিশা ১২ বজাৰ পিছত পৰ্যটকৰ দল সাজু হয়, প্ৰায় ২ মান বজাৰ পৰা যাত্ৰা কৰিব লাগে । ভিউ পইণ্টত সকলোৱে কেমেৰা লৈ অপেক্ষা কৰি থাকে, প্ৰায় ৪:৩০ মান বজাত সূৰ্যৰ কিৰণ লাহে লাহে তাত পৰিবলৈ আৰম্ভ কৰে । এই মনোৰম দৃশ্যই সকলোকে আকৰ্ষিত কৰে ।"
সূৰ্যৰ প্ৰথম কিৰণ পৰা এখন বিখ্যাত গাঁও (ETV Bharat) অৰুণাচল প্ৰদেশৰ বাছাৰ জিলাৰ এজন যুৱক বাইক ৰাইডাৰ জামপিন বামে ইয়াৰ মাজতে ডঙত উপস্থিত হয় । তাত কেম্পত থাকি তেওঁ সূৰ্যোদয় উপভোগ কৰিছে । তেওঁ এই সন্দৰ্ভত কয়, "ইয়ালৈ আহি বহুত ভাল লাগিছে । নাহিলে কোনেও বুজি নাপায় । দেশৰ ভিতৰতে প্ৰথম সূৰ্যৰ কিৰণ পৰা ঠাই আৰু প্ৰায় ৫ বজাৰ পৰাই প্ৰকৃত পোহৰ প্ৰত্যক্ষ কৰিবলৈ পোৱা যায় ।"
সূৰ্যৰ প্ৰথম কিৰণ পৰা এখন বিখ্যাত গাঁও (ETV Bharat) অৰুণাচল প্ৰদেশৰ আনিনিৰ বাসিন্দা নাৰাজু মিহুৱে কয়, "২০০০ চনৰ পৰাই প্ৰথম সূৰ্যোদয় প্ৰত্যক্ষ কৰিবলৈ দেশ-বিদেশৰ লোক এই ঠাইত ভিৰ কৰিছিল । তাৰ পিছৰ পৰাই বছৰৰ শেষত সূৰ্যোদয় প্ৰত্যক্ষ কৰিবলৈ লোক এই ঠাইলৈ আহে । মই আজি ডঙৰ পৰা মোৰ ঠাই আনিনিলৈ ঘূৰি আহিছো । সূৰ্যৰ ৰঙা ৰশ্মি আহি পৰ্বতত পৰে আৰু তাৰ পৰা সম্পূৰ্ণ পোহৰ সমগ্ৰ ডঙত পৰে ।
লগতে পঢ়ক :কৃষিপ্ৰধান অসমৰ বাবে উদ্বেগজনক বিষয়; ৰাজ্যত ক্ৰমাৎ হ্ৰাস পাইছে কৃষিভূমি - PADDY CULTIVATION