মৰিগাঁও, ১৭ জুলাই :মৰিগাঁও জিলাৰ জাগীৰোডত স্থাপন হ'বলগীয়া টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমি আৱন্টন প্ৰক্ৰিয়া মঙলবাৰে সম্পন্ন হয় । এই টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পটোৰ বাবে অসম চৰকাৰে আৱন্টন দিয়া ৫১৭.২৭ বিঘা মাটি মঙলবাৰে চৰকাৰী নিয়মানুসাৰে মৰিগাঁও উপ পঞ্জীয়কৰ কাৰ্যালয়ত পঞ্জীয়ন প্ৰক্ৰিয়া সম্পন্ন কৰা হয় ।
ভূমি আৱন্টন প্ৰক্ৰিয়াৰ বিষয়ে উল্লেখ কৰি মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই কয়, "আজি মৰিগাঁও জিলাবাসীৰ বাবেই নহয়,অসম তথা ভাৰতবৰ্ষৰ বাবে এক ঐতিহাসিক দিন হিচাপে পৰিগণিত হৈছে ।" মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কথা দিয়া মতেই মঙলবাৰে জাগীৰোড কাগজকলৰ ভূমিত স্থাপন হ'বলগা টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ বাবে টাটা ইলেকট্ৰনিকছ কৰ্তৃপক্ষৰ ৰঞ্জন বন্ধোপ্যাধায় আৰু আশিস মিশ্ৰৰ নেতৃত্ব এটা উচ্চস্তৰীয় দল মুম্বাইৰ পৰা কালি জিলাখনত উপস্থিত হয় ।
প্ৰথমে প্ৰতিষ্ঠান পৰিচালনা কৰিবলগীয়া বিষয়ববীয়া সকলক আদৰণি মৰিগাঁও জিলা আয়ুক্তই এক আলোচনাত মিলিত হয় । এই আলোচনাৰ পিচতেই আয়ুক্ত দেৱাশীষ শৰ্মাসহ দলটোৱে উপ-পঞ্জীয়কৰ কাৰ্যালয়ত উপস্থিত হৈ পঞ্জীয়ন প্ৰক্ৰিয়া সম্পন্ন কৰে ।