নগাঁও :এটা চৰি ফুৰা মুৰ্গী ৷ মুৰ্গীটোৱে নাজানে গৰাকীৰ মাটিৰ সীমা ! খাবলৈ পালেই ইঘৰ-সিঘৰৰ বাৰী-চোতালত খাদ্য বিচাৰি যায় ৷ আচলতে কেৱল মুৰ্গীয়েই যে এনে আচৰণ কৰে সেয়া নহয় ৷ প্ৰতিটো জীৱ-জন্তুৰ ক্ষেত্ৰতে এনে হয় ৷ পিছে আপুনি বাৰু ভাবিছে, কি কৈ আছো বুলি ! আচলতে আজিৰ বাতৰিত ক’ম কেনেকৈ এটা মুৰ্গীৰ ফলত সংঘটিত হ’ল এখন তয়াময়া ৰণ ৷
ঘটনাৰ স্থান নগাঁৱৰ ৰূপহীহাট ৷ জানিব পৰা মতে, বুধবাৰে দুপৰীয়াৰ ভাগত ৰিয়াজউদ্দিনে পোহা এটা ব্ৰইলাৰ মুৰ্গী হুছেইন আলীৰ বাসগৃহত প্ৰৱেশ কৰে ৷ সেয়াই আৰম্ভণি ৷ কিয় ৰিয়াজউদ্দিনে পোহা মুৰ্গী হুছেইন আলীৰ ঘৰৰ চাৰিবেৰৰ মাজত সোমায় যায় ! এই লৈ প্ৰথমে দুটা ফৈদৰ মাজত তৰ্কযুদ্ধ হয় আৰু পিছত ই মহাৰণলৈ পৰিণত হয় ৷
কোনোবাই যদি হাতত ডাঙৰ-দীঘল বাঁহ লৈ খেদি আহিছে, আন কোনোবাই আকৌ গুলটি লৈ বিৰোধীৰ ফালে আগুৱাই গৈছে ৷ ইয়াৰ মাজতে আকৌ দুটা ফৈদৰ মুখত অভব্য গালি-গালাজ ৷ আচলতে ৰূপহীহাটৰ দক্ষিণ খাটোৱালৰ ৰিয়াজউদ্দিন আৰু হুছেইন আলীৰ দুই পৰিয়ালৰ মাজত পূৰ্বৰে পৰাই চলি আছিল ভূমিকেন্দ্ৰিক সংঘাত ৷ বুধবাৰে মুৰ্গীটো মাত্ৰ এটা অজুহাতহে আছিল ৷ এই অজুহাত লৈ দুয়োটা ফৈদে প্ৰচণ্ড মাৰপিটত লিপ্ত হয় ৷
লগতে পঢ়ক :অমনক হত্যা কৰি কোনে কাঢ়ি নিলে ৩ লাখ ? |