লখিমপুৰ, ৪ ফেব্ৰুৱাৰী : লখিমপুৰত আৰক্ষীৰ বিশেষ শাখাৰ লেন্স নায়কৰ দেহাৱসান । লখিমপুৰৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ অধীনত নিযুক্ত বিশেষ শাখাৰ লেন্স নায়ক নিত্যানন্দ দেউৰীয়ে শুকুৰবাৰে নিশা ইহললীলা সম্বৰণ কৰে । এক জানুৱাৰীত উচ্চ ৰক্তচাপত আক্ৰান্ত হৈছিল লেন্স নায়ক নিত্যানন্দ দেউৰী । ততাতৈয়াকৈ তেওঁক লখিমপুৰ মেডিকেল কলেজত ভৰ্তি কৰোৱাৰ পাচত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় লৈ নিয়া হৈছিল ।
ডিব্ৰুগড়ত তেওঁক চিকিৎসা চলি থকাৰ মাজতে শুকুৰবাৰে নিশা হাৰ মানে নিয়তিৰ ওচৰত । শনিবাৰে তেওঁৰ নশ্বৰদেহ লখিমপুৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ অনা হয় । আৰক্ষী বিভাগে তেওঁক যথাৰীতি বিভাগীয় মৰ্যাদাৰে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে । তাৰ পাচতে তেওঁৰ মৃতদেহ বিহপুৰীয়াৰ স্বগৃহলৈ লৈ যোৱা হয় ।
উল্লেখ্য যে শেহতীয়াকৈ তেওঁক জিলাখনৰ নাৰায়ণপুৰ থানাত নিয়োগ কৰা হৈছিল । যোৱা এক জানুৱাৰীত তেওঁ নাৰায়ণপুৰ থানাত যোগদান কৰিবলৈ গৈ ঘুৰি আহিবলৈ লওতেই উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ পৰে । নিত্যানন্দ দেউৰীৰ বিয়োগত সমগ্ৰ জিলাখনত গভীৰ শোকৰ ছাঁ পৰে । অতি অমায়িক সৰবৰহী ব্যক্তি নিত্যানন্দ দেউৰীৰ মৃত্যুত বিভাগীয় লোকৰ লগতে ৰাইজেও শোক প্রকাশ কৰে । মৃত্যুৰ সময়ত পত্নীসহ দুই পুত্র সন্তানক ইহ সংসাৰত এৰি থৈ যায় নিত্যানন্দ দেউৰীয়ে ।