হাফলং, 14 মাৰ্চ :মুখ্যমন্ত্ৰী মহিলা উদ্যমীতা অভিযানৰ অধীনত লাখপতি বাইদেউ আচঁনিৰ আবেদনকাৰীৰ পৰা প্ৰ-পত্ৰ পূৰণৰ বাবে 200 টকা কৰি সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওত । ৰাজ্যৰ চহৰ অঞ্চলত মহিলাসকলক লাখপতি কৰাৰ লক্ষ্যৰে চৰকাৰে মুখ্যমন্ত্ৰী মহিলা উদ্যমীতা অভিযানৰ অধীনত লাখপতি বাইদেউ আচঁনিৰ সূচনা কৰিছে ।
কিন্তু এতিয়া এই আচঁনিক লৈ দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওত । অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওৰ শিল্পনগৰী হিচাপে পৰিচিত উমৰাংচুত এতিয়া এই আচঁনিৰ অধীনত প্ৰ-পত্ৰ পূৰণ কৰাৰ বাবে এটা দালাল চক্ৰই 200 টকা সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে ।
ইটিভি ভাৰতৰ হাতত এই অভিযোগৰ তথ্য ইতিমধ্যে আহি পৰিছে । ভিডিঅ’ ফুটেজতো দেখা গৈছে এগৰাকী মহিলাই প্ৰ-পত্ৰ পূৰণৰ বাবে হাতত টকা লৈ থিয় হৈ থকাৰ দৃশ্য ৷ উমৰাংচুৰ এটা সহায়তা কেন্দ্ৰৰ দৃশ্য এয়া । উমৰাংচুৰ এই সহায়তা কেন্দ্ৰত লাখপতি বাইদেউ আচঁনিৰ আবেদনকাৰী সকলৰ প্ৰ-পত্ৰ পূৰণ কৰাৰ বাবদ এগৰাকী মহিলাই 200 টকাকৈ সংগ্ৰহ কৰিছে বুলি জানিবলৈ দিছে আবেদনকাৰীয়ে । এই তথ্য লাভ কৰাৰ পাচত যেতিয়া সাংবাদিক সত্যৰ অনুসন্ধানত এই সহায়তা কেন্দ্ৰত উপস্থিত হয়গৈ, তেতিয়া সমগ্ৰ বিষয়টো লৈ ধন সংগ্ৰহ কৰা গৰাকীয়ে সাংবাদিকসকলৰ লগত দুৰ্ব্যৱহাৰ কৰাৰ লগতে যেনেকৈ ইচ্ছা তেনেকৈয়ে বাতৰি পৰিবেশন কৰিবলৈ কয় ।