নগাঁও, ২১ জানুৱাৰী:দেওবাৰে সন্ধিয়া নগাঁৱৰ ৰূপহীহাটত উপস্থিত হ'ব কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা । কিন্তু ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা উপস্থিত হোৱাৰ প্ৰকমুহূৰ্তত ৰূপহীহাটত দেখা গ'ল অন্য এক পৰিবেশ । দেওবাৰৰ দিনটোতো খোলা থাকিল গাঁও পঞ্চায়ত কাৰ্যালয় । কেৱল পঞ্চায়ত কাৰ্যালয় খোলা ৰখাই নহয় পঞ্চায়ত ইয়াত পৰিলক্ষিত হ'ল মহিলাৰ অভাৱনীয় ভিৰ ।
ৰূপহীহাট সমষ্টিৰ ৰূপহীহাট, জিউমাৰী, জুৰীয়া আদি পঞ্চায়তত ভিৰ কৰিলে শ শ মহিলাই । কিন্তু ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ প্ৰকমুহূৰ্তত এইসকল মহিলাই গাঁও পঞ্চায়ত কাৰ্যালয়ত কিয় ভিৰ কৰিলে তাৰ বাবেহে চৰ্চা হৈছে ।
লাখপতিৰ বাবে গাঁও পঞ্চায়ত কাৰ্যালয়ত এইদৰে ভিৰ কৰিলে মহিলাসকলে । লাখপতি মানে ৰাজ্য চৰকাৰৰ লাখপতি বাইদেউ আঁচনিৰ বাবে । আচলতে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই ৰূপহীহাটত উপস্থিত হোৱাৰ প্ৰকমুহূৰ্তত পঞ্চায়ত কাৰ্যালয়ত প্ৰদান কৰা হৈছে লাখপতি বাইদেউ আঁচনিৰ প্র-পত্ৰ । এই খবৰ বিয়পি পৰাৰ লগে লগে হিল দল ভাঙি পঞ্চায়ত কাৰ্যালয়ে কাৰ্যালয়ে উপস্থিত হ'ল ৰূপহীহাট সমষ্টিৰ হাজাৰ হাজাৰ মহিলা ।