অসম

assam

চোকা অস্ত্ৰৰে পত্নীক হত্যা কৰি আত্মহনন কৰিলে নেকি আৰক্ষী জোৱানে ! - Police suicide case

By ETV Bharat Assamese Team

Published : Sep 2, 2024, 3:14 PM IST

Police suicide case: অসম আৰক্ষীৰ লখিমপুৰৰ এজন জোৱানৰ আত্মহত্যা । আত্মহত্যাৰ পূৰ্বে পত্নীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে । পুৱা আৰক্ষীয়ে দুয়োটা মৃতদেহ উদ্ধাৰ কৰে । আচলতে আৰক্ষী জোৱানজনে কিয় এই ঘটনা সংঘটিত কৰিলে ? ৰহস্যৰ আৱৰ্তত সমগ্ৰ ঘটনা ।

Police suicide case
চৰম সিদ্ধান্তৰ পূৰ্বে পত্নীক হত্যা এজন আৰক্ষী জোৱানৰ (ETV Bharat)

লখিমপুৰ, ২ ছেপ্টেম্বৰ : লখিমপুৰ নগৰৰ সমীপৰ বড়িমূৰীত ভয়ংকৰ ঘটনা । ঘৰৰ ভিতৰতে উদ্ধাৰ এজন আৰক্ষী জোৱান আৰু তেওঁৰ পত্নীৰ মৃতদেহ । আৰক্ষী জোৱানজন লেন্স-নায়ক বসন্ত শইকীয়া বুলি চিনাক্ত কৰা হৈছে । আৰক্ষী জোৱানজনে প্ৰথমে পত্নীক হত্যা কৰি আত্মহনন কৰা বুলি সন্দেহ কৰা হৈছে ।

চৰম সিদ্ধান্তৰ পূৰ্বে পত্নীক হত্যা এজন আৰক্ষী জোৱানৰ (ETV Bharat)
  • ঘটনাটো কি ?

জানিব পৰা মতে, বসন্ত শইকীয়া নামৰ অসম আৰক্ষীৰ জোৱানজনে প্ৰথমে চোকা অস্ত্ৰৰে পত্নীক হত্যা কৰে । ইফালে ঘৰৰ পানীৰ টেংকিত উদ্ধাৰ হয় আৰক্ষী জোৱানজনৰ মৃতদেহ । পুৱা প্ৰায় ৪ মান বজাতে সংঘটিত হয় এই ঘটনা । জোৱানজনে কন্যা আৰু পুত্ৰক ঘৰৰ ভিতৰত আৱদ্ধ কৰি সংঘটিত কৰে এই ঘটনা ।

মাতৃৰ আৰ্তনাদ শুনি পুত্র আৰু কন্যাই চিঞৰ-বাখৰ কৰে । একাংশ চুবুৰীয়া উপস্থিত হৈ তেওঁলোকক ঘৰৰ ভিতৰৰ পৰা উলিয়াই আনে । পিছত তেজেৰ লুতুৰি-পুতুৰি অৱস্থাত পত্নীৰ মৃতদেহ উদ্ধাৰ কৰা হয় । আৰক্ষী জোৱানৰ পত্নীৰ ডিঙিত চোকা অস্ত্ৰৰ আঘাতৰ দাগ স্পষ্ট আছিল ।

ইফালে ঘৰৰে পানীৰ টেংকিত উদ্ধাৰ হয় আৰক্ষী জোৱানজনৰ মৃতদেহ । আনহাতে আৰক্ষী জোৱানজনৰ মৃতদেহৰ সমীপত বিষাক্ত দ্ৰব্যৰ এটা গিলাচো উদ্ধাৰ কৰা হৈছে বুলি আৰক্ষীয়ে জনাইছে । সমগ্ৰ ঘটনাটোক লৈ লখিমপুৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । কিন্তু আৰক্ষী জোৱানজনে কিয় এনে সিদ্ধান্ত ল'লে সেয়া স্পষ্ট হোৱা নাই ।

অৱশ্যে গৃহকন্দলৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে । আৰক্ষীয়ে খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰিছে । আৰক্ষীয়ে তেজৰ দাগ থকা এখন চোকা অস্ত্ৰও উদ্ধাৰ কৰিছে । আৰক্ষীয়ে জনোৱা মতে মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে ফৰেনচিকৰ দলে ঘটনাস্থলীৰ পৰা নমুনা সংগ্ৰহ কৰিছে ।

  • ৰাজ্যিক পৰ্যায়ৰ খেলুৱৈ আছিল আৰক্ষী জোৱনাজন

উল্লেখ্য যে অসম আৰক্ষীৰ লেন্স নায়ক বসন্ত শইকীয়া লখিমপুৰৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত সংলগ্ন পি আই ক'ৰ্টত এবছৰমানৰ পৰা কৰ্মৰত হৈ আছিল । আৰক্ষী জোৱানজন ক্ৰীড়াক্ষেত্রৰ লগতো জড়িত আছিল । তেওঁ ৰাজ্যিক পৰ্যায়ৰ কাৰাটে খেলুৱৈ আছিল । বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাত তেওঁ বিচাৰকৰ দায়িত্ব পালন কৰিছিল । কৰ্মক্ষেত্ৰতো তেওঁৰ সুনাম আছে । কিন্তু তেনে এজন আৰক্ষীয়ে এনে ভয়ংকৰ ঘটনা সংঘটিত কৰিব পাৰে বুলি কোনেও বিশ্বাস কৰিব পৰা নাই । অৱশ্যে আৰক্ষীৰ তদন্তৰ পিচতহে সকলো ৰহস্য ফাদিল হ'ব ।

(যদি আপোনাৰ মনলৈ আত্মহত্যাৰ চিন্তা আহিছে বা আপুনি কোনো বন্ধুৰ বাবে চিন্তিত বা আপোনাক আৱেগিক সমৰ্থনৰ প্ৰয়োজন হৈছে, তেন্তে স্নেহা ফাউণ্ডেশ্যনলৈ ফোন কৰক – ০৪৪২৪৬৪০০৫০ (২৪x৭ উপলব্ধ) বা আইকল, টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল চায়েন্স হেল্পলাইন – ৯১৫২৯৮৭৮২১ সোমবাৰৰ পৰা শনিবাৰলৈ পুৱা ৮ বজাৰ পৰা নিশা ১০ বজালৈ উপলব্ধ ।)

লগতে পঢ়ক :ৰহস্যজনক : দুই পুত্ৰসহ ব্ৰহ্মপুত্ৰত জাঁপ দিলে মহিলাই ! - Bogibeel Bridge

ABOUT THE AUTHOR

...view details