অসম

assam

লখিমপুৰ বাণিজ্য মহাবিদ্যালয়লৈ প্ৰধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযানৰ অধীনত পাঁচ কোটিৰ অনুদান - Lakhimpur Commerce College

লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ে কেন্দ্রীয় শিতানত পাঁচ কোটি টকাৰ অনুদান লাভ কৰিছে ৷ লখিমপুৰ জিলাৰ ভিতৰত একমাত্র লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ে এই অনুদান লাভ কৰিবলৈ সক্ষম হৈছে।

By ETV Bharat Assamese Team

Published : Apr 6, 2024, 8:31 PM IST

Published : Apr 6, 2024, 8:31 PM IST

LAKHIMPUR COMMERCE COLLEGE
প্ৰধান মন্ত্ৰী উচ্চতৰ শিক্ষা অভিযানৰ অধীনত পাঁচ কোটিৰ অনুদান

লখিমপুৰ বাণিজ্য মহাবিদ্যালয়লৈ পাঁচ কোটিৰ অনুদান

লখিমপুৰ, 6 এপ্ৰিল : লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ বাবে সুখবৰ ৷ প্ৰধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযানৰ অধীনত পাঁচ কোটিৰ অনুদান লাভ কৰিছে মহাবিদ্যালয়খনে ৷ ইয়াৰ পিচতেই ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ বাণিজ্য শিক্ষাৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী সকলৰ লগতে উৎফুল্লিত হৈ পৰিছে স্থানীয় ৰাইজ ৷

এই মহাবিদ্যালয়খনে প্ৰধান মন্ত্ৰী উচ্চতৰ শিক্ষা অভিযানৰ অধীনত পাঁচ কোটি টকা মহাবিদ্যালয় সৱলীকৰণ শিতানত লাভ কৰিছে ৷ এই অনুদান লাভ কৰা লখিমপুৰ বাণিজ্য মহাবিদ্যালয় জিলাখনৰ ভিতৰত একমাত্ৰ মহাবিদ্যালয় ৷ উল্লেখ্য যে, সমগ্ৰ দেশৰ 321 খন মহাবিদ্যালয়ে এই অনুদান লাভ কৰিছে ৷ ইয়াৰ ভিতৰত অসমৰ আছে 14 খন মহাবিদ্যালয় ৷

লখিমপুৰ জিলাৰ ভিতৰত একমাত্ৰ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়খন এই অনুদানৰ বাবে তালিকাভুক্ত হৈছে ৷ অধ্যক্ষ ড৹ লোহিত হাজৰিকাই মহাবিদ্যালয়খনে এই অনুদান লাভ কৰাৰ বাবে সন্তুষ্টি প্ৰকাশ কৰে ৷ তেওঁ এই অনুদানেৰে মহাবিদ্যালয়খনৰ বাবে গ্ৰহণ কৰা কেতবোৰ আঁচনিৰ কথা সদৰী কৰে ৷

অধ্যক্ষ ড৹ লোহিত হাজৰিকাই কয় যে, ই অনুদানৰ টকাৰে মহাবিদ্যালয়খনৰ আন্তগাঁঠনিৰ উন্নয়ন কৰাৰ উপৰিও বৃত্তিমুখী শিক্ষা প্ৰদানৰ লক্ষ্য লোৱা হৈছে ৷ বিভিন্ন বৃত্তিমুখী শিক্ষা প্ৰদান কৰি উঠি অহা সকলে চৰকাৰী চাকৰি নহ’লেও যাতে জীৱিকা নিৰ্বাহ কৰিব পাৰে তাৰ বাবে উপযুক্ত প্ৰশিক্ষণ প্ৰদান কৰা হ’ব ৷ মহাবিদ্যালয়খনক এনে দিশত অগ্ৰণী ৰূপত গঢ়ি তোলাৰ বাবে কেতবোৰ আঁচনি গ্ৰহণ কৰা হৈছে বুলি তেওঁ কয় ৷ কেন্দ্ৰীয় চৰকাৰৰ এই অনুষ্ঠানেৰে সমৃদ্ধ হোৱা লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ক অনন্য ৰূপত গঢ়ি তোলাটো তেওঁৰ এক সপোন আৰু এই সপোনক সাকাৰ ৰূপ দিয়াত সকলোৰে সহযোগিতা কামনা কৰে অধ্যক্ষগৰাকীয়ে ৷

লগতে পঢ়ক :তেজপুৰ বিশ্ববিদ্যালয়ত সংযুক্ত হ'ল ছটা নতুন বিভাগ - Tezpur University

ABOUT THE AUTHOR

...view details