অসম

assam

লখিমপুৰত শ্বহীদৰ স্মৃতিত ৮৬০ গছি বন্তি প্ৰজ্বলন আছুৰ - Assam Accord

By ETV Bharat Assamese Team

Published : Aug 14, 2024, 9:31 PM IST

39 years of Assam Accord : ঐতিহাসিক অসম চুক্তিয়ে ৩৯ বছৰ সম্পূৰ্ণ কৰি ৪০ বছৰত ভৰি দিলে । এই উপলক্ষে আছুৰ প্ৰতিখন জিলা সমিতিয়ে বুধবাৰে শ্বহীদৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰে । লখিমপুৰতো জিলা ছাত্ৰ সন্থাই ৮৬০ গছি বন্তি প্ৰজ্বলন কৰি শ্বহীদসকলক স্মৰণ কৰে ।

40 years of Assam Accord
লখিমপুৰত শ্বহীদৰ স্মৃতিত ৮৬০ গছি বন্তি প্ৰজ্বলন আছুৰ (ETV Bharat Assam)

লখিমপুৰ, 14 আগষ্ট : বিদেশী বিতাড়ণ আন্দোলনত ৮৬০ গৰাকী শ্বহীদ হ’ল । নিৰ্যাতিত হ’ল বহুজন । অসম চুক্তিৰ জৰিয়তে সেই বিশ্বখ্যাত আন্দোলন শাম কাটিছিল । সেই চুক্তিৰ আজি ৩৯ বছৰ পূৰ্ণ হোৱা উপলক্ষে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে ৰাজ্যজুৰি প্ৰতিখন জিলা সমিতিয়ে ৮৬০ গছি বন্তি প্ৰজ্বলন কৰি শ্বহীদসকলক সোঁৱৰণ কৰি শ্ৰদ্ধা জনায় ।

লখিমপুৰত শ্বহীদৰ স্মৃতিত ৮৬০ গছি বন্তি প্ৰজ্বলন আছুৰ (ETV Bharat Assam)

ৰাজ্যৰ আন জিলাৰ দৰে লখিমপুৰতো জিলা ছাত্ৰ সন্থাই উত্তৰ লখিমপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত শ্বহীদবেদীৰ প্ৰাংগণত ৮৬০ গছি বন্তি প্ৰজ্বলন কৰে । এই কাৰ্যসূচীত ছাত্ৰ সন্থাৰ বিষয়ববীয়া আৰু কৰ্মীসকলৰ উপৰি শ্বহীদৰ পৰিয়াল, নিৰ্যাতিৰ পৰিয়াল, শিক্ষক সমাজ, সাহিত্য সভাকে ধৰি বিভিন্ন সংগঠনৰ বিষয়ববীয়াই অংশগ্ৰহণ কৰে ।

জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি ক্ষীৰোদ দুৱৰা, সম্পাদক পুনমজ্যোতি বুঢ়াগোহাঁই আদিৰ লগতে ছাত্ৰ সন্থাৰ ন-পুৰণি বহু ছাত্ৰনেতাই অংশগ্ৰহণ কৰে । জিলা সমিতিৰ সম্পাদক পুনমজ্যোতি বুঢ়াগোহাঁয়ে কয়, ‘‘অসম চুক্তিৰ ৩৯ বছৰ পূৰ্ণ হোৱাৰ সময়ত আমি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে শ্বহীদসকলৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰিছো । অসম চুক্তি স্বাক্ষৰ হোৱাৰ পিছত বহু চৰকাৰ আহিল আৰু গ’ল । কিন্তু কোনো এখন চৰকাৰে অসম চুক্তি ৰূপায়ণ কৰাত সদিচ্ছা নেদেখুৱালে ।’’

তেওঁ কয়, ‘‘ আমি কৈ আহিছো অসম চুক্তি আখৰে আখৰে ৰূপায়ণ কৰিব লাগে । কিন্তু চৰকাৰসমূহে এইক্ষেত্ৰত সদিচ্ছা দেখুওৱা নাই । অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণ হ’ব লাগে । তেতিয়া শ্বহীদৰ ত্যাগ অথলে নাযায় । অসম চুক্তি স্বাক্ষৰ হোৱাৰ ৪০ বছৰত ভৰি দিয়া দিনটোত আমি চৰকাৰক দাবী জনাইছো । অতি শীঘ্ৰে অসম চুক্তি ৰূপায়ণ কৰক । ৮৬০ গৰাকী শ্বহীদৰ ত্যাগক অথলে যাবলৈ নিদিব । কাৰণ তেওঁলোকৰ ত্যাগৰ বিনিময়ত অসম চুক্তি স্বাক্ষৰিত হৈছিল ।’’

চৰকাৰক ছাত্ৰনেতাজনে দাবী জনাই কয়, ‘‘ অসম আন্দোলনত যিসকল ধৰ্ষিতা, গুলীবিদ্ধ হৈছিল তেওঁলোকৰ সংস্থাপনৰ ব্যৱস্থা কৰক । যদিহে চৰকাৰে অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত আৰু পলম কৰে তেন্তে ছাত্ৰ সন্থাই আন্দোলন তীব্ৰতৰ কৰি তুলিব ।’’

লগতে পঢ়ক :'কা'ৰ ফলাফল: অসমত থাকি 'ভাৰতীয়' হ'ল প্ৰথমজন বাংলাদেশী দুলন দাস

ABOUT THE AUTHOR

...view details