অসম

assam

ETV Bharat / state

শিক্ষামন্ত্ৰীৰ গৃহ জিলাত এজন শিক্ষকৰে চলিছে চৰকাৰী বিদ্যালয় - Lack of teachers - LACK OF TEACHERS

Poor condition of govt school : অসমৰ চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠান সমূহৰ প্ৰতি ৰাজঘৰৰ চৰম অমনোযোগিতা আৰু অৱহেলা মনোভাৱ প্ৰদৰ্শনৰ ফলত আন্তঃগাঁঠনি, শিক্ষক-ছাত্ৰৰ অনুপাত সকলো দিশৰ পৰা চৰকাৰী বিদ্যালয়সমূহত একপ্ৰকাৰ মৃত্যুঘণ্টা বজা ছবিহে ফুটি উঠিছে ।

Poor condition of govt school
চৰকাৰী বিদ্যালয়ত মৃত্যুঘণ্টা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Aug 6, 2024, 1:16 PM IST

জোনাই, ৬ আগষ্ট:অসমৰ চৰকাৰী শিক্ষাখণ্ডৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ সময়তে উন্মোচিত হৈছে কেতবোৰ শোচনীয় দিশ । শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে চৰকাৰী বিদ্যালয়ত শিক্ষকৰ অভাৱ নাই বুলি দাবী কৰাৰ সময়তেই এজনীয়া শিক্ষকৰেই চলিছে বহু বিদ্য়ালয় ।

চৰকাৰী বিদ্যালয়ত মৃত্যুঘণ্টা (ETV Bharat Assam)

ৰাজ্যৰ কিছুমান শিক্ষানুষ্ঠানতে ছাত্ৰ-ছাত্ৰীৰ অনুপাতে শিক্ষকৰ সংখ্যা কম ৷ দিছপুৰৰ মচনদত কেইবাটাও দলৰ চৰকাৰ বাগৰাৰ সমান্তৰালভাৱে চৰকাৰৰ পৰাও ইতিপূৰ্বে কেইবাবাৰো শিক্ষাৰ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিছিল যদিও আজিলৈকে সেইবোৰ সমস্য়া হৈয়ে ৰৈছে । ইয়াৰ জ্বলন্ত উদাহৰণ হৈছে শিক্ষামন্ত্ৰীৰ গৃহ জিলা ধেমাজি ।

শিক্ষকৰ ৰূপত চতুৰ্থবৰ্গৰ কৰ্মচাৰী :

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ গৃহ জিলাত এজন শিক্ষকৰে চলিছে বিদ্যালয় ৷ শিক্ষকৰ অভাৱত আনকি চতুৰ্থবৰ্গৰ কৰ্মচাৰীৰ লগতে পৰিচালনা কমিটীৰ সভাপতিয়ে ছাত্ৰ-ছাত্ৰীক পাঠদান কৰিবলগীয়া হৈছে । ধেমাজি জিলাৰ মূৰ্কংচেলেক শিক্ষা খণ্ডৰ অন্তৰ্গত কেমি জেলম মধ্য ইংৰাজী বিদ্যালয়খন বৰ্তমান চলিছে এজন শিক্ষকৰ দ্বাৰা ৷ প্ৰায় এশৰো অধিক ছাত্ৰ- ছাত্ৰীৰ বিপৰীতে এগৰাকী শিক্ষক থকা বিদ্যালয়খনত শীঘ্ৰে পৰ্যাপ্ত শিক্ষক নিযুক্তিৰ দাবী জনাইছে বিদ্যালয়খনৰ শিক্ষকগকাকীৰ লগতে পৰিচালনা সমিতিয়ে ৷

উল্লেখযোগ্য যে বিদ্যালয়খনত দুজন শিক্ষক আছে যদিও এজন শিক্ষকে চিআৰচিচিৰ নামত বিদ্যালয়ত পাঠদান নকৰাত এজন শিক্ষকৰ দ্বাৰা প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰীক পাঠদান কৰিবলগীয়া হোৱাত গুণগত শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হৈছে ছাত্ৰ-ছাত্ৰী সকলে ৷ ফলত ছাত্ৰ-ছাত্ৰী ভৱিষ্যতৰ কথা কৰি বহু দিনৰ পৰা পাঠদান দি আহিছে বিদ্যালয়খনৰ চতুৰ্থ বৰ্গৰ এগৰাকী কৰ্মচাৰীৰ লগতে পৰিচালনা সমিতিৰ সভাপতি গৰাকীয়েহে ৷

বিদ্যালয় পৰিচালনা কমিটীৰ ক্ষোভ :

বিদ্যালয়খনৰ পৰিচালনা কমিটীয়ে মূৰ্কংচেলেক শিক্ষাখণ্ডৰ লগতে জনপ্ৰতিনিধিক বিদ্যালয়খনত পৰ্যাপ্ত শিক্ষক নিযুক্তি দিবলৈ বাৰম্বাৰ আবেদন জনাই অহাৰ পিচতো কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে ৷ সেয়ে বিদ্যালয়খনত শীঘ্ৰে পৰ্যাপ্ত শিক্ষক নিযুক্তি দিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ লগতে শিক্ষামন্ত্ৰীক আহ্বান জনাইছে অভিভাৱক ৰাইজে ৷

লগতে পঢ়ক:এটা পৰীক্ষা গ'ল, ছেপ্টেম্বৰত আৰু এটা: চৰকাৰী বিদ্যালয়ত এতিয়াও শিক্ষাৰ্থীয়ে নাপালে পাঠ্যপুথি - Free textbook in govt School

আমাক এজন শিক্ষক দিয়ক: মুখ্যমন্ত্ৰীলৈ শিক্ষক বিচাৰি প্ৰাৰ্থনা এজাক শিক্ষাৰ্থীৰ - Lack of teachers

ABOUT THE AUTHOR

...view details