অসম

assam

ETV Bharat / state

টীয়কৰ ঐতিহাসিক মৈদামত লাচিত দিৱস উদযাপন; প্ৰশাসনৰ নাই গুৰুত্ব - LACHIT DIWAS 2024

টীয়কৰ ঐতিহাসিক লাচিত মৈদামত বীৰ লাচিতৰ জন্মজয়ন্তী উদযাপন । প্ৰশাসন অৱহেলাক লৈ ক্ষোভিত লাচিত মৈদাম সংৰক্ষণ সমিতি ।

Lachit Diwas 2024
টীয়কৰ ঐতিহাসিক মৈদামত লাচিত দিৱস উদযাপন (ETV Bharat)

By ETV Bharat Assamese Team

Published : Nov 24, 2024, 1:13 PM IST

টীয়ক :আজি আহোম সেনাপতি তথা অসমৰ শৌৰ্য বীৰ্যৰ প্ৰতীক বীৰ লাচিতৰ জন্মজয়ন্তী । যাৰ বাবে ৰাজ্যবাসীয়ে উদযাপন কৰিছে লাচিত দিৱসৰ । অৱশ্যে লাচিত দিৱসক লৈ প্ৰশাসনৰ যথেষ্ট অৱহেলাৰ অভিযোগ উঠিছে । এই অভিযোগ লাচিত মৈদাম সংৰক্ষণ সমিতিৰ । সমিতিয়ে বহুবাৰ অনুৰোধ জনোৱাৰ পিছতো লাচিত মৈদামৰ লাচিত দিৱসত সংৰক্ষণ সমিতিক কোনো ধৰণৰ সহযোগিতা নকৰিলে প্ৰশাসনে ।

প্ৰশাসনৰ অৱহেলা

অসম চৰকাৰে প্ৰায় ১৫০ কোটি টকা ব্যয় সাপেক্ষে উক্ত স্থানত পূৰ্ব প্ৰেক্ষাগৃহকে ধৰি বিভিন্ন সম্পদসমূহ ভাঙি লাচিত মৈদাম প্ৰকল্প নামেৰে এক অভিলাষী প্ৰকল্পৰ কাম আৰম্ভ কৰিছে । লাচিত বৰফুকনৰ এক সুউচ্চ প্ৰতিমূৰ্তিও নিৰ্মাণ কৰি দেশৰ প্ৰধানমন্ত্ৰীৰ হতুৱাই উন্মোচন কৰাইছিল ।

টীয়কৰ ঐতিহাসিক মৈদামত লাচিত দিৱস উদযাপন (ETV Bharat)

কিন্তু অসমৰ শৌৰ্য বীৰ্যৰ প্ৰতীক বীৰ লাচিতৰ জন্মজয়ন্তী অৰ্থা লাচিত দিৱসৰ দিনা প্ৰশাসনে নিজাববীয়াকৈ একো কাৰ্যসূচী অনুষ্ঠিত নকৰাত বিভিন্ন মহলত প্ৰশ্ন উত্থাপন হৈছে । যাৰ বাবে বিভিন্ন মহলত প্ৰশ্ন উত্থাপন হৈছে যে কেৱল সুউচ্চ লাচিতৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰাই শেষ কাম আছিল নেকি চৰকাৰৰ ? সংৰক্ষণ সমিতিয়ে প্ৰশাসনৰ অৱহেলাক লৈ অসন্তুষ্টিও প্ৰকাশ কৰিছে ।

লাচিত দিৱসৰ আয়োজন

অৱশ্যে যোৰহাট প্ৰশাসনে কোনো সহযোগিতা নকৰিলেও টীয়কৰ লাহদৈগড়স্থিত ঐতিহাসিক বীৰ লাচিত বৰফুকন সাংস্কৃতিক প্ৰকল্পত উলহ মালহেৰে দিনজোৰা কাৰ্যসূচীৰে লাচিত দিৱসৰ আয়োজন কৰা হৈছে । লাচিত মৈদাম সংৰক্ষণ সমিতিৰ উদ্যোগত আয়োজিত এই লাচিত দিৱসত পুৱাই পতাকা উত্তোলন কৰা হয় ।

ইয়াৰ লগতে প্ৰতিমূৰ্তিত মাল্যাৰ্পণকে ধৰি পুৱাৰ ভাগত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয় । সমান্তৰালকৈ দুপৰীয়া লাচিত মৈদাম সংৰক্ষণ সমিতিৰ উদ্যোগত মৈদাম প্ৰাংগণত জনগোষ্ঠীয় নৃত্য, মুকলি কুইজ প্ৰতিযোগিতা আৰু এক বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰো আয়োজন কৰা হৈছে ।

লগতে পঢ়ক :গেৰুৱা হ'ল ৰকিবুল হুছেইনৰ দুৰ্গ : চামগুৰিত দিপ্লুৰঞ্জন শৰ্মাই উৰুৱালে বিজয় ধ্বজা

ABOUT THE AUTHOR

...view details