DUত আৰম্ভ কোৰিয়ান ভাষাৰ পাঠ্যক্ৰম; WFC-এ শিক্ষাৰ্থীলৈ আগবঢ়াইছে ১০০০ মাৰ্কিন ডলাৰ - KOREAN LANGUAGE COURSES
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আৰম্ভ হোৱা কোৰিয়ান ভাষাৰ পাঠ্যক্ৰমক লৈ আগ্ৰহ বৃদ্ধি পাইছে ছাত্ৰ-ছাত্ৰীৰ ৷ দক্ষিণ কোৰিয়াৰ World Fragrant corporation-এ ছাত্ৰ-ছাত্ৰীলৈ আগবঢ়াইছে বিশেষ জলপানী ৷
চুক্তি অনুসৰি World Fragrant Cooperation-এ কোৰিয়ান ভাষা শিক্ষাৰ পাঠ্যক্ৰম গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকললৈ আগবঢ়াইছে ১০০০ মাৰ্কিন ডলাৰ । ইয়াৰ পাছতে বৃহস্পতিবাৰে দক্ষিণ কোৰিয়াৰ World Fragrant corporation ৰ ৬ জনীয়া দলে পৰিদৰ্শন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয় । স্বেচ্ছাসেৱী সংস্থাটোৰ ৬ জনীয়া এটা প্ৰতিনিধি দলৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় ভ্ৰমণ কৰি বুজ ল’লে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত চলি থকা পাঠ্যক্ৰম দানৰ সবিশেষ ।
প্ৰতিনিধি দলটোত আছে World Fragrant Cooperation ৰ প্ৰমুখ জিয়ং য়েও, সঞ্চালক ডো চাং, সঞ্চালক ডো মোং, সদস্য হিমুন চেয়ং নী, World Fragrant Cooperation ৰ মুখ্য কার্যালয়ৰ সচিব প্ৰধান চো আন লী আৰু চেজংস্থিত প্ৰতিষ্ঠানটোৰ সচিব প্ৰধান কি ঢুক লী ।
কোৰিয়ান ভাষা শিক্ষাৰ পাঠ্যক্ৰম গ্ৰহণ কৰি কেনেদৰে লাভাম্বিত হ'ব :
ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ অহা দক্ষিণ কোৰিয়াৰৰ World Fragrant corporationৰ ৬ জনীয়া দলটোক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় পৰিক্ৰমা কার্যালয়ৰ সঞ্চালক অধ্যাপক সুৰজিত বৰকটকীয়ে স্বাগতম জনায় ৷ লগতে কোৰিয়ান ভাষাৰ শিক্ষাৰ জৰিয়তে যে ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন অনুষ্ঠানত সংস্থাপন লাভ কৰিব পৰাকৈ যোগ্য হৈ উঠিব বুলি উল্লেখ কৰে ।
বিশ্ববিদ্যালয়খনৰ উপাচার্য অধ্যাপক জীতেন হাজৰিকাই সম্মানীয় প্ৰতিনিধি বর্গৰ আগমনত উৎফুল্ল হৈ কয় যে এনেধৰণৰ প্ৰয়াসে আন্তঃৰাষ্ট্ৰীয় সাংস্কৃতিক আৰু শৈক্ষিক বিনিময়ত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব । লগতে দক্ষিণ কোৰিয়াৰ World Fragrant corporation-এ অসমৰ চাহকে ধৰি অন্যান্য ক্ষেত্ৰত আৰম্ভ কৰা ব্যৱসায়িক প্ৰতিষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীয়ে সংস্থাপন লাভ কৰিব বুলিও জানিবলৈ দিয়ে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ।