অসম

assam

ETV Bharat / state

অসমৰ গ্ৰামাঞ্চলত সৰ্বাধিক স্মাৰ্ট মিটাৰ সংযোগ: কৃষক মুক্তি সংগ্ৰাম সমিতিৰ হুংকাৰ: Smart meter controversy - SMART METER CONTROVERSY

স্মাৰ্ট মিটাৰ সংযোগৰ ক্ষেত্রত দেশৰ শীৰ্ষত অসম । নৱেম্বৰ মাহলৈকে লগোৱা হৈছে ২৩,৩০,০৭৩ টা স্মার্ট মিটাৰ । কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তীব্ৰ প্ৰতিক্ৰিয়া ।

Smart meter controversy
স্মাৰ্ট মিটাৰ সংযোগক লৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিক্ৰিয়া (ETV Bharat)

By ETV Bharat Assamese Team

Published : 5 hours ago

গুৱাহাটী/গোলাঘাট : ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া আৰু প্ৰতিবাদ হোৱা বিতৰ্কিত স্মার্ট মিটাৰ সংযোগৰ ক্ষেত্ৰত অসম দেশৰ ভিতৰতে শীৰ্ষত আছে । যিসময়ত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৃহৰাজ্য গুজৰাটত ২,৫০,০২৫ টা স্মার্ট মিটাৰ স্থাপন কৰা হৈছে সেই সময়ত অসমত যোৱা নৱেম্বৰ মাহলৈকে ২৩,৩০,০৭৩ স্মার্ট মিটাৰৰ সংযোগ স্থাপন কৰা হৈছে । আনকি যোগী আদিত্যনাথৰ ৰাজ্য উত্তৰ প্রদেশতো এতিয়ালৈকে মাত্র ৪,১৫,১৩৩ টা স্মার্ট মিটাৰ লগোৱা হৈছে । এই তথ্য কেন্দ্ৰীয় চৰকাৰৰ । ৰাজ্যসভাত এই তথ্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় শক্তি দপ্তৰৰ ৰাজ্যমন্ত্ৰী মনোহৰ লালে ।

কেন্দ্ৰীয় মন্ত্ৰীয়ে প্ৰকাশ কৰা তথ্য মতে অসমত স্থাপন কৰা ২৩,৩০,০৭৩ টা স্মার্ট মিটাৰৰ ভিতৰত ১৮,২৭,১৫৪ টা স্মার্ট মিটাৰ গ্ৰামাঞ্চলত আৰু ৪৬,২৯৪ টা স্মার্ট মিটাৰ নগৰ অঞ্চলত স্থাপন কৰা হৈছে । লক্ষণীয় বিষয় যে তামিলনাডুত এতিয়ালৈকে মাত্র ৫৮০ টা স্মার্ট মিটাৰ, পশ্চিমবংগত ১,০৮,৯৫৯ টা স্মার্ট মিটাৰ, উত্তৰাখণ্ডত ২,৫১৮ টা স্মার্ট মিটাৰহে স্থাপন কৰা হৈছে । আনকি বিহাৰ, তামিলনাডুৰ দৰে ৰাজ্যৰ গ্রামাঞ্চলত এটাও স্মার্ট মিটাৰ লগোৱা হোৱা নাই ।

স্মাৰ্ট মিটাৰ সংযোগক লৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

ব্যাপক প্ৰতিবাদৰ পাছতো অসমত স্মাৰ্ট মিটাৰ লগোৱাৰ খৰধৰ :

বৃহৎ কৰ্পোৰেট গোষ্ঠীৰ স্বাৰ্থত স্মার্ট মিটাৰ স্থাপন কৰা হৈছে বুলি উত্থাপিত অভিযোগৰ পাছতো অসমত দেশৰ ভিতৰতে সৰ্বাধিক স্মাৰ্ট মিটাৰ লগোৱা হ'ল । স্মার্ট মিটাৰ স্থাপনৰ পাছত অধিক বিদ্যুতৰ বিল অহাক লৈ ৰাজ্যৰ বিভিন্ন দল-সংগঠনে প্রতিবাদী কাৰ্যসূচীও ৰূপায়ণ কৰি আহিছে । কিন্তু ইয়াৰ পাছতো ৰাজ্য চৰকাৰখনে খৰধৰকৈ স্মার্ট মিটাৰ লগোৱাত গুৰুত্ব দি আহিছে । বৰ্তমানৰ ডিজিটেল মিটাৰসমূহ ১০০ শতাংশ সক্ষম হৈ থকা সত্ত্বেও ডিজিটেল মিটাৰসমূহক পৰিত্যক্ত কৰি ৰাজকোষৰ লাখ লাখ কোটি টকা খৰচ কৰি স্মার্ট মিটাৰ স্থাপন কৰাক লৈ বিভিন্নজনে প্রশ্ন উত্থাপন কৰিছে । যি সময়ত গুজৰাট, উত্তৰ প্ৰদেশৰ দৰে ৰাজ্যই স্মার্ট মিটাৰক লৈ উত্থাপন হোৱা সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি স্মার্ট মিটাৰ স্থাপনত বিশেষ গুৰুত্ব দিয়া নাই সেই সময়ত অসম চৰকাৰে কি কাৰণত খৰধৰকৈ স্মার্ট মিটাৰসমূহ স্থাপন কৰিছে বুলিও প্রশ্ন উঠিছে ।

কি কয় কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে :

স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি বিভিন্ন সংগঠনৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দীৰ্ঘদিন ধৰি প্ৰতিবাদ অব্যাহত ৰাখিছে । ৰাজ্যসভাত স্মাৰ্ট মিটাৰৰ প্ৰসংগটো উন্মোচিত হোৱাৰ পাছতে এই সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই ।

তেওঁ কয়, "যিবোৰ কথা আমি দীৰ্ঘদিন ধৰি কৈ আহিছিলো সেই কথাবোৰ খোদ সদনৰ মজিয়াত শক্তি মন্ত্রালয়ৰ মন্ত্রী মনোহৰ লাল খট্টৰে বৰ্তমান হবহু ৰূপত বাখ্যা কৰা পৰিলক্ষিত হৈছে । সংসদত কাৰ্তিকা শৰ্মাই স্মাৰ্ট মিটাৰ বিষয়ত কৰা প্ৰশ্নসমূহৰ ভিতৰত উল্লেখযোগ্য আছিল স্মাৰ্ট মিটাৰ লগোৱাৰ প্ৰভাৱ, গ্ৰামাঞ্চল আৰু নগৰ অঞ্চলসমূহত কিমান সংখ্যক স্মাৰ্ট মিটাৰ লগোৱা হৈছে, দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকল আৰু কৃষকশ্ৰেণী কিদৰে ইয়াৰ পৰা লাভাম্বিত হৈছে । এই প্ৰশ্নসমূহৰ উত্তৰত মন্ত্রীগৰাকীয়ে উত্তৰ দিয়ে যে স্মাৰ্ট মিটাৰে এগ্ৰিগ্ৰেট কমাৰ্চিয়েল লষ্ট ২০ শতাংশ হ্ৰাস কৰিব । ফলাফল হিচাপে ২০২১ চনত তেওঁলোকে স্মাৰ্ট মিটাৰ লগোৱাৰ আগত ২২ শতাংশ লোকচানত আছিল । স্মাৰ্ট মিটাৰ লগোৱাৰ পাছত লোকচান ১৫.৩৭ শতাংশলৈ হ্ৰাস পাইছে । এইখিনিতে আমাৰ প্ৰশ্ন হ'ল এই যে হ্ৰাস হোৱা লোকচান, এই টকা ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে । গেজেট নটিফিকেচন মতে চৰকাৰী কাৰ্যালয়, উদ্যোগ আদিতহে স্মাৰ্ট মিটাৰ লগোৱাৰ নিৰ্দেশ প্ৰদান কৰা হৈছিল । পৰৱৰ্তী পৰ্যায়ত এই গেজেট নটিফিকেচনক নসাৎ কৰি সৰ্বসাধাৰণ ৰাইজৰ ঘৰে ঘৰে স্থাপন কৰা হ'ল স্মাৰ্ট মিটাৰসমূহ । স্মাৰ্ট মিটাৰ লগাবলৈ দিয়া স্থানসমূহ আৰু বৰ্তমান লগোৱা স্থানসমূহ ভালকৈ লক্ষ্য কৰাৰ লগতে গ্ৰামাঞ্চল আৰু নগৰাঞ্চলত লগোৱা স্মাৰ্ট মিটাৰৰ সংখ্যালৈ মন কৰিলেই স্পষ্ট হয় যে এই টকা কোন চাম ৰাইজৰ পৰা সংগ্ৰহ কৰা হৈছে ।"

তেওঁ লগতে কয়,"তথ্য অনুসৰি অসমৰ গ্ৰামাঞ্চলত ১৮,২৭,১৫৪ টা, টাউন অঞ্চলত ৪,৬২,২৯৪ টা স্মাৰ্ট মিটাৰ ইতিমধ্যে সংস্থাপন কৰা হৈছে । আনহাতে গুজৰাটৰ গ্ৰামাঞ্চলত ৫৫,০৯৪ টা আৰু টাউনত ১,৬৪,২৪১ টা স্মাৰ্ট মিটাৰ লগোৱাৰ বিপৰীতে বিহাৰ, মণিপুৰ, তামিলনাডু, ত্ৰিপুৰা, উত্তৰাখণ্ডৰ গ্ৰামাঞ্চলত এটাও স্মাৰ্ট মিটাৰ লগোৱা হোৱা নাই । দেশৰ ভিতৰত অসমৰ গ্ৰামাঞ্চলতেই সকলোতকৈ বেছি স্মাৰ্ট মিটাৰ লগোৱা হৈছে ।"

ৰাজ্যসভাত উন্মোচিত তথ্যৰ আঁত ধৰি তেওঁ কয়, "প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্য গুজৰাটত দুই লাখ পঞ্চাশ হাজাৰ স্মাৰ্ট মিটাৰ স্থাপন কৰা হৈছে । তেনে সময়ত অসমত নৱেম্বৰ মাহলৈকে ২৩,৩০,০৭৩ টা স্মাৰ্ট মিটাৰ সংযোগ কৰা হৈছে । ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ গ্ৰামাঞ্চলত স্মাৰ্ট মিটাৰ লগোৱাৰ তুলনাত অসমৰ গ্ৰামাঞ্চলত তিনিগুণতকৈও বেছি স্মাৰ্ট মিটাৰ লগোৱা হৈছে । স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত পূৰ্বৰ তুলনাত অধিক হাৰত বিদ্যুতৰ বিল বৃদ্ধি হোৱাত সাধাৰণ লোকসকল যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে । যি সময়ত গুজৰাট, উত্তৰ প্ৰদেশৰ দৰে ৰাজ্যই স্মাৰ্ট মিটাৰক লৈ উত্থাপন হোৱা সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি স্মাৰ্ট মিটাৰ স্থাপনত বিশেষ গুৰুত্ব প্ৰদান কৰা নাই তেনে সময়ত অসমত কিয় খৰতকীয়াকৈ স্মাৰ্ট মিটাৰ স্থাপন কৰিছে ?"

লগতে পঢ়ক :জনমূৰি আয়ৰ ক্ষেত্ৰত দেশৰ ২৫ খন ৰাজ্যৰ ভিতৰত অসম; ২২ নম্বৰতহে পালে স্থান

ABOUT THE AUTHOR

...view details