মৰাণ, 29 জুন: ডিব্ৰুগড়ত প্ৰকৃতিৰ কালৰূপ । বিগত কেইবাটাও দিন ধৰি ডিব্ৰুগড় জিলাত হোৱা মুষলধাৰ বৰষুণৰ ফলত ডিব্ৰুগড় চহৰখন কৃত্ৰিম বানৰ কবলত পৰাত জনজীৱন ব্যাহত হোৱাৰ লগতে চহৰৰ মাজমজিয়াত থকা সকলো কাৰ্যালয়, বিদ্যালয় বন্ধ কৰি দিবলগীয়া হৈছিল ।
এই পৰিস্থিতিৰ কিছু শাম কটাৰ পাচতে পুনৰ জিলাখনৰ খোৱাঙত প্ৰকৃতিৰ তাণ্ডৱ লীলা ৷ শুকুৰবাৰৰ নিশা অহা এজাক প্ৰচণ্ড ধুমুহা-বৰষুণে স্থানীয় লোকসকলৰ স্বাভাৱিক জীৱনযাত্ৰাত ব্যাঘাত জন্মাইছে । ধুমুহা-বৰষুণৰ ফলত ৰাজপথত উভালি পৰিল এডাল প্ৰকাণ্ড গছ ।
লগতে পঢ়ক:কৃত্ৰিম বানৰ কবলত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ চহৰ - Dibrugarh Artificial flood
জানিব পৰা মতে, খোৱাঙৰ আজাৰগুৰিৰ এটি পথত সংঘটিত হৈছে এই ঘটনা । গছডাল উভালি পৰাৰ ফলত বৈদ্যুতিক খুঁটা-তাঁৰৰ লগতে পথৰ কাষত থোৱা এটা নিৰ্মাণ কাৰ্যত ব্যৱহৃত মেচিন ক্ষতিগ্ৰস্ত হয় ৷ ইয়াৰ লগতে প্ৰকাণ্ড গছডাল স্থানীয় এটা হনুমান মন্দিৰত পৰাৰ ফলত মন্দিৰটোও ক্ষতিগ্রস্ত হয় বুলি জানিব পৰা গৈছে ।
গছডাল উভালি পৰাৰ পাচতেই খোৱাঙৰ লোকসকলে যোগাযোগৰ সমস্যাত ভুগিছে ৷ বিচ্ছিন্ন হৈ পৰিছে যোগাযোগ ব্যৱস্থা । বন বিভাগৰ লোক আহি ইতিমধ্যে উভালি পৰা গছজোপা আঁতৰোৱাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে । স্থানীয় লোকসকলৰ ঘৰ-দুৱাৰ আদিও ক্ষতিগ্ৰস্ত হয় ৷