কাজিৰঙা, ৩০ ছেপ্টেম্বৰ:বিগত বৰ্ষত পৰ্যটকৰ আগমনেৰে সমগ্ৰ দেশতে অভিলেখ গঢ়া কাজিৰঙাৰ পৰ্যটন বৰ্ষ আৰম্ভ কৰিবলৈ যো-জা চলাইছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷ অহা ১ অক্টোবৰত বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি হোৱাৰ লগে লগেই আৰম্ভ হ’ব ২০২৪-২৫ পৰ্যটন বৰ্ষ ৷ জীপ ছাফাৰীৰে আৰম্ভ হ’বলগীয়া পৰ্যটন বৰ্ষটিত হাতী ছাফাৰী যোগ হ’ব ১ নৱেম্বৰত ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগৰ বাট-পথ মেৰামতি কৰাৰ লগতে উদ্যানত পৰ্যটক ফুৰাবলগীয়া জীপ চালকসকলকো প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ৷ ইতিমধ্যে কেইবালানি প্ৰশিক্ষণ সমাপ্ত হৈছে ৷
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালক ড° সোণালী ঘোষে জনোৱা অনুসৰি, অহা ১ অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া ২০২৪-২৫ পৰ্যটন বৰ্ষৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে ৷ ১ অক্টোবৰত উদ্যানৰ কাজিৰঙা বনাঞ্চল, বাগৰি বনাঞ্চল আৰু বুঢ়াপাহাৰ বনাঞ্চলৰ কিছু অংশহে পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হ’ব ৷ সেইমতে, কাজিৰঙা বনাঞ্চলত মিহিমুখৰ পৰা ডাফলাং হৈ ভৈছামাৰীলৈকে পৰ্যটকে জীপ ছাফাৰী কৰিব পাৰিব । বাগৰি বনাঞ্চলত বিমলী তিনিআলিৰ পৰা ডোঙালৈকে জীপ ছাফাৰীৰ অনুমতি লাভৰ বিপৰীতে বুঢ়াপাহাৰ বনাঞ্চলত ডিফলু নদীলৈকে পৰ্যটকে ছাফাৰী কৰিব পাৰিব ৷
সঞ্চালক ড° ঘোষে লগতে জনোৱা অনুসৰি, চলিত বৰ্ষৰ বানে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগ পৰিষ্কাৰ কৰাত অত্যন্ত সুন্দৰ হৈ পৰিছে ৷ কিন্তু, বাৰিষাত উদ্যানৰ বাট-পথৰ কিছু কিছু অংশ মেৰামতি কৰিবলগীয়া হোৱাত সম্প্ৰতি আংশিকভাৱেহে ৰাষ্ট্ৰীয় উদ্যানখন পৰ্যটকৰ বাবে মুকলি কৰাৰ ব্যৱস্থা কৰা হৈছে ৷ বাট-পথ মেৰামতিৰ লগতে যাৱতীয় কাম-কাজ চলাই থকা উদ্যান কৰ্তৃপক্ষই কয় যে মেৰামতি সম্পূৰ্ণ হ’লেই উদ্যানখন সম্পূৰ্ণকৈ মুকলি কৰি দিয়া হ’ব ৷ আনহাতে, ১ অক্টোবৰতেই কলিয়াবৰৰ নদী পৰ্যটনো মুকলি কৰিব উদ্যান কৰ্তৃপক্ষই ৷ ইপিনে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চলিবলগীয়া জীপছি বাহনসমূহৰ নথি-পত্ৰ তন্নতন্নকৈ পৰীক্ষা কৰা হৈছে ৷ তদুপৰি, চালকক বিশেষ প্ৰশিক্ষণ দিয়া হৈছে ৷
উল্লেখ্য যে বিভিন্ন ঘটনা-পৰিঘটনা, অভিলেখ ভংগ কৰা উপাৰ্জনেৰে সামৰণি পৰিছিল কাজিৰঙাৰ ২০২৩-২৪ পৰ্যটন বৰ্ষ । ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাজিৰঙা ভ্ৰমণ বিগত পৰ্যটন বছৰটোৰ উল্লেখযোগ্য দিশ ৰূপে গণ্য হৈছিল । বিখ্যাত ফুটবলাৰ বাইচুং ভূটীয়াৰ কাজিৰঙা দৰ্শনেও সুকীয়া মাত্ৰা প্ৰদান কৰিছিল কাজিৰঙাক । কাজিৰঙা ভ্ৰমণ কৰিছিল ভূটানৰ ৰজায়ো ৷ প্ৰতিদিনেই বন্যপ্ৰাণীয়ে দৰ্শনীয়ভাৱে পৰ্যটকৰ সমুখত ধৰা দিয়াৰ ৰোমাঞ্চকৰ দৃশ্য যিদৰে সুলভ হৈছিল, একেদৰেই একাধিকবাৰ গঁড়ে পৰ্যটক পৰিবাহী বাহনলৈ চোঁচা লোমহৰ্ষক ঘটনাও সংঘটিত হৈছিল । ইয়াৰ লগতে বিগত পৰ্যটন বৰ্ষত কাজিৰঙাত আৱিষ্কাৰ হৈছিল মাটি গাহৰি, দীঘল নেজীয়া নিগনিৰ দৰে কেইবা বিধো বন্যপ্ৰাণী ।