অসম

assam

ETV Bharat / state

কাৰ্বি আংলঙৰ পৰা বিতাড়ন কৰা হ'ব মণিপুৰৰ পৰা প্ৰব্ৰজিত কুকিক: তুলিৰাম ৰংহাং - DISTRIBUTION OF LAND PATTA

বোকাজান বিধানসভা সমষ্টিৰ জপৰাজানত ভূমিপট্টা বিতৰণ কাৰ্যসূচী । পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু অসম বিধান সভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনৰ অংশগ্ৰহণ ।

Distribution of land pattas among landless indigenous people in Diphu
জপৰাজানত ভূমিপট্টা বিতৰণ কাৰ্যসূচী (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 26, 2024, 10:24 PM IST

ডিফু:মণিপুৰৰ সংঘৰ্ষৰ বলি হৈ কাৰ্বি আংলং জিলাত আশ্ৰয় লোৱা কুকি সম্প্ৰদায়ৰ লোকসকলক কাৰ্বি আংলঙৰ পৰা বিতাৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে । মঙলবাৰে এই কথা সদৰী কৰে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ।

উল্লেখ্য যে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত পুৰথিমি আকেমাং আঁচনিৰ অধীনত ভূমিহীন খিলঞ্জীয়া জনসাধাৰণৰ মাজত মাটিৰ পট্টা বিতৰণৰ এক কাৰ্যসূচীত অংশ গ্ৰহণ কৰি মঙলবাৰে সংবাদ মাধ্যমৰ আগত এই কথা কয় ৰংহাঙে ।

জপৰাজানত ভূমিপট্টা বিতৰণ কাৰ্যসূচী (ETV Bharat Assam)

বোকাজান বিধানসভা সমষ্টিৰ জপৰাজানত অনুষ্ঠিত ভূমিপট্টা বিতৰণ কাৰ্যসূচীত অংশ গ্ৰহণ কৰাৰ পাছত সংবাদ মাধ্যমৰ আগত ৰংহাঙে কয় যে ইতিমধ্যে ১ লাখৰো অধিক লোকৰ মাজত পৰিষদে ভূমিপট্টা বিতৰণ কৰিছে । দ্বিতীয় পর্যায়ত পুনৰ ১ লাখ লোকক ভূমিপট্টা বিতৰণ কৰাৰ উদ্দেশ্যে এই পদক্ষেপ পৰিষদে গ্ৰহণ কৰিছে । ভূমিহীন দৰিদ্ৰ লোকসকল নিজে আহি ভূমিপট্টাকৰণৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱাৰ বাবে পৰিষদে সহজে খিলঞ্জীয়া লোকসকলক ভূমিপট্টা বিতৰণৰ এই পদক্ষেপ গ্ৰহণ কৰিছে ।

ৰংহাঙে কয়- "জিলা গঠনৰ সময়ৰে পৰা জিলাখনত বসবাস কৰা আৰু জিলাখনত পূৰ্বৰে পৰা স্থায়ীৰূপে বসবাস কৰা লোকসকলক এই আঁচনিয়ে সাঙুৰি ল'ব । জিলাখনৰ বাহিৰৰ পৰা অহা জনজাতীয় লোকে এই আঁচনিৰ জৰিয়তে ভূমিপট্টা লাভ নকৰিব ।" ৰংহাঙে মণিপুৰৰ পৰা শেহতীয়াকৈ কাৰ্বি আংলং জিলাত ৩-৪ শ পৰিয়ালে প্ৰব্ৰজন কৰা বুলি উল্লেখ কৰি এই লোকসকলে জিলাখনত ভূমিপট্টা লাভ নকৰে বুলি উল্লেখ কৰাৰ লগতে এই লোকসকলক কুকি জাতীয় সংগঠনসমূহৰ সৈতে আলোচনাৰ জৰিয়তে পুনৰ মণিপুৰলৈ ঘূৰাই পঠোৱাৰ ব্যৱস্থা ল'ব বুলিও মন্তব্য কৰে ।

আনহাতে, এই পট্টা বিতৰণ কার্যসূচীত অংশগ্ৰহণ কৰি বোকাজান সমষ্টিৰ বিধায়ক তথা অসম বিধান সভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনে অসম চৰকাৰৰ বসুন্ধৰা আঁচনিৰ লেখিয়াকৈ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদেও ভূমিপট্টা বিতৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে সেয়া শলাগ ল'বলগীয়া । অসম চুক্তিৰ ৬নং দফা অনুযায়ী যি থলুৱা লোকক ভূমিৰ অধিকাৰ প্ৰদান কৰাৰ কথা উল্লেখ কৰা হৈছিল সেয়া কাৰ্বি আংলং জিলাত স্বায়ত্তশাসিত পৰিষদে পূর্ণ কৰাৰ বাবে পদক্ষেপ লোৱা বুলিও মমিনে উল্লেখ কৰে । আজিৰ অনুষ্ঠানৰ জৰিয়তে ১৫ হাজাৰ লোকক ভূমিপট্টা প্ৰদান কৰা হয় ।

লগতে পঢ়ক:নামতোলাত অপহৰণৰ ঘটনাৰ বুজ ল'লে শীৰ্ষ আৰক্ষী বিষয়াই

ভূমিহীনৰ বাবে কম প্ৰিমিয়ামতে মাটিৰ বন্দৱস্তি: কেবিনেটৰ সিদ্ধান্ত

ABOUT THE AUTHOR

...view details