অসম

assam

এইবাৰ গুৱাহাটীত দুৰ্গা পূজাৰ সময়ত মানিব লাগিব এইসমূহ নিৰ্দেশনা - Durga Puja 2024

Durga Puja in Guwahati: মহানগৰীত দুৰ্গা পূজা উদযাপনৰ ক্ষেত্ৰত প্ৰশাসনৰ নিৰ্দেশনা । বাট-পথ বন্ধ কৰি দুৰ্গা পূজা উদযাপনত নিষেধাজ্ঞা ।

By ETV Bharat Assamese Team

Published : 4 hours ago

Published : 4 hours ago

Durga Puja in Guwahati
দুৰ্গাপূজাৰ বাবে মহানগৰ প্ৰশাসনৰ বিশেষ নিৰ্দেশনা (ETV Bharat Assam)

গুৱাহাটী, ৪ অক্টোবৰ :দুৰ্গা পূজালৈ মাজত মাথোঁ আৰু কেইটামান দিন বাকী । কিন্তু এতিয়াৰে পৰাই যেন ৰাজ্যৰ বিভিন্ন প্ৰান্তত উৎসৱৰ আনন্দই বিৰাজ কৰিছে । ইতিমধ্যে দেৱী প্ৰতিমাৰ লগতে আকৰ্ষণীয় পূজা মণ্ডপবোৰৰ নিৰ্মাণকাৰ্য প্ৰায় সমাপ্ত হৈছে । গুৱাহাটী মহানগৰীতো একেই পৰিৱেশে বিৰাজ কৰিছে ।

এইবেলি গুৱাহাটীত ৪৫০ খনৰো অধিক দুৰ্গা পূজা অনুষ্ঠিত হ'ব । ইয়াৰ বাবে মহানগৰ তথা জিলা প্ৰশাসনে ইতিমধ্যে কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে । লগতে জাৰি কৰা হৈছে পূজাৰ বাবে বিশেষ এছ অ' পি । গুৱাহাটী মহানগৰত দুৰ্গা পূজা উদযাপনৰ ক্ষেত্ৰত এইবাৰ কেতবোৰ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে মহানগৰ প্ৰশাসনে ।

গুৱাহাটীত দুৰ্গা পূজা উদযাপনৰ বাবে প্ৰশাসনৰ স্বৰ্তাৱলী-

সেই অনুসৰি, কামৰূপ মহানগৰ আৰু মহানগৰ আৰক্ষীৰ অনুমতি লৈহে পূজা কমিটীসমূহে পূজা অনুষ্ঠিত কৰিব লাগিব । প্ৰশাসনে জাৰি কৰা নিৰ্দেশনা মতে, গুৱাহাটী মহানগৰীৰ বাট-পথ বন্ধ কৰি কোনো পূজা সমিতিয়ে দুৰ্গাপূজা উদযাপন কৰিব নোৱাৰিব । দুর্গা পূজা সমিতিয়ে উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশৰ প্ৰতি লক্ষ্য ৰাখি পুৱা ৬ বজাৰ পৰা নিশা ১০ বজালৈ ৫৫ ডেচিবেলতকৈ উচ্চস্বৰত আৰু নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ ৪৫ ডেচিবেলতকৈ উচ্চস্বৰত মাইক বজাব নোৱাৰিব বুলি স্পষ্ট কৰি দিছে আৰক্ষী প্রশাসনে ।

প্ৰশাসনৰ নিৰ্দেশনা (ETV Bharat Assam)

উল্লেখ্য, গুৱাহাটীৰ জিলা পুথিভঁৰালত বৃহস্পতিবাৰে জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন আৰু মহানগৰীৰ দুৰ্গা পূজা সমিতিসমূহৰ মাজত এখন সভা অনুষ্ঠিত হয় । সভাত পূজাৰ সময়ছোৱাত ভক্তপ্ৰাণ ৰাইজৰ নিৰাপত্তা আৰু যান-বাহন পার্কিঙকে ধৰি বিভিন্ন দিশৰ ওপৰত আলোচনা কৰা হয় । লগতে বিভিন্ন বিষয়ত পূজা সমিতিসমূহক কেতবোৰ নীতি-নির্দেশনা প্ৰদান কৰে আৰক্ষী প্ৰশাসনে ।

সেই অনুসৰি, পূজা মণ্ডপ চাফ-চিকুণত গুৰুত্ব আৰু খোৱাপানীৰ পৰ্যাপ্ত ব্যৱস্থা কৰাৰ লগতে কোনো ধৰণৰ কূটাঘাতমূলক ঘটনা যাতে সংঘটিত নহয়, তাৰ প্ৰতি সতর্কতা অৱলম্বন কৰিব লাগিব । কোনো পূজা সমিতিয়ে ৰাজপথ আবদ্ধ কৰি পূজা উদযাপন নোৱাৰিব । লগতে উচ্চস্বৰত মাইক বজাব আৰু পূজা মণ্ডপৰ ১০০ মিটাৰৰ ভিতৰত যান-বাহন পার্কিং কৰিব নোৱাৰিব ।

প্ৰশাসনৰ নিৰ্দেশনা (ETV Bharat)

স্বেচ্ছাসেৱকৰ তালিকা দাখিল কৰা, আগতীয়াকৈ ওচৰৰ আৰক্ষী থানাত সকলো বিষয়ববীয়া আৰু স্বেচ্ছাসেৱকৰ বিশদ তালিকা প্ৰদান কৰা, ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ পুৰুষ আৰু মহিলাৰ বাবে পৃথক প্রৱেশ/প্রস্থান বেৰিকেড স্থাপন কৰা, পূজা মণ্ডপত চি চি কেমেৰা স্থাপন কৰা, বিদ্যুৎ কৰ্তন হ'লে লগে লগে জেনেৰেটৰৰ দ্বাৰা বিদ্যুৎ যোগানৰ ব্যৱস্থা কৰাৰ বাবে নিৰ্দেশ দিয়া হৈছে । আনহাতে, প্লাষ্টিক বৰ্জন কৰি কাগজৰ প্লেটত প্ৰসাদ বিতৰণকে ধৰি কোনো ধৰণৰ প্ৰদূষণযুক্ত সামগ্ৰী ব্যৱহাৰ নকৰিবলৈ পূজা সমিতিসমূহক আহ্বান জনাইছে অসম প্ৰদূষণ পৰিষদে ।

তদুপৰি, স্বাস্থ্য বিভাগ, গুৱাহাটী পৌৰ নিগম, আভ্যন্তৰীণ জল পৰিবহণ বিভাগ, অগ্নি নির্বাপক বাহিনী, বিদ্যুৎ বিভাগকে ধৰি বিভিন্ন বিভাগৰ পৰাও দুৰ্গা পূজা সমিতিসমূহক বিভিন্ন নির্দেশনা দিয়া হয় । উল্লেখ্য যে এইবেলি গুৱাহাটীৰ ৮ টা ঘাটত দেৱী প্ৰতিমা বিসর্জন প্রক্রিয়া সম্পন্ন হ'ব ।

লগতে পঢ়ক :চমক সৃষ্টিৰ বাবে সাজু হৈ উঠিছে মহানগৰীৰ বিভিন্ন পূজা মণ্ডপ : থলুৱা শিল্প, থলুৱা শিল্পীক প্ৰাধান্য - Durga Puja 2024
লগতে পঢ়ক :SOP মানি উদযাপন কৰক শাৰদীয় দুৰ্গোৎসৱ - Durga Puja 2024

ABOUT THE AUTHOR

...view details