অসম

assam

ETV Bharat / state

যোৰহাটত ড৹ প্ৰদীপ কুমাৰ বৰুৱাক কাব্যশ্ৰী হাজৰিকা বঁটা প্ৰদান - কাব্যশ্ৰী হাজৰিকা বঁটা

Kabyashree Hazarika Award : যোৰহাটত 2023-24 বর্ষৰ কাব্যশ্ৰী হাজৰিকা বঁটা প্ৰদান অনুষ্ঠান ৷ 2023-24 বর্ষৰ বাবে কাব্যশ্ৰী হাজৰিকা বঁটা প্ৰদান কৰা হয় বিশিষ্ট সাহিত্যিক, সমালোচক তথা অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ প্ৰাক্তন সহকাৰী সম্পাদক ড৹ প্ৰদীপ কুমাৰ বৰুৱাক ৷

Kabyashree Hazarika Award
ড৹ প্ৰদীপ কুমাৰ বৰুৱাক কাব্যশ্ৰী হাজৰিকা বঁটা প্ৰদান

By ETV Bharat Assamese Team

Published : Feb 21, 2024, 10:46 PM IST

যোৰহাট, 21 ফেব্ৰুৱাৰী : যোৰহাট জিলা সাহিত্য সভাৰ উদ্যোগত প্ৰত্যেক বর্ষতে কাব্যশ্ৰী হাজৰিকা ন্যাসৰ দ্বাৰা প্ৰৱৰ্তন কৰা তথা কাব্যশ্ৰী হাজৰিকাৰ স্মৃতিত প্ৰদান কৰি অহা হৈছে "কাব্যশ্ৰী হাজৰিকা বঁটা" ৷ 2023-24 বর্ষৰ কাব্যশ্ৰী হাজৰিকা বঁটা প্ৰদান অনুষ্ঠান আজি যোৰহাট জিলা সাহিত্য সভাৰ উদ্যোগত যোৰহাট জিলা সাহিত্য সভাৰ স্থায়ী কাৰ্যালয়ৰ সমাজৰত্ন ডাঃ নবীন চন্দ্ৰ বৰদলৈ স্মৃতি সদনত অনুষ্ঠিত কৰা হয় ৷ 2023-24 বর্ষৰ বাবে কাব্যশ্ৰী হাজৰিকা বঁটা প্ৰদান কৰা হয় বিশিষ্ট সাহিত্যিক, সমালোচক তথা অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ প্ৰাক্তন সহকাৰী সম্পাদক ড৹ প্ৰদীপ কুমাৰ বৰুৱাক ৷ এই বঁটাত আছে গামোচা, চেলেং, প্ৰশস্তি পত্ৰ, আৰু নগদ ধন ৷

যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি ভৱ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত উপস্থিত থাকি ড৹ প্ৰদীপ কুমাৰ বৰুৱাক বঁটা প্ৰদান কৰে ক্ৰমে মুখ্য অতিথি প্ৰহ্লাদ চন্দ্ৰ তাছা, যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি ভৱ গোস্বামী, মাধৱ মহন্ত, মহেন্দ্ৰ হাজৰিকা, মিতালি শইকীয়া প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকলে ৷ বঁটা গ্ৰহণ কৰি দিয়া ভাষণত ডঃ প্ৰদীপ কুমাৰ বৰুৱাই কয় যে, এই বঁটা গ্ৰহণ কৰি তেওঁ আনন্দিত হোৱাৰ লগতে যথেষ্ট আবেগিক হৈ পৰিছে ৷

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক প্ৰহ্লাদ চন্দ্ৰ তাছা ৷ মুখ্য অতিথিৰ ভাষণত প্ৰহ্লাদ চন্দ্ৰ তাছাই কয় যে, সমাজৰ বিভিন্ন দিশত বিশেষ অৱদান আগবঢ়াই অহা বিশিষ্ট ব্যক্তি সকলক আমি জীৱিত কালতে সন্মান দিয়াটো প্ৰয়োজন ৷ আমাৰ সমাজত বহু এনে ব্যক্তি আছে যি সকলে আমাৰ ভাষা-সংস্কৃতি, সাহিত্যৰ ক্ষেত্ৰত বহু গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই গৈছে ৷ কিন্তু প্ৰচাৰৰ অভাৱত তেওঁলোক লোক চক্ষুৰ আঁৰত লুকাই থাকে ৷ গতিকে সেই ব্যক্তি সকলক বিচাৰি উলিয়াই জীৱিত কালতে সন্মান দিব লাগে ৷ কিয়নো তেওঁলোকৰ অৱদান নুই কৰিব নোৱাৰি ৷

যোৰহাট জিলা সাহিত্য সভাৰ সম্পাদিকা মিতালি শইকীয়াই উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে প্ৰাচ্যবিদাৰ্ণব ড৹ মহেশ্বৰ নেওগ অসম তত্ব গৱেষণা সংস্থানৰ সঞ্চালক ড৹ ৰাতুল চন্দ্ৰ বৰা, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ সম্পাদক ক্ষীৰোদ দাস আৰু যোৰহাট জিলা সাহিত্য সভাৰ জিলা প্ৰতিনিধি মাধৱ মহন্তকে ধৰি বিশিষ্ট ব্যক্তি সকল ৷ আজিৰ অনুষ্ঠানৰ পূৰ্বে কাব্যশ্ৰী হাজৰিকাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে যোৰহাট জিলা সাহিত্য সভাৰ উপ-সভাপতি তথা কাব্যশ্ৰী হাজৰিকাৰ পিতৃ মহেন্দ্ৰ নাথ হাজৰিকা আৰু মাতৃ ৰূপা হাজৰিকাই ৷ অনুষ্ঠানত কবিতা আবৃত্তি কৰে কবি ৰঞ্জিত গগৈয়ে ৷

লগতে পঢ়ক :যোৰহাট বায়ুসেনাৰ ঘাটিত ৰোমাঞ্চকৰ আকাশী প্ৰদৰ্শন

ABOUT THE AUTHOR

...view details