অসম

assam

ETV Bharat / state

মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি দিল্লীলৈ ৰাওনা জ্যোতিৰাদিত্য এম সিন্ধিয়া - Jyotiraditya Scindia NE Visit - JYOTIRADITYA SCINDIA NE VISIT

Jyotiraditya Scindia NE Visit : দিল্লীলৈ উৰা মাৰিলে উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়া । দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটী আৰু শ্বিলঙত উপস্থিত হৈছিল কেন্দ্ৰীয় মন্ত্ৰীগৰাকী । শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব‌ শৰ্মাক সাক্ষাৎ কৰে সিন্ধিয়াই ।

Jyotiraditya M Scindia leaves for Delhi after meeting the Chief Minister
দিল্লীলৈ ৰাওনা জ্যোতিৰাদিত্য এম সিন্ধিয়া (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jul 13, 2024, 2:24 PM IST

গুৱাহাটী,১৩ জুলাই:গুৱাহাটী আৰু শ্বিলং ভ্ৰমণলৈ অহা উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়াই দুদিনীয়া ভ্ৰমণসূচী সামৰি শনিবাৰে দিল্লীলৈ উৰা মাৰে । শনিবাৰে দিনৰ ১১ বজাত সিন্ধিয়াই অসমৰ গুৱাহাটীৰ নেডফি হাউচলৈ গৈ বিষয়াসকলক সাক্ষাৎ কৰা আৰু অঞ্চলটোত উদ্যোগ আৰু ষ্টাৰ্টআপৰ প্ৰসাৰৰ উপায় সম্পৰ্কে আলোচনা কৰাৰ কথা আছিল যদিও তেওঁ এই কাৰ্যসূচী বাতিল কৰে ।

সিন্ধিয়াই জনতা ভৱনত গৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব‌ শৰ্মাক সাক্ষাৎ কৰে । মুখ্যমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰাৰ পাচতে ৪জি/৫জি আৰু উচ্চ গতিসম্পন্ন ইণ্টাৰনেট সেৱাৰ বৃদ্ধিৰে অসমত ডিজিটেল আন্তঃগাঁথনি উন্নত কৰা, টেলিকম আন্তঃগাঁথনি সেৱাৰ বাবে দক্ষ মানৱ সম্পদ বিকশিত কৰাৰ পথ সৃষ্টি কৰা আৰু সদ্য বানপীড়িত এলেকাত নেটৱৰ্ক ক্ষিপ্ৰতাৰে পুনঃসংযোগকৰণ নিশ্চিত কৰাৰ বাবে শেহতীয়া প্ৰযুক্তি গ্ৰহণ কৰা আদি কেইবাটাও বিষয়ত ফলপ্ৰসূ আলোচনা কৰা হয় বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 'এক্স ' ৰ জৰিয়তে সদৰী কৰে ।

দিল্লীলৈ ৰাওনা জ্যোতিৰাদিত্য এম সিন্ধিয়া (ETV Bharat Assam)

উল্লেখ্য যে, গুৱাহাটী আৰু শ্বিলং ভ্ৰমণলৈ অহা উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়াই কালি দিল্লীৰ পৰা বিমানেৰে আহি গুৱাহাটী বৰঝাৰ বিমান বন্দৰত উপস্থিত হৈছিল । তাৰ পৰা তেওঁ শ্বিলঙলৈ যাত্ৰা কৰিছিল । সিন্ধিয়াই শ্বিলঙৰ এনইচি সচিবালয়ত উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়, এনইচি আৰু ৰাজ্য চৰকাৰৰ বিষয়াসকলৰ সৈতে অঞ্চলটোৰ বিভিন্ন প্ৰকল্প আৰু পদক্ষেপৰ অগ্ৰগতিৰ সন্দৰ্ভত আলোচনা কৰিবলৈ এক পৰ্যালোচনা বৈঠকত সভাপতিত্ব কৰে ।

তেওঁ এনইচি ভিজন ২০৪৭ বিষয়টো উপস্থাপন কৰাৰ লগতে NERACE এপ মুকলি কৰে । লগতে কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই মেঘালয়ৰ‌ মুখ্যমন্ত্ৰীৰ লগত বৈঠকত মিলিত হয় ।

লগতে পঢ়ক:উত্তৰ-পূবৰ কৃষকসকলৰ বাবে NERACE পৰ্টেল, মোবাইল এপ মুকলি জ্যোতিৰাদিত্য সিন্ধিয়াৰ - NERACE portal

পূৰ্বোদয় হৈছে কেন্দ্ৰীয় চৰকাৰৰ অন্যতম অগ্ৰাধিকাৰ : জ্যোতিৰাদিত্য সিন্ধিয়া - Jyotiraditya Scindia NE Visit

ABOUT THE AUTHOR

...view details