অসম

assam

ETV Bharat / state

কেনে আছে ৰূপকোঁৱৰৰ 'জ্যোতিতীৰ্থ': সংৰক্ষণৰ এটা ঘোষণাও কাৰ্যকৰী নকৰিলে চৰকাৰে - SILPI DIVAS 2025

জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মস্থান তামোলবাৰী চাহ বাগিচাৰ 'জ্যোতিতীৰ্থ'ত অনুষ্ঠিত শিল্পী দিৱস

Silpi Divas 2025 celebrated in Dibrugarh
জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৭৪ সংখ্যক মৃত্যু দিৱস (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jan 17, 2025, 4:17 PM IST

ডিব্ৰুগড় : আজি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৭৪ সংখ্যক মৃত্যু দিৱস । আজিৰ দিনটোতে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক স্মৰণ কৰি ৰাজ্যবাসীয়ে উদযাপন কৰে শিল্পী দিৱস । ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে আজি জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মস্থান তামোলবাৰী চাহ বাগিচাৰ জ্যোতিতীৰ্থত ডিব্ৰুগড় সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত কৰা হয় শিল্পী দিৱস ।

জ্যোতিতীৰ্থৰ চৌহদত থকা শিল্পীগৰাকীৰ প্ৰতিমূৰ্ত্তিত মাল্যাৰ্পণ, বন্তি প্ৰজ্বলন কৰাৰ পাছতে গীতে-মাতে আয়োজন কৰা শিল্পী দিৱসত জ্যোতিপ্ৰসাদ আগৰৱালাই অসমৰ সমাজ-জীৱনলৈ আগবঢ়োৱা অৱদানক আলোকপাত কৰি স্মৰণ কৰা হয় । ডিব্ৰুগড় সাহিত্য সভাৰ সাধাৰণ সম্পাদক ৰাতুল বুঢ়াগোঁহায়ে আঁতধৰা অনুষ্ঠানটোত সাহিত্যিক-শিক্ষাবিদ ড৹ শশীকান্ত শইকীয়া, ডিব্ৰুগড় সাহিত্য সভাৰ সভানেত্ৰী জ্যোতি বৰগোঁহাই, আত্মৰাম আগৰৱালা আদিকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৭৪ সংখ্যক মৃত্যু দিৱস (ETV Bharat Assam)

আনহাতে এই অনুষ্ঠানতে সদ্যপ্ৰয়াত শিল্পী ৰাজীৱ শদিয়াকো শ্ৰদ্ধাঞ্জলি জনোৱা হয় । উল্লেখ্য় যে অসমীয়া কলা-সাহিত্য-সংস্কৃতিৰ অন্যতম শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হৈছিল ১৯০৩ চনৰ ১৭ জুনত ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাত । জ্যোতিপ্ৰসাদ আগৰৱালা আছিল প্ৰথমখন অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা । অসমীয়া চলচ্চিত্ৰ ইতিহাসৰ অন্যতম দলিল 'জয়মতী' নিৰ্মাণৰ সমান্তৰালভাৱে আগৰৱালাই গীতিকাৰ, নাট্যকাৰ, লেখক আৰু এগৰাকী স্বাধীনতা সংগ্ৰামীৰূপে জাতীয় জীৱনক সমৃদ্ধ কৰি গৈছে । তামোলবাৰীৰ জন্মগৃহৰ পৰাই বেছিসংখ্যক সৃষ্টিশীল কাম কৰি গৈছিল জ্যোতিপ্ৰসাদ আগৰৱালাই।

চৰকাৰে অৱহেলা কৰাৰ অভিযোগ:

ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাত থকা ৰূপকোঁৱৰৰ জন্মগৃহটো সংৰক্ষণৰ বাবে কোনো ব্যৱস্থা চৰকাৰে গ্ৰহণ নকৰিলে । আনকি আজি মৃত্যু দিৱসৰ দিনটোতো জন্মগৃহত উপস্থিত নহ'ল চৰকাৰী প্ৰশাসনৰ কোনো লোক । অতি পৰিতাপৰ বিষয়টো হ'ল- কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ‍্যমন্ত্ৰী হৈ থকাৰ কালছোৱাতে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ শাখা জ‍্যোতিতীৰ্থত স্থাপন কৰিব বুলি ঘোষণা কৰিছিল যদিও আজি পৰ্যন্ত সেয়া কাৰ্যকৰী নহ'ল । জ‍্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মগৃহ সংৰক্ষণৰ বাবে সাংস্কৃতিক মন্ত্ৰী বিমল বড়াই ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছিল যদিও সেয়াও হৈ নুঠিল । কেৱল তামোলবাৰী চাহ বাগিচাৰ অন‍্যতম স্বতাধিকাৰী দেবীপ্ৰসাদ বাগ্ৰদিয়াৰ লগতে আন কেইজনমানৰ সহযোগিতাত আজি তামোলবাৰী চাহ বাগিচাৰ জ‍্যোতিতীৰ্থ সংৰক্ষিত হৈ আছে । জ‍্যোতিতীৰ্থত আজিও জীপাল হৈ আছে জ‍্যোতিপ্ৰসাদ আগৰৱালাৰ সকলো স্মৃতি।

জ্যোতিপ্ৰসাদৰ জন্মগৃহ সংৰক্ষণৰ আহ্বান:

সাংবাদিক যাদৱ গগৈয়ে আজিৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি চৰকাৰে জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মগৃহ সংৰক্ষণ আৰু সোন্দৰ্য্য বৰ্দ্ধনৰ কাৰণে একো পদক্ষেপ গ্ৰহণ নকৰাত ক্ষোভ প্ৰকাশ কৰি কয়,"ৰাজ্যৰ সাংস্কৃতিক মন্ত্ৰীগৰাকী ডিব্ৰুগড় জিলাৰ হোৱাৰ পাছতো আজিলৈকে জ্যোতিপ্ৰসাদ আগৰৱালাৰ দৰে ব্যক্তিৰ ক্ষেত্ৰত একো ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিলে । আমি আশা কৰিছো আগন্তুক দিনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মগৃহ সংৰক্ষণৰ বাবে চৰকাৰে ব্যৱস্থাৰ গ্ৰহণ কৰিব । লগতে পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দিয়া প্ৰতিশ্ৰুতি কাৰ্যকৰী কৰিব । জ্যোতিপ্ৰসাদ আগৰৱালাই এই গৃহৰ পৰাই কালজয়ী সৃষ্টি কৰিছিল । আজিও ইয়াত বহু স্মৃতি বিজড়িত হৈ আছে ৷ কিন্তু অসম চৰকাৰে ইয়াক সংৰক্ষণ আৰু সোন্দৰ্য বৰ্দ্ধনৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ।"

লগতে পঢ়ক:এসোঁতা চকুলো-এবুকু দুখেৰে ৰাজীৱ শদিয়াৰ ৰাজহুৱা তিলনি - SINGER RAJIB SADIYA

লাড়ু-পিঠাৰ সৈতে বিনিময় কৰিবলৈ টোপোলা বান্ধি মামা-মামীয়ে আনিছে কচু-জালুক - HISTORIC JONBEEL MELA 2025

ABOUT THE AUTHOR

...view details