গুৱাহাটী, 11 মে’ : ২০২৩ বৰ্ষত ইউ পি এছ চি পৰীক্ষাৰ স্থানপ্ৰাপক মেজৰ অভিনন্দন সিঙৰ সৈতে ই টি ভিৰ ভাৰতৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ । ইউ পি এছ চি পৰীক্ষাৰ বাবে কিদৰে নিজকে প্ৰস্তুত কৰিব সেই বিষয়ে তেওঁ মন্তব্য কৰে ।
৯ বছৰ ভাৰতীয় সেনাত থাকি দেশ সেৱা কৰাৰ পিচত ইউ পি এছ চিৰ প্ৰতি কিয় আকৰ্ষিত হ’ল সেই বিষয়ে তেওঁ কয় যে ২০১৪ চনত ভাৰতীয় সেনাত যোগদান কৰিছিল । চাকৰি জীৱন তেওঁ অসমৰ তেজপুৰৰ পৰা আৰম্ভ কৰিছিল । ১০১৭ চনত এক প্ৰশিক্ষণ শিবিৰত ভৰিত আঘাত পোৱাৰ পিচতে তেওঁ উপলব্ধি কৰিছিল যে তেওঁ যিদৰে ভাৰতীয় সেনাত সেৱা কৰিব লাগিছিল তেনেদৰে কৰিব নোৱাৰিব ।
তাৰ পিচতে তেওঁ ২০১৯ পৰা ইউ পি এছ চিৰ বাবে প্ৰস্তুতি আৰম্ভ কৰে । ২০২১ চনত ইউ পি এছ চি পৰীক্ষাত অৱতীৰ্ণ হৈছিল যদিও সফল নোহোৱাত ২০২২ত পুনৰ চেষ্টা কৰি উত্তীৰ্ণ হয় । তথাপিও ৰেংকটো অৱনমিত হৈ থকাৰ ফলত ৰেংক উন্নীতকৰণৰ বাবে ২০২৩ত পুনৰ অৱতীৰ্ণ হয় । ২০২২ তকৈ ২০২৩ ৰ ফলাফলত উন্নত হয় তেওঁৰ ৰেংক ।