যোৰহাট: অসম আৰক্ষী তথা ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি সাংবাদিকৰ প্ৰতিবাদী কাৰ্যসূচী । কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচীত আৰক্ষীৰ কন্দুৱা গেছৰ ফলত সাংবাদিক অসুস্থ হোৱা ঘটনাৰ বিৰুদ্ধে গৰজি উঠিছে ৰাজ্যৰ সাংবাদিকসকল । যোৰহাট প্ৰেছ ক্লাবত সাংবাদিক তথা বিভিন্ন সংগঠনৰ মৌন প্ৰতিবাদ ।
কি আছিল ঘটনা ?
গুৱাহাটীত কংগ্ৰেছ দলে বুধবাৰে 'ৰাজভৱন চলো' শীৰ্ষক এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল । সেই প্ৰতিবাদৰ সময়তে অধিবক্তা তথা প্ৰদেশ কংগ্ৰেছৰ আইনী কোষৰ সম্পাদক মৃদুল ইছলামৰ মৃত্যু হৈছিল । ইফালে প্ৰতিবাদৰ সময়ত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতি হোৱাও দেখা গৈছিল । প্ৰতিবাদকাৰীক বাধা দিবলৈ আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰিছিল । ইফালে আৰক্ষীয়ে প্ৰয়োগ কৰা কন্দুৱা গেছৰ ফলত প্ৰতিবাদস্থলীতে গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল কেইবাগৰাকী সাংবাদিক তথা সংবাদকৰ্মী । আৰক্ষীয়ে যিধৰণে কন্দুৱা গেছ প্ৰয়োগ কৰিছিল তাক লৈ বিভিন্ন মহলত প্ৰশ্ন উত্থাপন হৈছে । এই ঘটনাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে সাংবাদিকৰ নিৰাপত্তাক লৈও প্ৰশ্ন উত্থাপন হৈছে ।
ৰাজ্যজুৰি সাংবাদিকৰ প্ৰতিবাদ
ইয়াৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সাংবাদিক আৰু সংবাদ সংস্থাসমূহে বৃহস্পতিবাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে । বুধবাৰৰ আৰক্ষীৰ বৰ্বৰ আক্ৰমণক গৰিহণা দিছে অসমৰ সাংবাদিক মহলে । বিভিন্ন জিলাৰ প্ৰেছ ক্লাবৰ লগতে যোৰহাট প্ৰেছ ক্লাবতো ক'লা বেজ পৰিধান কৰি মৌন প্ৰতিবাদ সাব্যস্ত কৰে সাংবাদিকসকলে । বুধবাৰৰ ঘটনাক যোৰহাট প্ৰেছ ক্লাবৰ সাংবাদিকসকলে গৰিহণা দিছে । লগতে অসম আৰক্ষীৰ পদক্ষেপক গৰিহণা দিছে । সাংবাদিক নিগ্ৰহৰ ঘটনা বন্ধ কৰাৰ লগতে সংবাদ পৰিৱেশনৰ বাবে এক সুস্থ পৰিৱেশৰ প্ৰয়োজনীয়তাৰ কথাও উল্লেখ কৰে সাংবাদিকসকলে ।