অসম

assam

সাংবাদিকসহ প্ৰাক্তন খণ্ড উন্নয়ন বিষয়াক আটক, ছুইচাইড নোটত আৰু কাৰ কাৰ নাম ? - BJP Leader Commited Suicide

By ETV Bharat Assamese Team

Published : 5 hours ago

Sonari BJP leader suicide case : পঞ্চায়ত সভাপতিৰ আত্মহত্যাৰ পিছতে সোণাৰিত আৰক্ষীয়ে আটক কৰিলে প্ৰাক্তন খণ্ড উন্নয়ন বিষয়াক ৷ আটক কৰিছে সংবাদকৰ্মীকো ৷ বৰ্তমানেও পলাতক হৈ আছে আত্মহত্যাৰ টোকাত নাম থকা সংবাদকৰ্মীৰ ৷

Sonari BJP leader suicide case
বিজেপি নেতাৰ আত্মহত্যাৰ পিচতে প্ৰাক্তন খণ্ড উন্নয়ন বিষয়াক আটক, আটক সাংবাদিককো (ETV Bharat Assam)

ডিব্ৰুগড়, ২০ ছেপ্টেম্বৰ :চৰাইদেউৰ বিজেপি নেতা তথা ৰজাপুখুৰী পঞ্চায়ত সভাপতিৰ আত্মহত্যাৰ ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ ৷ শুকুৰবাৰে ৰজাপুখুৰী পঞ্চায়তৰ সমীপতে থকা ৰাজহুৱা প্ৰেক্ষাগৃহত চৰম সিদ্ধান্ত গ্ৰহণ কৰিছিল দেৱজিৎ হাজৰিকাই । পুৱাই ঘটনা পোহৰলৈ অহাৰ পিছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

প্ৰথম অৱস্থাত কি কাৰণে এই ঘটনা পঞ্চায়তৰ সভাপতিগৰাকীয়ে কৰিলে সেয়া জানিব পৰা হোৱা নাছিল যদিও পঞ্চায়ত সভাপতিগৰাকীৰ আত্মহত্যাৰ বাবে পত্নীয়ে দোষাৰোপ কৰিছিল দুটা সংবাদ মাধ্যমৰ সাংবাদিকক ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছিল তদন্ত । চৰাইদেউ জিলা বিজেপিৰ জ্যেষ্ঠ নেতা তথা পঞ্চায়ত সভাপতিগৰাকীৰ ঘৰত থকা গাড়ীৰ ভিতৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ছুইচাইড নোট ৷ ছুইচাইড নোটত উল্লেখ কৰা হৈছে সংবাদ মাধ্যমৰ ব্যক্তিৰ নাম ।

বিজেপি নেতাৰ আত্মহত্যাৰ পিছতে প্ৰাক্তন খণ্ড উন্নয়ন বিষয়াক আটক, আটক সাংবাদিককো (ETV Bharat Assam)

টোকাটোত লিখা হৈছে- ‘‘বাৰে বাৰে বাতৰি পৰিৱেশন কৰি মানসিক হাৰাশাস্তি চলাই আহিছিল মোক । সঠিক ন্যায় বিচাৰি এই সিদ্ধান্ত ল’লো ৷’’ দুগৰাকী সাংবাদিকৰ নাম থকাৰ লগতে এজন প্ৰাক্তন BDO আৰু গুৱাহাটীৰ এজন আৰ টি আই কৰ্মীৰ নামো উল্লেখ আছে আত্মহত্যা টোকাটোত ৷ ইয়াৰ পিছতে আত্মহত্যা টোকাত উল্লেখ থকা ৪ গৰাকী লোকৰ বিৰুদ্ধে মৃত পঞ্চায়ত সভাপতিগৰাকীৰ পত্নীয়ে এজাহাৰ দাখিল কৰে সোণাৰি থানাত ।

পত্নীৰ এজাহাৰৰ ভিত্তিত অৱসৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া ৰঞ্জিৎ বুঢ়াগোঁহাইক আটক কৰে আৰক্ষীয়ে ৷ প্ৰাথমিক সোধাপোছাৰ বাবে সোণাৰি আৰক্ষী থানালৈ আৰক্ষীয়ে লৈ আনে আত্মহত্যাৰ টোকাত নাম থকা ৰঞ্জিৎ বুঢ়াগোঁহাইক ।

আনহাতে বিজেপি নেতাৰ আত্মহননৰ সৈতে সাঙোৰ খোৱা মহিলা সংবাদকৰ্মীগৰাকীকো আটক কৰা হৈছে ৷ পৰিস্মিতা ফুকন নামৰ সংবাদকৰ্মীগৰাকীক আটক কৰিছে আৰক্ষীয়ে ৷ পলায়নৰ চেষ্টা চলাওঁতেই আৰক্ষীয়ে সংবাদকৰ্মীগৰাকীক আটক কৰা বুলি জানিব পৰা গৈছে ৷ অভয়াপুৰৰ পৰা আটক কৰা হৈছে পৰিস্মিতা ফুকনক ৷ দেৱজিৎ হাজৰিকাই লিখা ছুইচাইড নোটত নাম আছিল পৰিস্মিতাৰ ।

ইফালে বিজেপি নেতাই চৰম সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ৷ ঘটনাৰ উচিত তদন্তৰো দাবী বিধায়কগৰাকীৰ । পঞ্চায়ত সভাপতিগৰাকী ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হ’ল বুলিও উল্লেখ কৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ৷ উল্লেখ্য যে জানিব পৰা অনুসৰি ৰজাপুখুৰী পঞ্চায়তৰ সভাপতি দেৱজিৎ হাজৰিকা চৰাইদেউ জিলা বিজেপিৰ এগৰাকী অতি সক্ৰিয় নেতা আছিল । ইতিমধ্যে পঞ্চায়তৰ কাৰ্যকাল শেষ হৈছে যদিও বিগত কেইটামান মাহৰ পৰা পঞ্চায়তৰ কিছু আঁচনিৰ কামক লৈ ৰাজ্যৰ এটা আগশাৰীৰ টেলিভিশ্যন চেনেল আৰু এটা প’ৰ্টেলে ধাৰাবাহিকভাৱে বাতৰি পৰিৱেশন কৰিছিল । জিলা আয়ুক্তই তদন্ত কৰিছিল যদিও তদন্তৰ কোনোধৰণৰ ফলাফল লাভ কৰা নাছিল পঞ্চায়ত সভাপতিগৰাকীয়ে । তাৰ পিছতো বাতৰি সম্প্ৰচাৰিত কৰি মানসিক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত হৈছে ।

লগতে পঢ়ক :কি কাৰণে আত্মহত্যা কৰিলে পঞ্চায়ত সভাপতিয়ে ?

ABOUT THE AUTHOR

...view details