যোৰহাট : জৰুৰীকালীন সেৱাৰ ভিতৰত অতি গুৰুত্বপূৰ্ণ অগ্নিনিৰ্বাপক বাহিনীৰ আধুনিকীকৰণৰ বাবে কোনো পদক্ষেপ লোৱা নাই চৰকাৰে । এই অভিযোগ যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ । দীপাৱলীৰ নিশা অগ্নিকাণ্ড সংঘটিত স্থানত উপস্থিত হৈ এই মন্তব্য কৰে সাংসদগৰাকীয়ে । ভুক্তভোগী পৰিয়ালক প্ৰয়োজনীয় সমৰ্থন আৰু সাহায্য প্ৰদানৰো আহ্বান জনায় সাংসদগৰাকীয়ে ।
অগ্নিকাণ্ড সংঘটিত অঞ্চল পৰিদৰ্শন গৌৰৱ গগৈৰ
শুকুবাৰে নিশা প্ৰায় ১২ বজাত যোৰহাটৰ এ টি ৰোডৰ ভোগদৈ মছজিদৰ সমীপত অগ্নিকাণ্ড সংঘটিত হৈছিল । য'ত এগৰাকী লোক নিহত হয় । শনিবাৰে উক্ত স্থান পৰিদৰ্শন কৰে যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে । লগতে ভুক্তভোগীসকলকো সাক্ষাৎ কৰে । ভুক্তভোগী পৰিয়ালৰ সদস্যসকলৰ সৈতে তেওঁ বাৰ্তালাপ কৰে আৰু সকলো সম্ভৱ সহায়ৰ আশ্বাস দিয়ে ।
পৰৱৰ্তী সময়ত সাংবাদিকৰ সন্মুখত সাংসদ গৌৰৱ গগৈয়ে কয়, "যিমান সোনকালে পাৰি অগ্নিকাণ্ডত সকলো হেৰুৱাই সৰ্বস্বান্ত হোৱা লোকসকলক শীঘ্ৰে ক্ষতিপূৰণ দিব লাগে । জুইত জাহ যোৱা গুৰুত্বপূৰ্ণ নথিপত্ৰসমূহ পুনৰ উলিয়াই দিয়াৰ ক্ষেত্ৰত প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰি লাগে বুলিও তেওঁ আহ্বান জনায় ।"