অসম

assam

ETV Bharat / state

কা বলৱৎ কৰাক লৈ যোৰহাট আছু আৰু যুৱ অধিবক্তাৰ প্ৰতিক্ৰিয়া - CAA Protest Assam

Jorhat AASU on CAA issue : শীঘ্ৰে বলৱৎ হ’ব নাগৰিকত্ব সংশোধনী আইন ৷ এই সন্দৰ্ভত যোৰহাট আছু আৰু যুৱ অধিবক্তাৰ প্ৰতিক্ৰিয়া ৷

কা বলৱৎ কৰাক লৈ যোৰহাট আছু আৰু যুৱ অধিবক্তাৰ প্ৰতিক্ৰিয়া
কা বলৱৎ কৰাক লৈ যোৰহাট আছু আৰু যুৱ অধিবক্তাৰ প্ৰতিক্ৰিয়া

By ETV Bharat Assamese Team

Published : Feb 29, 2024, 9:44 AM IST

কা বলৱৎ কৰাক লৈ যোৰহাট আছু আৰু যুৱ অধিবক্তাৰ প্ৰতিক্ৰিয়া

যোৰহাট, 29 ফেব্ৰুৱাৰী : নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা' শীঘ্ৰে সমগ্ৰ দেশজুৰি বলৱৎ কৰা হ'ব বুলি কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰাৰ লগে লগে যুদ্ধংদেহী ৰূপত সাজু হৈছে অসম চৰকাৰ । সেয়ে আৰক্ষীৰ ছুটীও সাময়িকভাৱে বাতিল কৰা হৈছে ৷ লগতে থানাসমূহত প্ৰতিবাদ প্ৰতিৰোধ কৰিব পৰাকৈ সামগ্ৰী মজুত ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে ৷

অসম চৰকাৰৰ এই নিৰ্দেশৰ পাচতে এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ অসম চৰকাৰে অসমবাসী ৰাইজৰ ক্ষোভ আৰু অভিমানৰ বহিঃপ্ৰকাশ দেখিছে ৷ যাৰ বাবে আৰক্ষী প্ৰশাসক সষ্টম হ’বলৈ নিৰ্দেশ দিছে বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে যোৰহাট জিলা সমিতিৰ আছুৰ সাধাৰণ সম্পাদক অৰ্জুন মণি ভূঞাই ।

লগতে তেওঁ কয়, ‘‘কা-ৰ জৰিয়তে অসমীয়া জাতিৰ সত্তাটোক চিৰদিনৰ বাবে পংগু কৰি দিব বিচৰা হৈছে ৷ কা বিৰুদ্ধে অসমবাসী ৰাইজৰ সহযোগত ছাত্ৰ সন্থাই আন্দোলন কৰি আহিছে আৰু কৰি থাকিব । ইতিমধ্যে কা ওপৰত সৰ্বোচ্চ ন্যায়ালয়ত গোচৰ চলি থকা পিচতো কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত কিয় গ্ৰহণ কৰিছে, সেয়া সহজে অনুমেয়’’ ৷

লগতে পঢ়ক :লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশত কাৰ্যকৰী হ’ব নাগৰিক (সংশোধনী) আইন !

ষষ্ঠ অনুসূচী আৰু ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্যৰ বাবে যদি কা বেয়া হয়, তেতিয়া হ’লে অসমৰ কাৰণে ই কিয় ভাল বুলিও প্ৰশ্ন কৰে যোৰহাট আছু সাধাৰণ সম্পাদক অৰ্জুন মণি ভূঞাই ।

আনহাতে, যুৱ অধিবক্তা ধ্ৰুৱ বৰুৱাই কয়, ‘‘কা যদি বলবৎ হয়, তেতিয়া হ’লে নিশ্চিতভাৱে অসমত আন্দোলনৰ এক পৰিৱেশ সৃষ্টি হ’ব । অসমীয়া ভাষা, কলা-সংস্কৃতিৰ প্ৰতি ভাবুকি থকা কা-খন অসমৰ ৰাইজৰ কথা চিন্তা কৰি অসমত প্ৰয়োজ্য কৰাৰ পৰা বিৰতি থকাটো উচিত । কা বলবৎ কৰা হ’ব বুলি কৰা ঘোষণা অতি দুৰ্ভাগ্যজনক ৷ কাৰণ কা বৰ্তমান উচ্চতম ন্যায়ালয়ৰ বিচৰাধীন হৈ আছে’’ ।

লগতে পঢ়ক :কা বলবৎ কৰিলে প্ৰতিবাদত নামিব আছু : শংকৰজ্যোতি বৰুৱা

ABOUT THE AUTHOR

...view details