জোনাই:“মামা আমি পঢ়িব বিচাৰো । আমাৰ বিদ্যালয়খন বচাই দিয়ক । আমি দুখীয়া ঘৰৰ লৰা ছোৱালী । আমাৰ বিদ্যালয়খন বচাই দিয়ক ।” জোনাইত নৱ-ৰ্নিমিত ৰাষ্ট্ৰীয় ঘাইপথে বিপদ কঢ়িয়াই অনা এখন প্ৰাথমিক বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীয়ে এইদৰে আহ্বান জনাইছে অসমৰ মুখ্যমন্ত্ৰীক । জোনাই মুৰ্কংচেলেক শিক্ষাখণ্ডৰ অধীনৰ কেদি চুবুৰী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ অসমৰ মুখ্যমন্ত্ৰীলৈ এই কাতৰ আহ্বান ।
কেদি চুবুৰী প্ৰাথমিক বিদ্যালয়খনলৈ বিপদ কঢ়িয়াই আনিছে নিৰ্মীয়মাণ ৰাষ্ট্ৰীয় ঘাইপথে । জোনাইত নতুনকৈ সম্প্ৰসাৰণ হৈ থকা ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাইপাছ অংশ এই কেদি চুবুৰী প্ৰাথমিক বিদ্যালয় গৃহৰ নিচেই কাষেৰে যোৱাত এতিয়া শংকিত হৈ পৰিছে বিদ্যালয়খনত অধ্যয়নৰত কণ কণ ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকল ।
নিৰ্মীয়মান ৰাষ্ট্ৰীয় ঘাইপথটি বিদ্যালয় গৃহটোৰ প্ৰায় ৪-৫ ফুট কাষেৰে যোৱাত বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ অধ্যয়নৰ পৰিৱেশ নোহোৱা আৰু নিৰাপত্তাহীনতাৰ কথা চিন্তা কৰি শংকিত হৈ পৰিছে অভিভাৱক তথা পৰিচালনা সমিতি ।