শংকৰদেৱ সংঘৰ জোনাই অধিৱেশন জোনাই, ২১ জানুৱাৰী : সহস্ৰাধিক ভকত বৈষ্ণৱৰ জয়ধ্বনিৰে মুখৰিত হ’ল ধেমাজি জিলাৰ জোনাই ৰতকে জয়মাগুৰি স্বৰ্গীয় টংকেশ্বৰ লালুং সমন্বয় ক্ষেত্ৰ । একপ্ৰকাৰে ভক্তিৰসত বিলীন হ’ল ৰতকে পথাৰৰ বাকৰি । আজি (দেওবাৰ) আছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ষষ্ঠদশ দ্বি-বাৰ্ষিক প্ৰাদেশীক অধিৱেশনৰ অন্তিম দিন ।
পুৱাই হাজাৰ হাজাৰ ভকত-বৈষ্ণৱৰ উপস্থিতিত উত্তোলন কৰে ধৰ্মধ্বজা । তাৰ পাচতে আঠ কিলোমিটাৰ দৈৰ্ঘৰ বিশাল শোভাযাত্ৰা বাহিৰ কৰা হয় ৷ এই বিশাল শোভাযাত্ৰাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ৷
উল্লেখ্য যে, যোৱা 19 জানুৱাৰীৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে জোনাইত অনুষ্ঠিত হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ষষ্ঠদশ দ্বি-বাৰ্ষিক প্ৰাদেশীক অধিৱেশন । অধিৱেশনৰ আজি তৃতীয় তথা অন্তিম দিন । সামৰণি অনুষ্ঠানত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সহস্ৰাধিক ভকত বৈষ্ণৱসকলে অংশগ্ৰহণ কৰে ।
অগণন লোকক সাক্ষী কৰি পুৱাই উত্তোলন কৰা হয় ধৰ্মধ্বজা । নৱ নিযুক্ত সংঘৰ পদাধিকাৰ যুগল হাজৰিকা আৰু প্ৰধান সম্পাদক মুক্তি টায়ে উত্তোলন কৰে ধৰ্মধ্বজা । অধিৱেশনৰ সামৰণিৰ দিনটোত ধৰ্মধ্বজা উত্তোলনেৰে এই কাৰ্যসূচী আৰম্ভ কৰা হয় ৷ ধৰ্মধ্বজা উত্তোলনৰ পাচতে হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিল স্বৰ্গীয় টংকেশ্বৰ লালুং সমন্বয় ক্ষেত্ৰ ।
খোল, মৃদং আৰু হৰি নামৰ ধ্বনিত একপ্ৰকাৰ দ্বিতীয় বৈকুণ্ঠলৈ পৰিণত হ'ল ৰতকে জয়মাগুৰি পথাৰৰ আকাশ বতাহ । পদাধিকাৰ আৰু মুখ্য উপদেষ্টা কলোৰাম পেগুৰ ভাষণৰ পাচতে স্বৰ্গীয় টংকেশ্বৰ লালুং ক্ষেত্ৰৰ পৰা উলিওৱা হয় এক বিশাল ভাগৱত শোভাযাত্ৰা তথা ভাগৱত ভ্ৰমণ । পাঁচ সহস্ৰাধিক লোকে অংশ লোৱা প্ৰায় আঠ কিলোমিটাৰ দৈৰ্ঘৰ বিশাল শোভাযাত্ৰাই সমগ্ৰ জোনাইবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় ৷
লগতে পঢ়ক :ড৹ হীৰেন গোহাঁয়ে বেলেগৰ কিতাপ নকল কৰি লিখে: হিমন্ত বিশ্ব শৰ্মা