অসম

assam

ETV Bharat / state

জলজীৱন সংকট : অসমত ৮ হাজাৰোধিক ঠিকাদাৰৰ দ্বাৰা ১৯,৫৫০ কোটি ব্যয়

JJM Controversy : অসমত জে জে এম সন্দৰ্ভত বিভ্ৰান্তিকৰ তথ্য প্ৰচাৰৰ অভিযোগেৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ স্পষ্টীকৰণ ৷

By ETV Bharat Assamese Team

Published : 5 hours ago

JJM Controversy
জে জে এম বিতৰ্ক সন্দৰ্ভত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ স্পষ্টীকৰণ ৷ (Assam Govt PHE Department)

গুৱাহাটী, ৭ অক্টোবৰ :জলজীৱন আঁচনিৰ কাম বন্ধ কৰাক লৈ ৰাজ্য চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ স্পষ্টীকৰণ । ৰাজ্যত জলজীৱন আঁচনিৰ কাম সাময়িকভাৱে ৰাজ্য চৰকাৰে বন্ধ কৰাৰ পাছত ৰাজ্যজুৰি ব্যাপক সমালোচনাৰ সন্মুখীন হৈছে চৰকাৰখন ৷ ঋণগ্ৰস্ত চৰকাৰে ঠিকাদাৰক ধন দিব নোৱৰাৰ বাবেই জলজীৱন আঁচনি সাময়িকভাৱে বন্ধ কৰা বুলি ক্ষুৰধাৰ সমালোচনা কৰিছে বিৰোধীয়ে ৷

অসমত জল জীৱন মিছন (JJM)ৰ অগ্ৰগতিত বাধা প্ৰদান কৰিবলৈ একাংশই বিভ্ৰান্তিকৰ তথ্য প্ৰচাৰ কৰা বুলি অভিযোগ তুলি জনস্বাস্থ্য কাৰিকৰী (PHE) বিভাগে এক স্পষ্টীকৰণ প্ৰকাশ কৰিছে । মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সামাজিক মাধ্যম Xত প্ৰকাশ কৰিছে এই স্পষ্টীকৰণ ৷

৮০০০ ৰো অধিক ঠিকাদাৰৰ জৰিয়তে ১৯,৫৫০ কোটি টকা ব্যয়

জনস্বাস্থ্য কাৰিকৰী (PHE) বিভাগে উল্লেখ কৰা অনুসৰি, ৰাজ্যখনৰ ২৫০০০ তকৈ অধিক গাঁৱত প্ৰায় ৭০ লাখ গ্ৰাম্য পৰিয়ালক এই আঁচনিত সামৰি লোৱাৰ প্ৰয়াস কৰা হয় । ৮০০০ ৰো অধিক ঠিকাদাৰৰ জৰিয়তে ১৯,৫৫০ কোটি টকা ব্যয় কৰি পাঁচ বছৰতকৈ কম সময়ৰ ভিতৰত এয়া কাৰ্যকৰী কৰা হৈছে ৷ কিন্তু ৰাজ্যৰ কিছু ঠাইত ঠিকাদাৰৰ বাবে প্ৰকল্পৰ বিলম্ব আৰু মানদণ্ডৰ সমস্যাৰ ক্ষেত্ৰতো কিছু পৰিমাণে প্ৰত্যাহ্বান থকাটো স্বাভাৱিক বুলি মন্তব্য জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ।

উল্লেখ্য যে অসমত ঐতিহাসিকভাৱে পূৰ্বৱৰ্তী চৰকাৰসমূহৰ দ্বাৰা বিশুদ্ধ খোৱাপানী যোগানৰ ক্ষেত্ৰত বিনিয়োগ তেনেই কম আছিল ৷ চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছে যে ৰাজ্যখনত বিগত পাঁচ বছৰৰ ভিতৰত প্ৰায় ৭০ লাখ গ্ৰাম্য পৰিয়ালক সামৰি লোৱাৰ লক্ষ্য বিশেষভাৱে গুৰুত্বপূৰ্ণ । এই অভূতপূৰ্ব প্ৰচেষ্টাই ৰাজ্যখনৰ গ্ৰাম্য খোৱাপানীৰ দৃশ্যপটক লক্ষণীয়ভাৱে পৰিৱৰ্তন কৰিছে বুলি চৰকাৰৰ দাবী ।

অসমত ৮১ শতাংশ কাম সম্পাদন হৈছে জলজীৱন আঁচনিৰ :

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ তৰফৰ পৰা কোৱা হৈছে যে ২০১৯ চনৰ ১৫ আগষ্টত জে জে এমৰ আৰম্ভণিৰ সময়ত অসমৰ গ্ৰাম্য জনসংখ্যাৰ মাত্ৰ ১.৬% লোকে ঘৰুৱা নল সংযোগ লাভ কৰিছিল । ইয়াৰ সংখ্যা আছিল মাত্ৰ ১.১ লাখ । এয়া ভাৰতৰ সকলো ৰাজ্যৰ ভিতৰত আটাইতকৈ কম সংখ্যা । কিন্তু কোভিড-19 আৰু বানপানীৰ দৰে প্ৰত্যাহ্বানসত্ত্বেও অসমৰ এই নল সংযোগৰ কাম নাটকীয়ভাৱে ৮১ শতাংশলৈ লৈ উন্নীত হৈছে ৷

নিৰ্ধাৰিত লক্ষ্য ৭০ লাখ ঘৰৰ ভিতৰত ৫৮.৩৫ লাখ নল সংযোগ কৰা হৈছে বুলি দাবী কৰিছে জলজীৱন আঁচনিৰ দায়িত্ববাহী বিভাগ অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে । অসমত বৰ্তমানৰ জলজীৱন আঁচনিৰ ৰূপায়ণে ৰাষ্ট্ৰীয় গড় ৭৮ শতাংশ অতিক্ৰম কৰিছে । ভাৰত চৰকাৰৰ ব্যাপক সমৰ্থন, ৫৮ লাখ গ্ৰাম্য পৰিয়ালৰ সহযোগিতা, ঠিকাদাৰৰ পেছাদাৰিত্ব আৰু সক্ৰিয় সম্প্ৰদায়ৰ অংশগ্ৰহণৰ বাবে এয়া সম্ভৱ হৈছে বুলি দাবী কৰিছে বিভাগটোৱে ।

প্ৰায় ১৩,৫০০ খন আঁচনি স্থানীয় সমিতিক হস্তান্তৰ

অসম চৰকাৰে বিবৃতিটোত কৈছে যে চলিত বিত্তীয় বৰ্ষত ইতিমধ্যে ১,৬০০ কোটি টকা মুকলি কৰা হৈছে আৰু নিৰ্দেশনা অনুসৰি সময়মতে কাম সম্পূৰ্ণ কৰি লক্ষ্য পূৰণ কৰা সকলো আঁচনিৰ বাবে পৰ্যাপ্ত পৰিমাণৰ পুঁজি জমা ৰখা হৈছে । আনহাতে, সমগ্ৰ ৰাজ্যত ২৭,০০০ তকৈও অধিক নল সংযোগ আঁচনি (পি ডব্লিউ এছ এছ) ৰূপায়ণ কৰি থকা হৈছে, ইয়াৰে ভিতৰত প্ৰায় ১৫,৭০০ খন আঁচনি সম্পূৰ্ণ হৈছে । ইয়াৰে প্ৰায় ১৩,৫০০ খন আঁচনি পানী ব্যৱহাৰকাৰী সমিতিক হস্তান্তৰ কৰা হৈছে ৷ আঁচনিবোৰৰ পৰিচালনা আৰু তত্ত্বাৱধানৰ বাবে দায়বদ্ধ সদস্যসকল আছে ।

সম্পূৰ্ণ হোৱা কামৰ বাবে ধন পৰিশোধ অব্যাহত থাকিব

২০১৯ চনৰ পৰা বৰ্তমানলৈকে, অসমত জে জে এমে কেন্দ্ৰীয় আৰু ৰাজ্যিক দুয়োটা অংশকে ধৰি ১৯,৫৫০.০২ কোটি ব্যয় কৰা হৈছে । চলিত বিত্তীয় বৰ্ষৰ বাবে, ৰাজ্যখনে ইতিমধ্যে দুটা খণ্ডত (এপ্ৰিল আৰু জুলাই, ২০২৪) কেন্দ্ৰীয় চৰকাৰৰ অংশ স্বৰূপে লাভ কৰা ১,৫৫৯.৬৩ কোটি টকাৰ সৈতে ৰাজ্যৰ অংশ মিলাই ঠিকাদাৰ আৰু অংশীদাৰসকলক মুকলি কৰি দিয়া হৈছে । পৰৱৰ্তী কিস্তি সোনকালেই আশা কৰা হৈছে আৰু প্ৰতিষ্ঠিত প্ৰক্ৰিয়া অনুসৰি সম্পূৰ্ণ হোৱা কামৰ বাবে ধন পৰিশোধ অব্যাহত থাকিব বুলি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ তৰফৰ পৰা কোৱা হৈছে ।

কিন্তু এতিয়া লক্ষণীয় হ’ব যে ৰাজ্য চৰকাৰে কেতিয়ালৈ অব্যাহত ৰাখিব জলজীৱন আঁচনিৰ সাময়িকভাৱে কাম বন্ধৰ প্ৰক্ৰিয়া ৷ কিমান দীঘলীয়া হ’ব জলজীৱন মিছনৰ এই বিৰতি ? জলজীৱনৰ কাম বন্ধৰ বিৰতি শেষ হ’লেহে পোহৰলৈ আহিব চৰকাৰে দাবী কৰা সাময়িকভাৱে কাম বন্ধ কৰাৰ আঁৰৰ কাৰণসমূহ কিমান দূৰ সঁচা ৷ ৰাজকোষ উদং বুলি বিৰোধীয়ে কৰা অভিযোগ সঁচা নে মিছা ?

লগতে পঢ়ক :আগতে JJM মানে আছিল জল জীৱন মিছন, এতিয়া JJM মানে হৈছে জয়ন্তৰ জেপত মানি: ভূপেন বৰা - Jal Jeevan Mission Assam
লগতে পঢ়ক :জল জীৱন অভিযানত স্থবিৰতা: কংগ্ৰেছক সমালোচনাৰ প্ৰত্যুত্তৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ - JJM scheme standstill

ABOUT THE AUTHOR

...view details