কাজিৰঙা, ৯ জুন :কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বৃহৎ জৈৱ বৈচিত্ৰৰ সুৰক্ষাৰ স্বাৰ্থত গিজগিজাই থকা তথাকথিত প্ৰকৃতি সংগঠনৰ চকুৰ সন্মুখতেই এইবাৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে ধ্বংস কৰিবলৈ ওলাইছে কাজিৰঙাত বন্যহস্তীৰ বিচৰণস্থলী আৰু স্থানীয় লোকৰ কৃষিভূমি । যদিও এই প্ৰকৃতি সংগঠনসমূহে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱ বৈচিত্ৰৰ সুৰক্ষা আৰু ইয়াৰ দাঁতিকাষৰীয়া জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ অজুহাতত লাভ কৰি আহিছে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বৃহৎ পুঁজি ৷ তাৰ পাচতো কিন্তু তেনেবোৰ প্ৰকৃতিপ্ৰেমী সংগঠনৰ নাকৰ তলতেই কাজিৰঙাত চলি আছে অবাধ প্ৰকৃতি আৰু বন্যজীৱকুলৰ বিচৰণ ক্ষেত্ৰৰ ধ্বংসযজ্ঞ ।
শেহতীয়াকৈ তেনে এক ঘটনায়েই পোহৰলৈ আহিছে কাজিৰঙাত । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু সমীপৰ কাৰ্বি পাহাৰৰ দাঁতিৰ ইনলে পথাৰৰ প্ৰায় ৬০ বিঘাৰো অধিক কৃষিভূমি, যি কাৰ্বি পাহাৰৰ পৰা নামি অহা বন্যহস্তীৰ পৰম্পৰাগত হস্তী ক'ৰিডৰ ৷ তাতেই নিৰ্মাণৰ যো-জা চলিছে ব্যক্তিগত খণ্ডৰ "গ্ৰেণ্ড হায়াট পঞ্চতাৰকা হোটেল"ৰ ।
তাৰ প্ৰস্তুতি মৰ্মেই এস্কে'ভেটৰ দি ভাঙি দিয়া হৈছে থলুৱা কৃষকৰ বাসগৃহ ৷ কৃষকৰ অনুপস্থিতিতেই বোকাখাত মহকুমা প্ৰশাসনে তেওঁলোকৰ বাসগৃহ নিৰ্মমভাৱে ভাঙি দিয়ে ৷ এই অভিযোগ উত্থাপন কৰিছে হাতীখলি-ৰঙাজানৰ কৃষকসকলে ।
উল্লেখযোগ্য যে, এই ভূমি অধিগ্ৰহণ সন্দৰ্ভত বোকাখাত মহকুমা প্ৰসাশনে বৰ্তমানলৈকে আইন অনুসৰি যি ৰাজহুৱা শুনানীৰ ব্যৱস্থা কৰিব লাগিছিল তাকো নকৰাৰ অভিযোগ উত্থাপন কৰে কৃষকসকলে । আনহাতে বোকাখাত মহকুমা প্ৰশাসনে দিয়া জাননী সন্দৰ্ভত স্থানীয় কৃষকসকলে মহকুমা প্ৰশাসনক সাক্ষাৎ কৰিবলৈ যাওঁতে এক কৌশলী স্থিতিহে গ্ৰহণ কৰাৰ অভিযোগ উঠিছে বোকাখাত মহকুমা প্ৰশাসনৰ বিৰুদ্ধে ।
উক্ত ইনলে পথাৰৰ বিস্তীৰ্ণ কৃষিপথাৰত বন্যহস্তীৰ লগত সহাৱস্থান কৰি হাতীখলি-ৰঙাজানৰ কৃষকসকলৰ ৪৫ টাৰো অধিক পৰিয়ালৰ প্ৰজন্মৰ পাচত প্ৰজন্মই কৰি আহিছে কৃষিকাৰ্য । তাৰোপৰি ই কৰ্বিপাহাৰৰ পৰা নামি অহা বন্যহস্তীৰ বিচৰণস্থলী হিচাপে পৰিচিত । গতিকে এই ইনলে পথাৰত বিলাসী "গ্ৰেণ্ড হায়াট পঞ্চতাৰকা হোটেল" নিৰ্মাণৰ লগে লগেই হাতীখলি-ৰঙাজানৰ কৃষকসকলে হেৰুৱাব পৈত্তিক ভূমিৰ অধিকাৰ ৷ লগতে বন্যহস্তীকূলে হেৰুৱাব পৰম্পৰাগত বিচৰণস্থলী ।