ধেমাজি, 20 মে’:ক্ষমতাই মূৰত ধৰিলে মানুহে আবোল-তাবোল বকে, মইমতালিৰে আনক নিজৰ বহতীয়া কৰিব খোজে ৷ এনে এক কাণ্ডই সংঘটিত কৰিছে চিলাপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে ৷ নিজ মহাবিদ্যালয়ৰ মহিলা কৰ্মচাৰীক মূৰত তিনিটাকৈ ফাইলেৰে প্ৰহাৰ কৰি ৰাইজৰ ৰোষৰ বলি হৈছে অধ্যক্ষগৰাকী ৷
অধ্যক্ষ ড৹ লক্ষীনাথ পেগুৰ বিৰুদ্ধে পূৰ্বতেও মহাবিদ্যালয়ৰ কৰ্মচাৰীক মানসিক আতিশয্য চলোৱাৰ বহু অভিযোগ উত্থাপিত হৈছিল ৷ পিছে ক্ষমতাৰে লালায়িত হৈ থকা অধ্যক্ষগৰাকীৰ বিৰুদ্ধে কোনেও বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰহে সাহস কৰা নাছিল ৷ এনে কথাৰ মাজতে শনিবাৰে অধ্যক্ষগৰাকীয়ে যেতিয়া মহিলা কৰ্মচাৰী এগৰাকীক প্ৰহাৰ কৰি চিকিৎসাধীন হ’বলগীয়া পৰিস্থিতিৰ সৃষ্টি কৰিলে, তেতিয়াহে গা লৰিল সকলোৰে ৷
তাৰেই পৰিপ্ৰেক্ষিতত অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ ভগ্নী সংগঠন জাতীয় মহিলা পৰিষদৰ ধেমাজি জিলা সমিতিয়ে অধ্যক্ষগৰাকীৰ বিৰুদ্ধে ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে তেওঁলোকে চিলাপথাৰ থানাত স্মাৰকপত্ৰ প্ৰদান কৰি মহাবিদ্যালয়খনৰ অধ্যক্ষগৰাকীৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী তোলে ৷ মহিলাৰ সুৰক্ষাৰ কথা কোৱা বিজেপি চৰকাৰৰ দিনত মহাবিদ্যালয় এখনত অধ্যক্ষৰ হাতত এগৰাকী মহিলা কৰ্মচাৰী প্ৰহৃত হোৱা কাৰ্য কেতিয়াও সহ্য কৰা নহ'ব বুলি প্ৰতিবাদকাৰীসকলে প্ৰকাশ কৰে ।